অসম সন্তান, ক্ৰীড়া বিজ্ঞানী ড০ ইক্ৰাম হুছেইনৰ উদ্ভাৱনীমূলক স্প্লিট স্প্ৰিণ্ট টাইমাৰে ছুইজাৰলেণ্ডৰ ঘড়ী নিৰ্মাতাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 6 Months ago
ক্ৰীড়া বিজ্ঞানী ড০ ইক্ৰাম হুছেইন
ক্ৰীড়া বিজ্ঞানী ড০ ইক্ৰাম হুছেইন
 
ইমতিয়াজ আহমেদ/ গুৱাহাটী
 
এথলেটিকছৰ ট্ৰেক ইভেণ্টত সময়ৰ হিচাপে ৰখাটো সমগ্ৰ বিশ্বতে এক বিতৰ্কৰ বিষয় হৈ আহিছে। এক ছেকেণ্ডৰ এশ ভাগৰ এভাগেও কেতিয়াবা এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। পায়’লী এক্সপ্ৰেছ নামেৰে পৰিচিত ভাৰতৰ প্ৰখ্যাত দৌৰবিদ পি টি উষাই ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৪০০ মিটাৰ হাৰ্ডলছত এক ছেকেণ্ডৰ এশ ভাগৰ এভাগৰ বাবে ব্ৰঞ্জৰ পদক হেৰুৱাইছিল। এই ঘটনাই তেতিয়াৰ ১০০ কোটি ভাৰতীয়ৰ হৃদয় ভাঙিছিল। ওমেগা, টিছট আদিৰ দৰে ছুইছ ঘড়ীৰ ব্ৰেণ্ড সমগ্ৰ বিশ্বৰ আধুনিক প্ৰতিযোগিতামূলক ক্ৰীড়া ক্ষেত্ৰত ব্যৱহৃত অগ্ৰণী টাইম কিপাৰ ডিভাইচ হিচাপে চিহ্নিত হৈ আহিছে। কিন্তু দশক দশক ধৰি অধিকাংশ ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতাতে চলি অহা স্প্লিট স্প্ৰিণ্ট টাইমিঙৰ নিখুঁততাক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হয়।
 
এনে সময়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ এটা দলে এনে এক উদ্ভাৱনীমূলক ডিভাইচ তৈয়াৰ কৰিছে, যিয়ে এথলেটিকছৰ ট্ৰেক ইভেণ্টত চলি থকা সময়ৰ বিতৰ্ক চিৰদিনৰ বাবে নোহোৱা কৰিব। অধ্যাপক ইক্ৰাম খান, অভিযন্তা আনন্দ আগৰৱালা, ড০ ইক্ৰাম হুছেইন আৰু ড০ ফুজেইল আহমদক লৈ গঠিত দলটোৱে সময় হিচাপ কৰা এটা নতুন যন্ত্ৰ প্ৰস্তুত কৰিছে। এই যন্ত্ৰই সম্পূৰ্ণ নিখুঁততাৰে এক চেকেণ্ডৰ এক শতাংশও ৰেকৰ্ড কৰিব পাৰে। এই উদ্ভাৱনে ২০২৩ চনৰ ৪ অক্টোবৰত নতুন দিল্লীৰ ইনটেলেকচুৱেল প্ৰ’পাৰটী (Intellectual Property Office) কাৰ্যালয়ৰ পৰা ‘স্প্লিট স্প্ৰিণ্ট টাইমাৰ’ শীৰ্ষক ৪৫৬৬৬৬ নম্বৰৰ পেটেণ্ট লাভ কৰে।
 
ক্ৰীড়াৰ বাবে নতুন টাইমিং ডিভাইচ প্ৰস্তুত কৰা এ এম ইউৰ দল -অধ্যাপক ইক্ৰাম হুছেইন, অধ্যাপক এক্ৰাম খান, ডাঃ ফজাইল আহমদ আৰু আনন্দ আগৰৱাল (ঘড়ীৰ কটাৰ দিশত)
 
উল্লেখ্য যে, স্প্লিট স্প্ৰিণ্ট টাইমাৰ হৈছে এজন খেলুৱৈয়ে দৌৰ সম্পূৰ্ণ কৰিবলৈ লোৱা সময় সম্পূৰ্ণ নিখুঁতভাৱে জোখাৰ বাবে ডিজাইন কৰা এটা বিশেষ যন্ত্ৰ। এই উদ্ভাৱনে কেৱল এথলেটিকছ ট্ৰেকতেই নহয়, সাঁতোৰ, হকী, ক্ৰিকেট, ফুটবল, ৰাগবী, হেণ্ডবল আদি ক্ৰীড়াটো প্ৰদৰ্শন উন্নত কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে।
 
এই উদ্ভাৱনে বিভিন্ন ক্ৰীড়াত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। যন্ত্ৰটোৰ কাৰ্য্যক্ষমতাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ অধ্যাপক ড০ ইক্ৰাম হুছেইনে কয় যে এই উদ্ভাৱনৰ উদ্দেশ্যে হৈছে timekeepingৰ বহু পুৰণি বিতৰ্ক দূৰ কৰা।
 
