ভাৰতৰ পৰা বহুত মৰম আৰু সমৰ্থন পালোঁ: বিশ্বকাপৰ সময়ত আতিথ্যৰ বিষয়ে কয় বাবৰ আজমে

Story by  atv | Posted by   Imtiaz Ahmed • 20 d ago
বাবৰ আজম
বাবৰ আজম
কলকাতা

পাকিস্তানৰ অধিনায়ক বাবৰ আজমে কয় যে চলিত ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় অনুৰাগীয়ে দেখুওৱা মৰম আৰু সমৰ্থনৰ বাবে তেওঁ কৃতজ্ঞ। বাবৰে নিজৰ দলটোক বিশ্বকাপৰ গৌৰৱলৈ লৈ যোৱাৰ আশাত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে ভাৰতত অৱতৰণ কৰিছিল। অৱশ্যে প্ৰতিযোগিতাখনত তেওঁলোকৰ বাবে বিশেষ নহ'ল, পাকিস্তানে বিশ্বকাপৰ পৰা আগতীয়াকৈ বাহিৰহে হ'ল। ৯খন মেচত বাবৰে চাৰিটা অৰ্ধশতকৰ সহায়ত মাত্ৰ ৩২০ ৰানহে কৰিবলৈ সক্ষম হ'ল। অৱশ্যে তেওঁ নিজৰ দলটোক যিদৰে অনুপ্ৰাণিত কৰিব পাৰিলেহেঁতেন, সেইদৰে অনুপ্ৰাণিত কৰিব পৰা নাই বুলি স্বীকাৰ কৰে।

শনিবাৰে গ্ৰুপৰ অন্তিমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানক এটা ডাঙৰ জয়ৰ প্ৰয়োজন আছিল, কিন্তু খেলখনত তেওঁলোকে ৯৩ ৰানত পৰাস্ত হ'ল। কলকাতাৰ ইডেন গাৰ্ডেনত ৩৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি পাকিস্তানৰ বেটছমেনসকলে ৪৩.৩ অভাৰত ২৪৪ ৰান কৰি অল আউট হয়।
 

বিশ্বকাপৰ এখন খেলত পাকিস্তান দল
 
বাবৰে দৃঢ়তাৰে কয় যে পাকিস্তানৰ দলটোৱে ভাৰতীয় অনুৰাগীৰ পৰা বহু মৰম আৰু সমৰ্থন লাভ কৰিলে।

"সঁচা কথা ক'বলৈ গ'লে - প্ৰথমে মই ভাৰতৰ পৰা বহুত মৰম পাইছিলো, বহুত সমৰ্থন পাইছিলো। কেৱল মই নহয়, সমগ্ৰ দলটোৱেই। অৱশ্যে মই ভাল ফিনিছিং কৰিব নোৱাৰিলোঁ। মোৰ লক্ষ্য আছিল বেটিংত ভাল ফিনিছিং কৰা। ৫০ বা ১০০ ৰান কৰিবলৈ মোৰ কোনো লক্ষ্য নাছিল। মূল কথাটো আছিল জয়ী দল হিচাপে গঢ়ি তোলা। মোৰ ব্যক্তিগত প্ৰদৰ্শন নহয় মই পৰিস্থিতি অনুসৰি আৰু মোৰ দলৰ প্ৰয়োজন অনুসৰি যি প্ৰদৰ্শনে দলটোক সহায় কৰে, সেই খেল খেলো।'- মেচৰ পূৰ্বে সংবাদমেলত বাবৰে এইদৰে কয়।
 

আহমেদাবাদত ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া অনুৰাগী
 
"আমি ইয়ালৈ প্ৰথমবাৰৰ বাবে আহিছিলো, কেনেকৈ খেলিব লাগে সেই সজাগতা আমাৰ নাছিল, কিন্তু কাৰ্যক্ষেত্ৰত আমি যিমান পাৰি সোনকালে খাপ খাই পৰিলোঁ, আৰু আমি এনেদৰে খেলিব লাগিব বুলি ধৰি ললো। গতিকে, আমি এই পৰিস্থিতিৰ সন্মুখীন হৈছিলো, আৰু সেই অনুসৰি পৰিকল্পনা কৰিছিলো যে আমি ইয়াত কেনেদৰে বেটিং কৰিম। কাৰণ মই কোৱাৰ দৰে, ইয়াত মাজৰ আৰু শেষত ৰান পোৱা যায়। মাজৰ অভাৰত যেতিয়া বল পুৰণি হয় তেতিয়া বেটছমেন হিচাপে অলপ সংগ্ৰাম কৰিব লগা হয়," তেওঁ লগতে কয়।