টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচ বৰ্জনৰ সিদ্ধান্তত অসন্তুষ্ট বাংলাদেশ
নতুন দিল্লী
টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ মেচখন পাকিস্তানৰ বৰ্জনৰ সিদ্ধান্তই বিশ্ব ক্ৰিকেটক একপ্ৰকাৰ সংকটত পেলাইছে। ৰাজনীতি, ইতিহাস আৰু পুৰণি প্ৰতিদ্বন্দ্বিতা একাষৰীয়া কৰি থ’লেও, ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনেই ক্ৰিকেট জগতত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে।
ভাৰত-পাকিস্তানৰ এই টি-২০ মেচখনৰ বাণিজ্যিক মূল্য প্ৰায় ৫০০ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৪,৫০০ কোটি টকা) বুলি ধৰা হয়। ইয়াৰ ভিতৰত সম্প্ৰচাৰৰ অধিকাৰ, বিজ্ঞাপন, স্পনচৰশ্বিপ, টিকট বিক্ৰী আৰু অন্যান্য বাণিজ্যিক কাম-কাজ অন্তৰ্ভুক্ত হৈ আছে।
কেৱল ভাৰত বা পাকিস্তানেই এই মেচখনৰ পৰা লাভান্বিত নহয়। যিহেতু এই দুয়োটা দলে কেৱল আইচিচি (ICC) আৰু মহাদেশীয় টুৰ্ণামেণ্টতহে মুখামুখি হয়, সেয়েহে এই মেচখনৰ পৰা উপাৰ্জন হোৱা ৰাজহৰ এটা ডাঙৰ অংশ ICC-এ লাভ কৰে। পিছলৈ ICC-এ সেই লাভৰ অংশ নিজৰ সহযোগী সদস্য দেশসমূহৰ মাজত বিতৰণ কৰি দিয়ে।
প্ৰণিধানযোগ্য যে, বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ (BCB) এটা অংশই পাকিস্তানৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে। আচলতে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বাদ দিয়াৰ প্ৰতিবাদ জনাইহে পাকিস্তানে ভাৰতৰ সৈতে মেচ বৰ্জন কৰা বুলি চৰ্চা চলিছে। বাংলাদেশে তেওঁলোকৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰ কৰাটো বিচাৰিছিল, কিন্তু আইচিচিয়ে সেয়া নকৰি বাংলাদেশৰ ঠাইত স্কটলেণ্ডক টুৰ্ণামেণ্টত অন্তৰ্ভুক্ত কৰে।
বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান 'প্ৰথম আলো'ৰ সৈতে নাম প্ৰকাশ নকৰাৰ চৰ্তত কথা পাতি এজন জ্যেষ্ঠ বিচিবি সঞ্চালকে কয়ঃ "যদি ভাৰত-পাকিস্তানৰ মেচখন নহয়, তেন্তে সমগ্ৰ ক্ৰিকেট বিশ্বই আৰ্থিক লোকচানৰ সন্মুখীন হ’ব। আনকি আমি লাভ কৰা লভ্যাংশও হ্ৰাস পাব। আমি এনেকুৱা লোকচান হোৱাটো কেতিয়াও বিচৰা নাছিলো।"
বিষয়াজনে লগতে কয় যে পাকিস্তানৰ এই পদক্ষেপৰ আঁৰৰ উদ্দেশ্য অতি স্পষ্ট। তেওঁৰ মতে, পাকিস্তানে ভাৰতীয় ক্ৰিকেটক এটা শক্তিশালী বাৰ্তা দিব বিচাৰিছে আৰু ভাৰতৰ আধিপত্যক প্ৰত্যাহ্বান জনাব খুজিছে। সেই দৃষ্টিকোণৰ পৰা এই সিদ্ধান্তটো যুক্তিপূৰ্ণ হ'ব পাৰে।
একেটা প্ৰতিষ্ঠানৰ সৈতে কথা পাতি আন এজন বিষয়াই আইচিচিৰ ৰাজহ হ্ৰাস পোৱাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আইচিচিৰ কেন্দ্ৰীয় পুঁজিৰ ওপৰত পৰিব। কেনিয়া বা উগাণ্ডাৰ দৰে দেশসমূহ ১-২ লাখ ডলাৰ পালেই সন্তুষ্ট হ’ব পাৰে, কিন্তু বাংলাদেশৰ দৰে এখন দেশে আইচিচিৰ পুঁজি হ্ৰাস পালে কেনেকৈ তিষ্ঠি থাকিব, তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।