নৰ্থ চেনেল সাঁতুৰি পাৰ হ'ল এলভিছ আলী হাজৰিকাই; উত্তৰ-পূবৰ প্ৰথম

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
নৰ্থ চেনেল পাৰ হোৱাৰ পিছত ত্ৰিৰংগা আৰু (সোঁফালে) গামোচাৰ লৈ এলভিছ আলী হাজৰিকা মঙলবাৰে
নৰ্থ চেনেল পাৰ হোৱাৰ পিছত ত্ৰিৰংগা আৰু (সোঁফালে) গামোচাৰ লৈ এলভিছ আলী হাজৰিকা মঙলবাৰে
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
মহানগৰীৰ ভৰলুমুখ অঞ্চলৰ হাজৰিকা পৰিয়ালৰ একমাত্ৰ বোৱাৰী প্ৰণামী হাজৰিকাৰ বাবে জন্মদিনৰ উপহাৰ ইয়াতকৈ ভাল আৰু একো হ’ব নোৱাৰে। জন্মদিনৰ পুৱাই সাৰ পাই প্ৰণামীয়ে বাতৰি লাভ কৰিলে যে তেওঁৰ স্বামী এলভিছ আলী হাজৰিকাই উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে গ্ৰেট ব্ৰিটেইনৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হৈছে। 
 
এই কৃতিত্ব অৰ্জন কৰা তেওঁ ভাৰতৰ সবাতোকৈ বয়সস্থ সাঁতোৰবিদ। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ বিপজ্জনক চেনেলটো সাঁতুৰি পাৰ হোৱা এছিয়াৰ প্ৰথমজন ৰিলে সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছে এইগৰাকী প্ৰবীণ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ।
৪০ বছৰীয়া দুঃসাহসিক সাঁতোৰবিদগৰাকীয়ে মঙলবাৰে ভয়ংকৰ ঠাণ্ডা পানী আৰু হুলযুক্ত জেলিফিছৰ প্ৰত্যাহ্বান নেওচি ১৪ ঘণ্টা ৩৮ মিনিট সময় সাঁতুৰি নৰ্থ চেনেল পাৰ হোৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰে। তেওঁ সাঁতুৰি থকা সময়ছোৱাত জলপৃষ্ঠৰ উষ্ণতা আছিল ১২ৰ পৰা ১৪ ডিগ্ৰী চেণ্টিগ্ৰেড।  
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত এলভিছে কয়, “নৰ্থ চেনেল অতিক্ৰম কৰাটো মোৰ এক দীঘলীয়া পৰিকল্পনা আছিল। মই ইয়াক কৰি দেখুৱালো। কিন্তু, এই অভিযান অতি প্ৰত্যাহ্বানজনক আছিল। জেলিফিছে মোৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে ডাকিছে। ভালদৰে সুস্থ হৈ উঠিবলৈ ৩-৪ দিন লাগিব।”
 
