ব্রাজিল ফুটবলৰ বিশ্বময় বালক: এস্তেভাও উইলিয়ান

Story by  atv | Posted by  Munni Begum • 9 Months ago
এস্তেভাও উইলিয়ান
এস্তেভাও উইলিয়ান
 
ৰিঅ' ডি জেনেইৰো
 
মেচৰ গতি-প্রকৃতি বুজি সঠিক সময়ত নির্ভুল সিদ্ধান্ত ল'ব পৰা দক্ষতাৰ বাবেই ১৭ বছৰ বয়সতে এস্তেভাও উইলিয়ানক এতিয়াই ব্রাজিল ফুটবলৰ ভৱিষ্যতৰ সম্পদ হিচাপে চিহ্নিত কৰা হৈছে। সহজাত গুণসমূহৰ উপৰি উইলিয়ানৰ দুভৰিত আছে অসাধাৰণ ড্রিবলিঙৰ ক্ষমতা। এনে সামর্থ্যৰ বাবেই উইলিয়ানক বহুতেই মেছিনিও (সক মেছি)ৰ আখ্যা দিছে। মেছিৰ দৰেই প্রতিভা, ব্রাজিলৰ এই বিস্ময় বালকৰ নাম সেয়ে মেছিনিও। 
 
ব্রাজিলৰ এই সৰু মেছিক অৱশেষত জাতীয় দললৈ আমন্ত্রণ জনালে প্রশিক্ষক দৰিভাল জুনিয়ৰে। অহা ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে ২০২৬ ফিফা বিশ্বকাপৰ দক্ষিণ আমেৰিকা অঞ্চলৰ যোগ্যতা নির্ণয় পর্বত ব্রাজিলে দুখন মেচ খেলিব। ইকুৱেডৰ আৰু পাৰাগুৱেৰ বিৰুদ্ধে মেচ দুখনৰ বাবে দৰিভাল জুনিয়ৰে ঘোষণা কৰা ২৩ জনীয়া দলত স্থান লাভ কৰিছে উইলিয়ানে। দুয়োখন মেচেই ব্রাজিলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। 
 
এইপর্যন্ত ৬ খন মেচ খেলি মাত্র ৭ পইণ্টেৰে ব্রাজিল আছে তালিকাৰ ষষ্ঠ স্থানত। এই অঞ্চলৰ পৰা ৬টা দলে পোনপটীয়াভাৱে বিশ্বকাপত খেলিব। সপ্তম স্থানত থকা দলটোৱে যোগ্যতাৰ বাবে খেলিব লাগিব আন্তঃমহাদেশীয় প্লে অফ। ঘোষিত দলটোত নাই কেইবাগৰাকী জ্যেষ্ঠ তাৰকা। বাদ পৰিছে গেব্রিয়েল জিছাছ, বিচাৰ্লিছন, কাছেমিৰোৰ দৰে খেলুৱৈ। উইলিয়ানৰ উপৰি দলত আছে ফ্লেমেংগোৰ শীৰ্ষ গ'লদাতা পেড্রো। ফৰৱাৰ্ড লাইনত আছে ৰড্রিগো, ভিনিছিয়াছ জুনিয়ৰ, ছাভিনিও, এনড্রিক আৰু লুইছ হেনৰিক।