আমেৰিকাৰ বিৰুদ্ধে জয়েৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ

Story by  atv | Posted by  [email protected] • 1 d ago
আমেৰিকাৰ বিৰুদ্ধে জয়েৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ
আমেৰিকাৰ বিৰুদ্ধে জয়েৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ
 
নতুন দিল্লী
 
টপ অৰ্ডাৰত ব্যৰ্থ হোৱাৰ পিছতো আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথম মেচত ভাৰতীয় দলটোৱে আমেৰিকাৰ হাতত ২৯ ৰানত পৰাস্ত হয়। খেলখনত ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৬১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰ  ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ১৩২ ৰানহে কৰিবলৈ সক্ষম হয় আমেৰিকাই। টীম ইণ্ডিয়া পাকিস্তানৰ পাছত গ্ৰুপ এত জয়ী হোৱা দ্বিতীয়টো দল হৈ পৰে টীম ইণ্ডিয়া।
 
মেচখনত আমেৰিকাই টছত জয়লাভ কৰি টীম ইণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বেটিঙৰ আৰম্ভণি কৰি আশাজনক প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল ভাৰতীয় দল। অ’পেনাৰ অভিষেক শৰ্মাক ৰান নকৰাকৈ আউট হয়। ইয়াৰ পাছতে শ্বেডলী ভান শ্বালকৱিকে পাৱাৰপ্লেৰ অন্তিম অ’ভাৰত ঈশান কিষাণ, তিলক বৰ্মা, আৰু শিৱম ডুবেক আউট কৰি টীম ইণ্ডিয়াক বেকফুটলৈ ঠেলি দিয়ে। অৱশ্যে অধিনায়ক সূৰ্য কুমাৰ যাদৱে ইনিংছ চম্ভালিবলৈ সক্ষম হয়।
 
ভাৰতৰ বিৰুদ্ধে খেলখনত আমেৰিকাই বলিঙত শক্তিশালী প্ৰদৰ্শন কৰিছিল যদিও আমেৰিকাৰ বেটিং বিপৰ্যয় হয়। বিশেষকৈ আমেৰিকাৰ টপ অৰ্ডাৰ বিধ্বস্ত হয়। মহম্মদ ছিৰাজ আৰু অৰ্শ্বদীপ সিঙে বলিং বিক্ৰম ছন্দপতন ঘটে আমেৰিকাৰ। ছিৰাজে ৪ অ’ভাৰত ২৯ ৰান খৰচ ৪টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শ্বদীপে দুটা উইকেট দখল কৰে। টীম ইণ্ডিয়াৰ হৈ বৰুণে ৪ অ’ভাৰত ২৪ ৰান খৰচ এটা উইকেট দখল কৰে। অক্ষৰ পেটেলেও চাৰি অভাৰত ২৪ ৰান দিছিল যদিও দুটা উইকেট দখল কৰিছিল।
 
উল্লেখযোগ্য যে, আমেৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলৰ বেটিং আশাহঁত আছিল। সূৰ্যকুমাৰ যাদৱৰ অপৰাজিত ৮৪ ৰানৰ বাহিৰে এই মেচত আমেৰিকাৰ ব’লাৰৰ বিৰুদ্ধে সমগ্ৰ দলটোৱে সংগ্ৰাম কৰিছিল। সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৪৯ বলৰ ইনিংছত ১০টা চাৰি আৰু ৪টা ছয় কৰে। আন তিনিজন বেটছমেনেহে ডাবল ফিগাৰত উপনীত হয়, তিলক ভাৰ্মাই ২৫ আৰু ঈশান কিষাণে ২০ ৰান সংগ্ৰহ কৰে।
 
ত্ৰয়োদশ অভাৰত ভাৰতে ৬ উইকেটত ৭৭ ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা শ্বেডলী ভান শ্বাকৱিকে ৪ অভাৰত ২৫ ৰানত ৪টা উইকেট দখল কৰে। সূৰ্যকুমাৰক বাদ দি ভাৰতৰ বেটিং লাইন আপ সম্পূৰ্ণৰূপে বিফল হয়।