ইংলিছ চেনেল দুবাৰকৈ সাঁতুৰা প্ৰথম অসমীয়া হিচাপে ইতিহাস ৰচাৰ পিছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ'ত এলভিছ আলী হাজৰিকাই কয়, "অত্যন্ত গৌৰৱ আৰু বিনম্ৰতাৰে মই প্ৰকাশ কৰিব বিচাৰিছো যে মই আনুষ্ঠানিকভাৱে অসমৰ প্ৰথমজন সাঁতোৰবিদ হিচাপে ইংলিছ চেনেল ছুইম ইন এ ৰিলে মোড (English Channel Swim in a Relay Mode) সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো। মোৰ বাবে এই যাত্ৰা কেৱল সহনশীলতা, শক্তি বা প্ৰচণ্ড ঠাণ্ডা পানীৰ প্ৰত্যাহ্বান নেওচা নাছিল, এয়া আছিল মোৰ ভিতৰত জ্বলি থকা একুৰা জুই, আৰু আপোনালোকৰ মৰম আৰু সমৰ্থনৰ ফল।"Huge congratulations to beloved swimmer Elvis Ali Hazarika on becoming the first Assamese to successfully swim the English Channel in a Relay Mode.
— Sarbananda Sonowal (@sarbanandsonwal) July 30, 2025
This is yet another feature of endurance and determination by Elvis, who is constantly breaking new barriers in the sport. May Maa… pic.twitter.com/NyBUAirjFX