৯২ বছৰৰ অভিলেখ অটুট ৰাখিলে ব্ৰাজিলে; বিশ্বকাপৰ প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ'

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নিউ জাৰ্ছী
 
শনিবাৰে বিশ্বকাপৰ গ্ৰুপত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ আৰু হাই প্ৰফাইল মেচত ৩২ মিনিটত ভিনিচিয়াছ জুনিয়ৰে সমতা স্থাপন কৰে আৰু ৫ বাৰৰ চেম্পিয়ন ব্ৰাজিলে মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্র’ত সমাপ্ত হয় ৷ ইয়াৰ লগতে ব্ৰাজিলে ফিফা বিশ্বকাপৰ প্ৰথমখন মেচ কেতিয়াও পৰাস্ত নোহোৱাৰ ৯২ বছৰীয়া অভিলেখ বজাই ৰাখিছে। দুয়োটা দলে এক-এককৈ পইণ্ট লাভ কৰে।
 
প্ৰথমাৰ্ধত মৰক্কোৱে সুযোগৰ পিছত সুযোগৰ সৃষ্টি কৰিছিল আৰু আৰু ২১ মিনিটত ইছমাইল ছাবাৰীয়ে আফ্ৰিকান চেম্পিয়ন দলটোক অগ্ৰগতি প্ৰদান কৰি ১৯৩৪ চনৰ পৰা উদ্বোধনী মেচখনত ব্ৰাজিলৰ গৌৰৱময় জয়ৰ ধাৰাটোক বিপদত পেলাইছিল৷ কিন্তু মাত্ৰ ১১ মিনিটৰ পিছতে ভিনিচিয়াছ জুনিয়ৰে সমতা স্থাপন কৰে৷ 
দ্বিতীয়াৰ্ধৰ পিছত মৰক্কো আৰু ব্ৰাজিল দুয়োটা দলে দ্বিতীয়টো গ’ল দি অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰাজিলে বলটো ৰাখি বিজয়ী গ’লটো দিয়াৰ সুযোগ বিচাৰিছিল যদিও মৰক্কো পিছ পৰি নাথাকিল। শক্তিশালী প্ৰতিৰক্ষা আৰু দ্ৰুত প্ৰত্যাক্ৰমণৰ জৰিয়তে তেওঁলোকে হেঁচা বজাই ৰাখিছিল।
 
মেচখনৰ অন্তিম মুহূৰ্তত ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো এঞ্চেল’টিয়ে জয় নিশ্চিত কৰাৰ বাবে দলটোত কেইটামান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰে। তেওঁ নতুন খেলুৱৈক আনি গ’ল দিয়াৰ চেষ্টা চলাই যদিও মৰক্কোৰ শক্তিশালী ডিফেন্সৰ বিৰুদ্ধে তেওঁলোক সকলো প্ৰচেষ্টা ব্যৰ্থ হয়।
 
নিৰ্ধাৰিত খেলৰ ৯০ মিনিট শেষ হোৱাৰ পিছত ৰেফাৰীয়ে ১০ মিনিটৰ অতিৰিক্ত সময় দিয়ে৷ এই সময়ছোৱাত ব্ৰাজিলে কেইবাজনো খেলুৱৈক আগলৈ পঠাই গ’ল কৰাৰ চেষ্টা কৰিছিল যদিও মৰক্কোৰ খেলুৱৈসকলে প্ৰতিটো আক্ৰমণ বিফল কৰিছিল। অৱশেষত অতিৰিক্ত সময়ৰ শেষত মেচখন ১-১ গ’লত সমাপ্ত হয় আৰু দুয়োটা দলে ১-১ পইণ্ট লাভ কৰে।
 
ব্ৰাজিলৰ পৰৱৰ্তী মেচ ২০ জুনত হাইটি আৰু ২৫ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে হ’ব, আনহাতে মৰক্কোৰ পৰৱৰ্তী মেচ ২০ জুনত স্কটলেণ্ড আৰু ২৫ জুনত হাইটিৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব।