ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ইতিহাস ৰচিলে অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই

Story by  Mukut Sarma | Posted by  [email protected] • 9 Months ago
ইতিহাস সৃষ্টিৰ পিছত অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকা
ইতিহাস সৃষ্টিৰ পিছত অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকা
 
মুকুট শৰ্মা / গুৱাহাটী

দীৰ্ঘ অপেক্ষাৰ অন্তত অৱশেষত ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰি ইতিহাস ৰচিছে অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই। ইংলেণ্ডৰ ছেম্পফায়াৰৰ পৰা ফ্ৰান্সৰ কেলিছ আৰু তাৰ পৰা পুনৰ ইংলেণ্ডলৈ মুঠ ৭৮ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে সাঁতুৰি পাৰ হৈ অসমৰ তাৰকা সাতোঁৰবিদগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ লগতে দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছে। 
 
'আৱাজ দ্য ভইচ'ক এই কথা জানিবলৈ দি এলভিছ আলী হাজৰিকাই কয় যে আজিৰ দিনটোৰ বাবে তেওঁ বহু বছৰ ধৰি আগ্ৰহেৰে অপেক্ষা কৰিছিল আৰু অৱশেষত ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰি শৈশৱৰ সপোন সাৰ্থক কৰিলে।  
 
"বহুদিনৰ পৰা এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো। বহু ত্যাগ, কষ্ট, পৰিশ্ৰম আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰা অনুশীলনৰ অন্তত মোৰ দীৰ্ঘদিনীয়া সপোনে আজি সাৰ্থকতা লাভ কৰিছে। ইংলেণ্ডৰ পৰা প্ৰায় ৩১ঘন্টা সময় সাঁতুৰি ইংলিছ চেনেল TWO-WAYS পাৰ হোৱা প্ৰথমজন অসমীয়া ( উত্তৰ পূৱ) হোৱাৰ গৌৰৱ অৰ্জন কৰিছো। ইংলেণ্ডৰ ছেম্ফিয়াৰৰ পৰা ফ্ৰান্সৰ কেলিছ আৰু তাৰ পৰা পুনৰ ইংলেণ্ডলৈ মুঠ ৭৮ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে সাঁতুৰি পাৰ হ'লো। বহু প্ৰত্যাহ্বানৰ মাজেৰে আমি এই জটিল পথছোৱা পাৰ হ’বলগীয়া হৈছিল। বিশেষকৈ প্ৰতিটো ক্ষণতে আমাক জেলিফিছ, ডলফিন, ছিল, সাগৰৰ লুণীয়া পানী, প্ৰচণ্ড সোঁত, প্ৰতিকূল বতৰে বাধা দিছিল।"-এলভিছ আলী হাজৰিকাই এইদৰে কয়। 
 
এলভিছৰ শৰীৰৰ বিভিন্ন স্থানত জেলিফিছৰ কাইটে আঘাত কৰাৰ দৃশ্য
 
এই ঐতিহাসিক সাফল্যৰ বাবে প্ৰখ্যাত সাঁতোৰবিদজনে অসমবাসীক ধন্যবাদ জনাইছে। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ ফলতে তেওঁ ইংলিছ চেনেল সফলতাৰে পাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। পশ্চিম বংগৰ ৰিমু সাহাৰ সৈতে একেলগে তেওঁ ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰে।
 
উল্লেখ্য যে, ইংলিছ চেনেল সাতুৰিবলৈ এয়া তেওঁৰ দ্বিতীয়টো প্ৰচেষ্টা আছিল। ২০১৮ চনত তেওঁ প্ৰথম প্ৰচেষ্টা চলাইছিল যদিও শেষ মুহূৰ্তত ব্যৰ্থ হৈছিল। ইংলিছ চেনেল পাৰ হ'বলৈ মাত্ৰ ১১ কিলোমিটাৰ বাকী থকা অৱস্থাত তেওঁ উভতি আহিবলগীয়া হৈছিল। পৰ্যাপ্ত অনুশীলনৰ বাবে এই অভিযানত তেওঁ ব্যৰ্থ হৈছিল।
 
 
ইয়াৰ পূৰ্বে তেওঁ ২০২২ত নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হৈছিল। এলভিছে ২০১৯ চনত তিমি-চাৰ্ক-চীল-ডলফিনেৰে ভৰি থকা কেটালিনা চেনেলো (আমেৰিকা যুক্তৰাষ্ট্ৰ) সাতুঁৰি পাৰ হ'বলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ মহামাৰী-পীড়িত ২০২০ আৰু ২০২১ চনত একেৰাহে দুবাৰ মুম্বাই উপকূলত আৰৱ সাগৰ সাঁতুৰিছিল।
 
মাত্ৰ সাত বছৰ বয়সতে প্ৰতিযোগিতামূলক সাঁতোৰ আৰম্ভ কৰা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে কেৰিয়াৰত প্ৰায় ২৩ টা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল আৰু আন্তৰ্জাতিক ক্ষেত্ৰত ২০ টাকে ধৰি প্ৰায় ৬৮ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 
 
 
অসমৰ হৈ ইমানখিনি সাফল্য অৰ্জনৰ পিছতো সন্মানীয় অৰ্জুন বঁটা লাভ নকৰাক লৈ এলভিছ আলী হাজৰিকাই 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাতকাৰত আক্ষেপ প্ৰকাশ কৰিছিল।