২০৩০ৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতৰ নিবিদা দাখিল কৰাত কেন্দ্ৰৰ অনুমোদন

Story by  atv | Posted by  [email protected] • 7 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ২০৩০ চনৰ কমনৱেলথ গেমছ (চি ডব্লিউ জি) আয়োজনৰ বাবে ভাৰতৰ নিবিদা দাখিল কৰাত অনুমোদন জনাইছে। বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ভাৰতৰ উচ্চাকাংক্ষাক ই প্ৰতিফলিত কৰে। নিবিদাৰ সমান্তৰালভাৱে কেবিনেটে আয়োজক সহযোগিতা চুক্তি (Host Collaboration Agreement) স্বাক্ষৰ কৰাত অনুমোদন জনোৱাৰ লগতে নিবিদা গ্ৰহণ কৰিলে গুজৰাট চৰকাৰক অনুদান প্ৰদানৰ আশ্বাস দিয়ে।
 
আহমেদাবাদক আয়োজক চহৰ হিচাপে নিৰ্ধাৰণ কৰি বিষয়াসকলে ইয়াৰ বিশ্বমানৰ আন্তঃগাঁথনি, প্ৰশিক্ষণৰ সুবিধা, আৰু ক্ৰীড়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰিছে। বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম নৰেন্দ্ৰ মোডী ষ্টেডিয়ামে ইতিমধ্যে ২০২৩ চনত আইচিচিৰ পুৰুষৰ বিশ্বকাপৰ দৰে বিশ্বব্যাপী ইভেণ্ট আয়োজন কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে।
 
২০৩০ চনৰ গেমছত ৭২খন দেশে অংশগ্ৰহণ কৰিব। যাৰ ফলত দেশত বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি হ’ব, পৰ্যটন বৃদ্ধি হ’ব, আৰু ক্ৰীড়াৰ বাহিৰেও বিভিন্ন খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
ভাৰতে ২০২৬ চনৰ গেমছৰ পৰা বাদ পৰা কেইবাটাও পদক ইভেণ্ট ঘূৰাই আনি এক সমন্বিত কমনৱেলথ গেমছ আয়োজন কৰিবলৈও বিচাৰিব। ২০২৬ চনৰ গেমছৰ পৰা বাদ পৰা প্ৰধান পদক ইভেণ্টসমূহৰ ভিতৰত আছিল হকী, ক্ৰিকেট, বেডমিণ্টন, মল্লযুঁজ, টেবুল টেনিছ, ডাইভিং, ৰাগবী চেভেনছ, বিচ ভলীবল, মাউণ্টেন বাইকিং, স্কোয়াছ আৰু ৰিদমিক জিমনাষ্টিকছ। 
 
ভাৰতীয় অলিম্পিক সন্থাই ১৩ আগষ্টত অনুষ্ঠিত হোৱা বিশেষ সাধাৰণ বৈঠকৰ সময়ত দেশৰ নিবিদা আনুষ্ঠানিকভাৱে অনুমোদন কৰাৰ কিছুদিন পিছতে কেবিনেটে আজি ইয়াত অনুমোদন জনায়। ৩১ আগষ্টৰ সময়সীমাৰ বহু আগতেই আই অ’ এয়ে এই সিদ্ধান্ত চূড়ান্ত কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছিল।