ইতিহাস সৃষ্টি কৰি জম্মু- কাশ্মীৰে লাভ কৰিলে ৰঞ্জী ট্ৰফীৰ খিতাপ

Story by  atv | Posted by  [email protected] • 15 h ago
ইতিহাস সৃষ্টি কৰি জম্মু- কাশ্মীৰে লাভ কৰিলে ৰঞ্জী ট্ৰফীৰ খিতাপ
ইতিহাস সৃষ্টি কৰি জম্মু- কাশ্মীৰে লাভ কৰিলে ৰঞ্জী ট্ৰফীৰ খিতাপ
 
নতুন দিল্লী
 
দেশৰ ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে সন্ত্ৰাসজৰ্জৰ ৰাজ্য জম্মু- কাশ্মীৰে। প্ৰথমবাৰৰ বাবে লাভ কৰিলে খিতাপ দখলৰ সোৱাদ। এলা- পেছা প্ৰতিযোগিতা নহয়, সন্মানীয় ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰিলে দলটোৱে।
 
ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ ভেটি ৰঞ্জী ট্ৰফীৰ ইতিহাসত সংযোজিত হ’ল নতুন নাম জম্মু- কাশ্মীৰ। অত বছৰে কৰিব নোৱাৰা এই কাম কৰি দেখুৱালে ৪১ বছৰীয়া অধিনায়ক পাৰস ডোগ্ৰাই।
 
মুম্বাই, মধ্য প্ৰদেশ, দিল্লী, বেংগল আদিৰ দৰে দলক পৰাস্ত কৰি উপনীত হৈছিল ফাইনেলত। ফাইনেলৰ সমুখ সমৰত আছিল ৮বাৰৰ চেম্পিয়ন কৰ্ণাটক। কে এল ৰাহুল, মায়ংক আগৰৱাল, প্ৰসিদ্ধ কৃষ্ণ, দেৱদত্ত পাডিকলৰ দৰে ভাৰতীয় জাতীয় দলৰ তাৰকাসম্বৃদ্ধ দলটোক পৰাস্ত কৰি ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী খিতাপ দখল কৰে জম্মু- কাশ্মীৰে।
 
উল্লেখযোগ্য যে, দলটোৰ এই সফলতাৰ মূলতে হৈছে প্লেয়াৰ অৱ দা ছিৰিজৰ সন্মান লাভ কৰা আকিব নৱীৰ দৰ্শনী বলিং আক্ৰমণ। প্ৰতিযোগিতাত তেওঁ দখল কৰে ৬০ টা উইকেট।
 
উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ ফাইনেলত জম্মু- কাশ্মীৰে প্ৰথম ইনিংছত কৰিছিল ৫৮৪ ৰান আৰু দ্বিতীয় ইনিংছত কৰিছিল ৩৪২ ৰান। ইফালে কৰ্ণাকটকে প্ৰথম ইনিংছত কৰিছিল ২৯৩ ৰান।