বাংলাদেশ ক্ৰিকেট ব'ৰ্ডত অস্থিৰতা; বৃহস্পতিবাৰৰ ভিতৰত সঞ্চালকে কৰিব লাগিব পদত্যাগ

Story by  atv | Posted by  [email protected] • 2 h ago
বাংলাদেশ ক্ৰিকেট দল
বাংলাদেশ ক্ৰিকেট দল
 
নতুন দিল্লী
 
এইবাৰ বাংলাদেশ ক্ৰিকেট ব'ৰ্ডত দেখা গৈছে অস্থিৰতা। বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ সঞ্চালক এম নাজমুল ইছলামৰ পদত্যাগ দাবী কৰিছে খেলুৱৈসকলে। নাজমুল ইছলামে পদত্যাগ নকৰিলে খেলুৱৈসকলে সকলো ধৰণৰ ক্ৰিকেট বৰ্জন কৰিব বুলিও বাংলাদেশ ক্ৰিকেট ব'ৰ্ডক সকীয়নি দিছে।
 
বাংলাদেশৰ ক্ৰিকেটাৰ কল্যাণ সংস্থাৰ (চিডব্লিউএবি) সভাপতি মহম্মদ মিথুনে কয় যে বি চি বিৰ সঞ্চালক নাজমুল ইছলামে বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালক 'ভাৰতৰ এজেণ্ট' বুলি কোৱাকে ধৰি ক্ৰিকেটাৰসকলৰ বিষয়ে কৰা বিভিন্ন বিতৰ্কিত মন্তব্যৰ বাবে খেলুৱৈসকলে তেওঁৰ পদত্যাগৰ দাবী জনাইছে।
 
বুধবাৰে এক সংবাদমেলত মিথুনে কয়, "বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ সঞ্চালক এম নাজমুল ইছলামে বৃহস্পতিবাৰে দুপৰীয়া ১ বজাৰ ভিতৰত পদত্যাগ কৰিব লাগিব। যদি তেওঁ পদত্যাগ নকৰে তেন্তে ক্ৰিকেটাৰসকলে সকলো ধৰণৰ ক্ৰিকেট বৰ্জন কৰিব। আলটিমেটাম হ'ল যে স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল) খেলখনৰ পূৰ্বে তেওঁ পদত্যাগ কৰিব লাগিব।"
 
ইয়াৰ পূৰ্বে বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালে বি চি বিৰ সঞ্চালক এম নাজমুল ইছলামক দুয়োখন দেশৰ মাজত ক্ৰিকেট সম্পৰ্কত বৰ্তমানৰ উত্তেজনা সমাধানৰ বাবে আহ্বান জনাইছিল। আই পি এলৰ পৰা মুস্তাফিজুৰ ৰহমানক মুকলি কৰাৰ বাবেই এই আহ্বান জনাইছিল ইকবালে।
 
টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত অনিশ্চয়তাৰ মাজতে প্ৰাক্তন অধিনায়ক তামিম ইকবালে কৈছিল যে বি চি বিয়ে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে, দেশৰ ক্ৰিকেটৰ স্বাৰ্থ আৰু ভৱিষ্যতক আগস্থানত ৰাখিব লাগে । ৯ জানুৱাৰীত চিটি ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হোৱা জিয়া আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন অনুষ্ঠানত তামিমে এই মন্তব্য কৰিছিল।
 
তামিম ইকবালে কৈছিল, "কোনো ৰাজহুৱা মন্তব্যৰ পূৰ্বে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত ব'ৰ্ডৰ ভিতৰত আভ্যন্তৰীণভাৱে আলোচনা কৰা উচিত, কিয়নো বক্তব্য প্ৰত্যাহাৰ কৰাটো কঠিন হ'ব পাৰে । বাংলাদেশ ক্ৰিকেটৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দি আৰু যিহেতু বেছিভাগ ধন আই চি চিৰ পৰাই আহে, গতিকে দেশৰ এই খেলবিধে কিহৰ দ্বাৰা উপকৃত হয়, তাৰ ওপৰত সিদ্ধান্ত লোৱা উচিত।"
 
কিন্তু ইকবালক ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় এজেণ্ট বুলি উপহাস কৰিছিল নাজমুল ইছলামে। বি চি বিৰ সঞ্চালকগৰাকীৰ এই মন্তব্যই দেশজুৰি ক্ৰিকেট অনুৰাগীসকলক ক্ষুব্ধ কৰি তুলিছে। লগতে তামিমৰ কেইবাগৰাকীও সতীৰ্থই ক্ষোভ প্ৰকাশ কৰিছে। তামিমৰ সমৰ্থনত মমিনুল হক, তাস্কিন আহমেদ আৰু টাইজুল ইছলামকে ধৰি খেলুৱৈসকলে ইটোৰ পিছত সিটোকৈ সামাজিক মাধ্যমত বিবৃতি প্ৰকাশ কৰি সঞ্চালকগৰাকীৰ মন্তব্যৰ প্ৰতিবাদ কৰিছে।
 
উল্লেখ্য যে, বাংলাদেশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভাৰত-বাংলাদেশৰ সম্পৰ্কও অৱনতি হোৱা দেখা যায়। বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছে। বিশেষকৈ বিশ্বৰ বৃহৎ ফ্ৰেঞ্চাইজি ক্ৰিকেট প্ৰতিযোগিতা আই পি এলৰ আয়োজক ভাৰতে বাংলাদেশী ক্ৰিকেটাৰক নিষিদ্ধ কৰে। মুস্তাফিজুৰ ৰহমানকো দলৰ পৰা মুকলি কৰি দিয়ে।
 
ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপত তেওঁলোকৰ দলৰ খেলৰ স্থান সলনি কৰাৰ আহ্বান জনালে। অন্যথা বাংলাদেশৰ দলে বিশ্বকাপ খেলিবলৈ নহাৰো হুংকাৰ দিছিল আই চি চিক। অৱশ্যে আই চি চিয়ে বাংলাদেশৰ সকলো আহ্বান নাকচ কৰে। তেনে সময়তে এতিয়া বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ সঞ্চালকৰ পদত্যাগৰ দাবীয়ে বিশ্ব ক্ৰিকেটত বিশেষ গুৰুত্ব বহন কৰিছে।