ৰাষ্ট্ৰীয় কৰ্মশালাত ডাঃ ইক্ৰাম হুছেইন (বাওঁফালে)
 
“Timekeeping যন্ত্ৰটোৱে সক্ৰিয়কৰণত লোৱা প্ৰতিক্ৰিয়াৰ (reaction) সময় বা প্ৰতিফলন (reflex) সময়ৰ বিষয়ে প্ৰায়ে প্ৰশ্ন উত্থাপন হয়। বিতৰ্ক সৃষ্টি হয় কাৰণ timekeeperএ দৃশ্যমান বা শ্ৰৱণ সংকেতৰ প্ৰতিক্ৰিয়াত কাম কৰে যাৰ ফলত ক্ষুদ্ৰ তাৰতম্য হয় যিটো খেলৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। আমি মডেল কৰা যন্ত্ৰটো খেলুৱৈজনে নিজেই চলায়। ইয়াক ষ্টাৰ্ট-বুটাম সক্ৰিয়কৰণ ভিত্তিত চলোৱা হয়।
 
যন্ত্ৰটো ষ্টাৰ্ট পেডত থাকে আৰু খেলুৱৈজনে এবাৰ হাত বা ভৰিখন তুলি ল’লেই যন্ত্ৰটো তৎক্ষণাত সক্ৰিয় হয়। ফিনিচ লাইনত ফটো-ফিনিচ ইনফ্ৰাৰেড ৰশ্মি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় য’ত ৰশ্মিটো বাধা পোৱাৰ লগে লগে যন্ত্ৰটো নিষ্ক্ৰিয় হৈ যায়। একাধিক ফিনিচ লাইনো প্ৰয়োগ কৰিব পাৰি।
 
আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ড০ ইক্ৰাম হুছেইন
 
“এইটো এটা বহু উপাদানৰ যন্ত্ৰ যিয়ে ষ্টাৰ্ট/ষ্টপ আৰু লেপ ফাংচনৰ সৈতে এটা ষ্টপৱাচ অন্তৰ্ভুক্ত আছে, আৰু এখন ডিজিটেল ডিছপ্লে আছে যিয়ে সময় আৰু সম্পূৰ্ণ হোৱা লেপৰ সংখ্যা দেখুৱায়। খেলুৱৈসকলে তাৎক্ষণিকভাৱে প্ৰদৰ্শনৰ বিষয়ে জানিব পাৰে। এই যন্ত্ৰটো বিভিন্ন খেলৰ সৈতে খাপ খুৱাব পৰা আৰু ই খেলুৱৈসকলক প্ৰদৰ্শন উন্নত আৰু অগ্ৰগতি বাবে আত্ম-নিৰীক্ষণ কৰাত সহায় কৰিব পাৰে।" - ড০ হুছেইনে আৱাজ-দ্য ভইচক কয়।
 
উল্লেখ্য যে, ড০ হুছেইনৰ ঘৰ অসমৰ দৰং জিলাৰ ডুমুনীচৌকীত। তেওঁ গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। গোৱালিয়ৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচনৰ পৰা হুছেইনে বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। 
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ডাঃ ইক্ৰাম হুছেইন (মাজত)
 
তেওঁ কয় যে এই উদ্ভাৱনী যন্ত্ৰটো ₹৫০০ৰ পৰা ₹৭০০ৰ ভিতৰত কিনিব পাৰিব আৰু ই লঘু আৰু সহজে বহনযোগ্য। ইয়াৰ দ্বাৰা বিভিন্ন খেলৰ হাজাৰ হাজাৰ প্ৰশিক্ষক আৰু খেলুৱৈ উপকৃত হ’ব পাৰে। বহুমুখী যন্ত্ৰটো ব্যৱসায়িকভাৱে উৎপাদন কৰিবলৈ কোনো নিৰ্মাতাই আগবাঢ়িছে নেকি বুলি সোধাত ড০ হুছেইনে কয় যে, "এই বিষয়ে ক’বলৈ এতিয়াও বহু সময় বাকী আছে। মাত্ৰ এমাহ আগতে আমাক পেটেণ্ট দিয়া হৈছে।”
 
প্ৰকল্পটোত তেওঁৰ সহযোগী আনন্দ আগৰৱালা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত উপগ্ৰহ উৎক্ষেপণৰ সৈতেও জড়িত। “তেওঁ আমাৰ বিশ্ববিদ্যালয়ৰ ৰ’ব’ ক্লাবৰ সদস্য যি আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত উপগ্ৰহ উৎক্ষেপণৰ সৈতে জড়িত। তেওঁ আমাক এই ডিভাইচটোৰ যান্ত্ৰিক দিশত সহায় কৰিছিল।"- ১৯৯০ চনৰ পৰা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ড০ হুছেইনে কয়।