নতুন দিল্লী
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ঐশ্বৰ্যশালী ক্ৰিকেট লীগ আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২৭ আগষ্টত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। অৱশ্যে বিশ্বৰ অন্য লীগসমূহ খেলাৰ মন মেলিছে ক্ৰিকেটাৰগৰাকীয়ে।
৩৮ বছৰীয়া অশ্বিনে কয় যে তেওঁ এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ আৰু টি-২০ লীগত খেলিবলৈ সাজু হৈছে। ২০০৯ চনত চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এল কেৰিয়াৰ আৰম্ভ হৈছিল অশ্বিনৰ। অশ্বিনে হালধীয়া জাৰ্চিতে আই পি এলৰ প্ৰথমখন মেচ খেলিছিল আৰু শেষৰখন মেচও চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছে।
২০২৫ চনৰ মেগা নিলামত চেন্নাই ছুপাৰ কিংছে ৯.৭৫ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল তাৰকা স্পীনাৰ অশ্বিনক। চেন্নাই ছুপাৰ কিংছ, ৰাইজিং পুনে ছুপাৰজায়েণ্টছ, কিংছ ইলেভেন পঞ্জাৱ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ দলৰ হৈছিল খেলিছিল অশ্বিনে। আইপিএলত কিংছ ইলেভেন পঞ্জাৱ(এতিয়া পঞ্জাৱ কিংছ) দলৰ নেতৃত্বও প্ৰদান কৰিছিল অশ্বিনে।
১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৰবিচন্দ্ৰন অশ্বিনে। বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিলে ৰবিচন্দ্ৰন অশ্বিনে।
উল্লেখযোগ্য যে, অশ্বিনে অৱসৰৰ পোষ্টত লিখিছে যে ‘‘কোৱা হয় যে প্ৰতিটো অন্তৰ লগে লগে নতুন আৰম্ভণি হয়। আই পি এলৰ ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি শেষ হৈছে, কিন্তু বিশ্বৰ বিভিন্ন লীগত খেলখন অন্বেষণ কৰাৰ সময় আজিৰ পৰা আৰম্ভ হৈছে।’’