নতুন দিল্লী
এছিয়া কাপ ২০২৫ ত ভাৰতে এক শক্তিশালী আৰম্ভণি কৰিছে। কুলদীপ যাদৱ আৰু শিৱম ডুবেৰ আক্ৰমণাত্মক বলিঙৰ পাছত অভিষেক শৰ্মা আৰু শুভমান গিলে ধুমুহাময় ইনিংছ খেলি ভাৰতক ২৭ টা বলত জয়লাভ কৰাই।
ভাৰতীয় দলটোৱে ইউ এ ই দলক ৯ উইকেটত পৰাস্ত কৰিছে।বলাৰ আৰু বেটছমেনে দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। অভিষেক শৰ্মাই ৩০ ৰান সংগ্ৰহ কৰে।আনহাতে ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰে।
খেলখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত ইউ এ ইৰ বেটছমেনসকলে ভাৰতীয় বলাৰৰ সন্মুখত থিয় দিব নোৱাৰিলে আৰু ফ্লপ হ’ল। ইউ এ ইৰ দলটোৱে মাত্ৰ ৫৭ হে ৰান সংগ্ৰহ কৰে।