নৰ্থ চেনেলত সাঁতোৰৰ সময়ত এলভিছ আলী হাজৰিকা
 
দুঃসাহসিক অভিযানৰ পূৰ্বে চেনেলটোত ২০ দিনীয়া অভ্যস্তকৰণৰ সময়ত এলভিছে জেলিফিছৰ দংশনৰ বাবে সাজু হৈছিল যেতিয়া তেওঁ বৃহৎ পৰিমাণে জীৱটোৰ সন্মুখীন হৈছিল।
ইয়াৰ পূৰ্বে তেওঁ সামাজিক মাধ্যমত এটা বাৰ্তা দি কয় যে, "মই বহুদিনৰ পৰা এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো। বহু চেষ্টা আৰু পৰিশ্ৰমৰ অন্তত অৱশেষত মই সফলতাৰে নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়া (উত্তৰ-পূবৰো প্ৰথম) ব্যক্তি হৈ পৰিছো। আমি বহুত প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। বিশেষকৈ সাঁতুৰি থকা গোটেই সময়ছোৱাত আমাক বিশাল জেলিফিছবোৰে বিন্ধি আছিল!
“আমি নৰ্থ চেনেল পাৰ হোৱা প্ৰথমটো এছিয়ান ৰিলে দল আৰু মই ভাৰতৰ প্ৰথমজন বয়সস্থ সাঁতোৰবিদ যিয়ে ১৪ঘন্টা ৩৮মিনিট সময় লৈ নৰ্থ চেনেল পাৰ হৈছো। অৱশেষত এটা সপোন বাস্তৱায়িত হ'ল আৰু সকলো ভাৰতীয় তথা অসমীয়া জনসাধাৰণৰ বাবে এয়া এক গৌৰৱময় মুহূৰ্ত। মোৰ সকলো বন্ধু-বান্ধৱী, পৰিয়াল, বিশেষকৈ প্ৰণামী (পত্নী) আৰু প্ৰেছলী (পুত্ৰ)লৈ ধন্যবাদ, আপোনালোকৰ সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম,” এলভিছে কয়। 
এই কৃতিত্ব পত্নীলৈ উৎসৰ্গা কৰি এলভিছে লগতে কয়, “মোৰ পত্নীৰ জন্মদিনত এয়া মোৰ এক উপহাৰ। আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনাৰ বাবে সকলোকে ধন্যবাদ, যাৰ বাবে মই এই  সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লো।”
২০১৬ চনতে দীৰ্ঘ দূৰত্বৰ সাঁতোৰৰ প্ৰস্তুতি আৰম্ভ কৰা এলভিছে প্ৰকৃততে ২০২০ চনত নৰ্থ চেনেলত সাঁতোৰৰ কথা আছিল যদিও ক'ভিড-১৯ মহামাৰীৰ বাবে সেয়া স্থগিত ৰাখিবলগীয়া হৈছিল। ২০১৮ চনত ইংলিছ চেনেল অতিক্ৰমৰ প্ৰচেষ্টা চলাই ব্যৰ্থ হোৱা এলভিছে এতিয়ালৈকে ২০১৯ চনত হাই ৰিস্ক তিমি-শ্বাৰ্ক-ছিল-ডলফিনেৰে ভৰি থকা কেটালিনা চেনেল (আমেৰিকা) সাঁতুৰি পাৰ হৈছিল। তেওঁ ১১ কিলোমিটাৰৰ বাবে ইলিংছ চেনেল অতিক্ৰম কৰাত ব্যৰ্থ হৈছিল।  
ইংলিছ চেনেল অতিক্ৰমৰ বাবে আন এক প্ৰচেষ্টা চলাব নেকি বুলি সোধাত এলভিছে আৱাজ দ্য ভইচক কয় যে, “এই কৃতিত্ব মোৰ বাবে এটা ডাঙৰ প্ৰেৰণা। অহা বছৰৰ জুন মাহত মই নিশ্চিতভাৱে এই আধৰুৱা সপোন পূৰণৰ বাবে পুনৰ চেষ্টা কৰিম।”
 
সাঁতোৰৰ সময়ত এলভিছ আলী হাজৰিকাই লোৱা পথ; (মাজভাগ) নৰ্থ চেনেলৰ মাজত ত্ৰিৰংগা লৈ; (সোঁফালে) সাঁতোৰৰ সময়ত এটা মুহূৰ্ত
 
উল্লেখ্য যে, এলভিছে ২০২১ চনত আৰব সাগৰত মুম্বাইৰ ধৰ্মতল জেটীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিছিল আৰু চলিত বৰ্ষৰ আৰম্ভণিতে মুম্বাই উপকূল সাঁতুৰিছিল।
 
সাত বছৰ বয়সৰ পৰা প্ৰতিযোগিতামূলক সাঁতোৰত অংশ লোৱা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে নিজৰ প্ৰতিযোগিতামূলক কেৰিয়াৰত ২৩টা ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল আৰু আন্তঃৰাষ্ট্ৰীয় মিটত ২০টাকে ধৰি ৬৮টা পদক লাভ কৰিছিল। 
 
এলভিছ আলী হাজৰিকাই সাঁতোৰৰ পিছত তেওঁৰ সমৰ্থন দলৰ সৈতে
 
অৱশ্যে, এই ঈৰ্ষণীয় সাফল্যৰ পিছতো তেওঁ চৰকাৰৰ অৱজ্ঞাৰ বাবে সন্মানীয় অৰ্জুন বঁটা লাভ কৰা নাছিল। এলভিছে এতিয়া দীৰ্ঘ দূৰত্বৰ সাঁতোৰৰ শেহতীয়া সাফল্যৰে টেনজিং নৰ্গে বঁটাৰ প্ৰবল দাবীদাৰ হৈ উঠিছে। দুঃসাহসিক ক্ৰীড়াৰ বাবে এই বঁটা আগবঢ়োৱা হয়।