ঘৰমুৱা পাকিস্তান; জয়ী হৈও নাপালে ছেমি ফাইনেল

Story by  atv | Posted by  [email protected] • 16 h ago
ঘৰমুৱা পাকিস্তান; জয়ী হৈও নাপালে ছেমি ফাইনেল
ঘৰমুৱা পাকিস্তান; জয়ী হৈও নাপালে ছেমি ফাইনেল
 
নতুন দিল্লী
 
জয়ী হোৱাৰ পিছতো প্ৰতিযোগিতাত টিকি থাকিব নোৱাৰিলে পাকিস্তানে। অৱশেষত ২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল পাকিস্তান। ছুপাৰ-৮ পৰ্যায়ৰ অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিও পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশৰ চৰ্ত পূৰণ কৰিব নোৱাৰিলে।
 
ইয়াৰ ফলত তেওঁলোকৰ বিশ্বকাপ অভিযানৰ অন্ত পৰিল। পাকিস্তানৰ বাহিৰ হোৱাৰ লগে লগে গ্ৰুপ-২ৰ পৰা ইংলেণ্ডৰ পিছতে ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হ’ল নিউজিলেণ্ড।
 
ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ পাকিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে ৬৩ ৰানৰ ব্যৱধানত জয়ী হোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ উইকেটত ২১২ ৰান সংগ্ৰহ কৰে। লক্ষ্য আছিল শ্ৰীলংকাক কম স্ক’ৰত সীমাবদ্ধ কৰি নেট ৰান ৰেটত আগবাঢ়ি যোৱা। কিন্তু শেষত সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।
 
পাকিস্তানৰ হৈ পুনৰ দুৰ্দান্ত বেটিং কৰে চাহিবজাদা ফাৰহানে। প্ৰতিযোগিতাখনত তেওঁ দ্বিতীয় শতক অৰ্জন কৰে। ফখৰ জামানে তেওঁৰ সৈতে অনবদ্য বেটিং কৰে। ৬০টা বলত ১০০ ৰান কৰি চাহিবজাদা আউট হয়। তেওঁৰ ইনিংছত আছিল ৯টা চাৰি আৰু ৫টা ছয়। আনজন পাকিস্তানী অ’পেনাৰ ফখৰ জামানে ৪২টা বলত ৯টা চাৰি আৰু ৪টা ছয়ৰে ৮৪ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ দুগৰাকীয়ে ১৭৬ ৰানৰ উজ্জ্বল যুটী গঢ়ি তুলিছিল।
 
অৱশ্যে পাকিস্তানী অ’পেনাৰ দুজনৰ বাহিৰে আন কোনোৱে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। দৰাচলতে ফখৰৰ আউটৰ পিছত হঠাৎ পাকিস্তানৰ ইনিংছ ভাগি পৰে। অন্তিম চাৰিটা অভাৰত মাত্ৰ ৩৫ ৰানহে হয় আৰু ৭টা উইকেট পৰে। নিৰ্ধাৰিত ২০ অভাৰত পাকিস্তানে ৮ টা উইকেট হেৰুৱাই ২১২ ৰান সংগ্ৰহ কৰে।
 
শ্ৰীলংকাৰ ইনিংছৰ আৰম্ভণিতে পাকিস্তানে ভাল চাপ প্ৰয়োগ কৰিছিল। তেওঁলোকে দ্ৰুতগতিত উইকেট ল’লে। স্পিনাৰ আব্ৰাৰ আহমেদে ৩টা উইকেটৰে দলটোক পুনৰ যুঁজলৈ আনে। এনে লাগিছিল যেন পাকিস্তানে মেচখন নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু ইয়াৰ পিছতে শ্ৰীলংকাৰ অধিনায়ক দাছুন শানাকা আৰু পৱন ৰত্নায়কে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। দুয়ো মিলি মেচখনৰ গতি ঘূৰাই দিলে।
 
ৰত্নায়কে ৩৭টা বলত ৫৮ ৰান সংগ্ৰহ কৰে আৰু শনাকাই ৩১টা বলত ৭৬ ৰানৰ অপৰাজিত ইনিংছ খেলে। শেষত তেওঁলোকে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ২০৭ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৫ ৰাণত জয়ী হোৱাৰ পাছতো পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হয়।
 
মেচখনত পাকিস্তানে জয়লাভ কৰে যদিও বৃহৎ ব্যৱধানত জয়ী হ’ব নোৱাৰাৰ বাবে নেট ৰান ৰেটত পিছ পৰি ৰ’ল। পাকিস্তানৰ বলাৰসকলে যদি শ্ৰীলংকাক ১৪৭ ৰানত সীমাবদ্ধ কৰিব পাৰিলেহেঁতেন তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন। তেনে ক্ষেত্ৰত নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তানে নিউজিলেণ্ডক অতিক্ৰম কৰিলেহেঁতেন। কিন্তু যিহেতু সেয়া নহ’ল, সেয়েহে পাক ব্ৰিগেডৰ বাবে ছেমি ফাইনেলৰ সপোন শেষ হ’ল। আনহাতে এই ফলাফলৰ পৰা নিউজিলেণ্ড লাভৱান হয়।
 
ইফালে আজি ছেমি-ফাইনেলত প্ৰৱেশ কৰাৰ যুঁজত নামিব ৱেষ্ট ইণ্ডিছ আৰু ভাৰতে। এই খেলখনত যিটো দলেই জয়ী হয়, সেই দলটোৱে ছেমি-ফাইনেলত প্ৰৱেশ কৰিব।