নতুন দিল্লী
কাইলৈ এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মাজৰ খেলখন অনুষ্ঠিত হ’ব। সাধাৰণতে ভাৰত-পাকিস্তানৰ মেচ থাকিলে টিকট কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হৈ যায়, কিন্তু এইবাৰ হোৱা নাই।
এইবাৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ দৰ্শকৰ মাজত বিশেষ উন্মাদনা নাই। এতিয়াও টিকট উপলব্ধ আছে আৰু মানুহে ক্ৰয় কৰা নাই৷
বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে আধাতকৈ অধিক টিকট এতিয়াও উপলব্ধ আছিল। চেম্পিয়নছ ট্ৰফী ২০২৩ ত এই খেলপথাৰত খেলা শেষৰখন খেলৰ সকলো টিকট মাত্ৰ চাৰি মিনিটতে বিক্ৰী হৈ গৈছিল।
বৃহস্পতিবাৰে নিশা ৯ বজালৈকে ডুবাই ষ্টেডিয়ামৰ প্ৰায় ৫০% ষ্টেণ্ডত টিকট উপলব্ধ হৈছিল। এই টিকটৰ আৰম্ভণিৰ মূল্য আছিল ৯৯ মাৰ্কিন ডলাৰ (৮,৭৪২ টকা), প্ৰিমিয়াম চিটৰ মূল্য আছিল ৪,৫৩৪ মাৰ্কিন ডলাৰ (প্ৰায় ৪ লাখ টকা)।
২৯ আগষ্টৰ পৰা অফিচিয়েল পাৰ্টনাৰ প্লেটিনামলিষ্টৰ জৰিয়তে টিকট বিক্ৰী আৰম্ভ হৈছিল। অৱশ্যে আৰম্ভণিৰ মূল্য ১৩ মাৰ্কিন ডলাৰ (১১৪৮ টকা) এছিয়া কাপৰ গ্ৰুপ ষ্টেজৰ মেচৰ টিকট বিক্ৰী হৈ গৈছে।
প্ৰায় ১৪ হাজাৰ দিৰহাম (৩.৩৬ লাখ টকা)ত এই মেচৰ সৈতে সাতখন মেচৰ বিশেষ পেকেজও আগবঢ়োৱা হৈছিল।
উল্লেখযোগ্য যে, পহলগাম সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰভাৱ পৰা যেন অনুভৱ হৈছে এইবাৰৰ খেলখনত।