বিচিচিআইৰ সভাপতি পদৰ দৌৰত কেইবাগৰাকী প্ৰাক্তন তাৰকা

Story by  atv | Posted by  [email protected] • 5 h ago
বিচিচিআইৰ সভাপতি পদৰ দৌৰত কেইবাগৰাকী প্ৰাক্তন তাৰকা
বিচিচিআইৰ সভাপতি পদৰ দৌৰত কেইবাগৰাকী প্ৰাক্তন তাৰকা
 
নতুন দিল্লী
 
১৯৮৩ চনৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ সদস্য ৰ'জাৰ বিন্নীৰ পিচত ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ পৰৱৰ্তী সভাপতি কোন হ'ব! দেশৰ ক্রিকেট মহলত যোৱা কিছুদিন ধৰি তাৰেই জল্পনা চলিছে। এগৰাকী কিংবদন্তি ক্রিকেটাৰক সভাপতি কৰাৰ মন ব'ৰ্ডৰ কর্মকর্তাসকলৰ।
 
২০১৯ চনৰ পৰাই কোনো প্রাক্তন ক্রিকেটাৰক সভাপতি পতাৰ পৰম্পৰা চলি আহিছে ব'ৰ্ডত। সেই অনুসৰিয়েই সভাপতি পদ অলংকৃত কৰিছিল ক্রমে সৌৰভ গাংগুলী আৰু ৰ'জাৰ বিন্নীয়ে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা জুলাই মাহতেই কিংবদন্তি শচীন তেণ্ডুলকাৰক সভাপতি পদ অফাৰ কৰিছিল জয় শ্বাহে।
 
এই সন্দর্ভত মুখ খোলা নাছিল তেণ্ডুলকাৰে। অৱশেষত নীৰৱতা ভংগ কৰিছে তেণ্ডুলকাৰৰ মিডিয়া দলে। সংবাদ মাধ্যমক দিয়া এটা বিবৃতিত কয়- 'আমাৰ দৃষ্টিগোচৰ হৈছে যে ব'ৰ্ডৰ সভাপতি পদত শচীন তেণ্ডুলকাৰৰ নাম বিবেচনা কিম্বা মনোনয়ন জমা দিয়া সন্দৰ্ভত কিছু খবৰ বিয়পোৱা হৈছে। আমি স্পষ্ট কৰি দিছো যে তেনে কোনো ঘটনাৰ কোনো সম্ভাবনা নাই। সংশ্লিষ্ট সকলোকে এনে ভিত্তিহীন কল্পনাৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনালো।'
 
ইয়াৰ লগে লগে সকলো জল্পনাৰ সমাপ্তি ঘটিল। কিংবদন্তি তেণ্ডুলকাৰক ভাবী সভাপতি কৰাৰ প্ৰচেষ্টাত ব্যর্থ হৈছে ব'র্ড। তেন্তে কোন হ'ব সভাপতি! অহা ২৮ ছেপ্টেম্বৰত হ'বলগা নিৰ্বাচনৰ বাবে ৰাজ্য সংস্থাসমূহৰ পৰা প্রতিনিধি প্ৰেৰণৰ অন্তিম দিন আছিল আজি। অর্থাৎ কাইলৈ ৰাজ্য সংস্থাৰ প্রতিনিধি তালিকা পোহৰলৈ আহিব। সম্ভাব্য সভাপতি পদৰ বাবে কেইবাগৰাকী প্রাক্তন তাৰকাৰ নাম পোহৰলৈ আহিছে। সেইসকলৰ ভিতৰত অন্যতম কিৰণ ম'ৰে, ৰবি শাস্ত্রী, ৰাহুল দ্রাবিড়, ভি ভি এছ লক্ষ্মণ।
 
ইফালে সভাত বংগক প্রতিনিধিত্ব কৰিব প্রাক্তন সভাপতি সৌৰভ গাংগুলীয়ে। অৱশ্যে অহা দুদিনত সমগ্ৰ বিষয়টো পৰিষ্কাৰ হ'ব। প্ৰাৰ্থীসকলৰ মনোনয়ন জমা দিয়াৰ দিন ২০ আৰু ২১ ছেপ্টেম্বৰ। প্রার্থী তালিকা ঘোষণা হ'ব ২৩ ছেপ্টেম্বৰত। সভাপতি পদত বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ সম্ভাৱনাই অধিক। সভাপতিৰ লগতে উপ-সভাপতি, সচিব, যুগ্ম সচিব আৰু কোষাধ্যক্ষ পদতো নির্বাচন অনুষ্ঠিত হ'ব। এই পদসমূহত সালসলনিৰ সম্ভাবনা নাই। বর্তমানৰসকলেই এই পদত বাহাল থাকিব। অসমৰ দেৱজিৎ শইকীয়াই এইবাৰ পূৰ্ণকালীন সচিবৰ মৰ্যাদা পাব। সভাপতি পদেই এতিয়া চৰ্চাৰ কেন্দ্রবিন্দু। বৰোদাক প্রতিনিধিত্ব কৰিবলগা কিৰণ ম'ৰে সকলোৰে আগত।