খেলপথাৰত অপাৰেচন সেন্দূৰ; ৩ সপ্তাহত ভাৰতৰ হাতত ৪ বাৰ পৰাস্ত পাকিস্তান

Story by  atv | Posted by  [email protected] • 5 h ago
খেলপথাৰত অপাৰেচন সেন্দূৰ; ৩ সপ্তাহত ভাৰতৰ হাতত ৪ বাৰ পৰাস্ত পাকিস্তান
খেলপথাৰত অপাৰেচন সেন্দূৰ; ৩ সপ্তাহত ভাৰতৰ হাতত ৪ বাৰ পৰাস্ত পাকিস্তান
 
নতুন দিল্লী
 
দেওবাৰে আইচিচি মহিলা বিশ্বকাপত টীম ইণ্ডিয়াৰ হাতত পুনৰ পৰাস্ত হয় পাকিস্তান। ২১ দিনত ভাৰতৰ হাতত ৪ বাৰ হাৰিল পাকিস্তান। এছিয়া কাপত ১৪ ছেপ্টেম্বৰত ৭ উইকেট, ২১ ছেপ্টেম্বৰত ৬ উইকেট আৰু ২৮ ছেপ্টেম্বৰত এছিয়া কাপৰ ফাইনেলত ৫ উইকেটত মুখ থেকেচা খাইছিল পাকিস্তানে।
 
দেওবাৰে আইচিচি মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে ৮৮ ৰানত পৰাস্ত কৰে পাকিস্তানক। ভাৰতে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ২৪৭ ৰাণ। ৪৩ অভাৰত মাত্ৰ ১৫৯ ৰাণ কৰিয়েই অল আউট হয় পাকিস্তান।
 
ভাৰতীয় দলৰ ২৪৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি পাকিস্তানে মুনিবা আলী আৰু ছাদাফ ছামাছৰ সৈতে ইনিংছৰ আৰম্ভণি কৰে। পাকিস্তানৰ আৰম্ভণি আছিল নিৰাশাজনক, মুনিবাক ২ ৰাণত ৰাণ আউট কৰা হৈছিল। ইয়াৰ পিছতে ছামাছক ক্ৰান্তি গৌড়ে ৬ ৰাণত আউট কৰে। আলিয়া ৰিয়াজো ক্ৰান্তি গৌড়ৰ হাতত ২ ৰাণত আউট হয়।
 
ইয়াৰ পিছত ছিদ্ৰা আমিন আৰু নাটালিয়া পাৰভেজে ৬৯ ৰাণৰ অংশীদাৰিত্ব ভাগ কৰিছিল যদিও দুয়োৰে কোনোৱেই নিজৰ দলৰ হৈ মেচখন জয় কৰিবলৈ সক্ষম নহ’ল। নাটালিয়াই ৪৬টা বলত ৪টা চাৰিৰ সৈতে ৩৩ ৰাণ সংগ্ৰহ কৰে। ছিদ্ৰা আমিনে ১০৬টা বলত ৯টা চাৰি আৰু ১টা ছয়ৰ সৈতে ৮১ ৰাণ সংগ্ৰহ কৰি দলটোৰ সৰ্বোচ্চ স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। ভাৰতৰ হৈ ক্ৰান্তি গৌড় আৰু দীপ্তি শৰ্মাই তিনিটাকৈ উইকেট দখল কৰে আৰু স্নেহা ৰাণাই দুটাকৈ উইকেট দখল কৰে।
 
ইয়াৰ পূৰ্বে স্মৃতি মান্ধনা আৰু প্ৰতিকা ৰাৱলে টীম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰে। মান্ধনাই ২৩ ৰাণ সংগ্ৰহ কৰে। প্ৰতীকা ৰাৱলে ৩৭টা বলত ৫টা চাৰিৰে ৩১ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰলিন দেউলে ৬৫টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰি ৪টা চাৰি আৰু এটা ছয় মাৰে। অধিনায়ক হৰমনপ্ৰীত কৌৰে ১৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জেমিমাহ ৰড্ৰিগেজে ৩২ ৰাণ কৰি আউট হয়। দীপ্তি শৰ্মাই ২৫ ৰাণ আৰু স্নেহা ৰাণাই ২০ ৰাণৰ অৰিহণা যোগায়। ৰিচা ঘোষে ২০টা বলত ৩৫ ৰাণৰ অপৰাজিত ইনিংছ খেলি তিনিটা চাৰি আৰু দুটা ছয় মাৰে। পাকিস্তানৰ হৈ ডায়েনা বেইগে ৪ টা আৰু ফাতিমা ছানাই ২ টা উইকেট দখল কৰে।
 
ভাৰতৰ মহিলা ক্ৰিকেট দলেও সেন্দূৰৰ সন্মান ৰাখি প্ৰতিশোধ ল’লে পাকিস্তানৰ ওপৰত।