মহম্মদ ছামীৰ ৫ উইকেট; প্ৰথম এদিনীয়াত অষ্ট্ৰেলিয়াক হৰুৱালে টীম ইণ্ডিয়াই

Story by  atv | Posted by  [email protected] • 1 Years ago
অৰ্ধশতকৰ পিছত সূৰ্যকুমাৰক অভিনন্দন ৰাহুলৰ
অৰ্ধশতকৰ পিছত সূৰ্যকুমাৰক অভিনন্দন ৰাহুলৰ

মোহালি

অলপতে এছিয়া কাপত চেম্পিয়ন হোৱা টীম ইণ্ডিয়াই সফলতাৰ যাত্ৰা অব্যাহত ৰাখিছে। আগন্তুক আইচিচি বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আয়োজিত এদিনীয়া শৃংখলাত লোকেশ ৰাহুল নেতৃত্বাধীন ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। মোহালিত আজি অনুষ্ঠিত প্ৰথম এদিনীয়াত ঘৰুৱা দলটোৱে শক্তিশালী অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। 

২৭৭ ৰানৰ লক্ষ্যৰ পিছ লৈ ভাৰতে ৮টা বল বাকী থকা অৱস্থাত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অপেনাৰ শুভমন গীলে সৰ্বাধিক ৭৪ আৰু ৰুতুৰাজ গায়কোৱাডে ৭১ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। তেওঁলোকে প্ৰথম উইকেটত ১৪২ ৰান যোগ দি ভাৰতৰ জয়ৰ ভেটি গঢ়ে। অধিনায়ক ৰাহুলে ৫৮ ৰানত অপৰাজিত হৈ থকাৰ লগতে মিডল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱে ৫০ ৰানৰ দায়িত্বপূৰ্ণ ইনিংছ  খেলে। 

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৭৬ ৰান সংগ্ৰহ কৰে। আলহী দলটোৰ হৈ অপেনাৰ ডেভিদ ৱাৰ্ণাৰে ৫২, জছ ইনলিছে ৪৫ আৰু ষ্টিভেন স্মিথে ৪১ ৰান কৰাৰ বাহিৰে আনসকল বেটাৰ ব্যৰ্থ হয়। টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে চমকপ্ৰদ বলিঙেৰে ৫টা উইকেট দখল কৰে। তেওঁ ৫১ ৰান ব্যয় কৰে। 

অষ্ট্ৰেলিয়াক কম ৰানৰ ভিতৰত সীমাবদ্ধ ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰা ছামীয়ে মেন অৱ দ্য মেচ লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰদৰ্শনেৰে তেওঁ আগন্তুক বিশ্বকাপলৈ ভাৰতীয় দলৰ মুখ্য বেগী বলাৰ হোৱাৰ প্ৰবল দাবীদাৰ হৈ উঠিছে।