২০২৬ এছিয়াডত এথলেটিকছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ত শীৰ্ষস্থান

Story by  PTI | Posted by   Imtiaz Ahmed • 3 h ago
কিৰণ পাহাল, পূভাম্মা মাচেট্টিৰা, প্ৰাচী আৰু বিদ্যা ৰামৰাজেৰে গঠিত ভাৰতীয় দলটো পিটি উষাৰ সৈতে
কিৰণ পাহাল, পূভাম্মা মাচেট্টিৰা, প্ৰাচী আৰু বিদ্যা ৰামৰাজেৰে গঠিত ভাৰতীয় দলটো পিটি উষাৰ সৈতে
নাগোয়া

২০২৬ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ত অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰিলে ভাৰতীয় দলটোৱে। কিৰণ পাহাল, পূভাম্মা মাচেট্টিৰা, প্ৰাচী আৰু বিদ্যা ৰামৰাজেৰে গঠিত ভাৰতীয় দলটোৱে এই সাফল্য লাভ কৰে।

ভাৰতীয় দলটোৱে ৩ মিনিট ২৯.৬৯ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষস্থান দখল কৰে। চলিত এছিয়ান গেমছত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। বাহৰেইনে ৰূপ আৰু চীনে ব্ৰঞ্জৰ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে ৪x১০০ মিটাৰ মিক্সড ৰিলে’ৰ ফাইনেলত গুৰিন্দৰবীৰ সিং, অনিমেষ কুজুৰ, স্নেহা সত্যনাৰায়ণ আৰু হৰিতা ভদ্ৰাই ৪১.০৬ ছেকেণ্ডৰ ছিজনৰ শ্ৰেষ্ঠ সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

মহিলাৰ হাই জাম্পতো ভাৰতৰ পূজা সিঙে ১.৮৪ মিটাৰ উচ্চতা অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অৱশ্যে এই প্ৰদৰ্শন তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনতকৈ যথেষ্ট কম আছিল।
ইফালে, চলিত এছিয়ান গেমছত ভাৰতৰ গুলবীৰ সিঙে নিজৰ চমকপ্ৰদ ফৰ্ম অব্যাহত ৰাখি পুৰুষৰ ৫,০০০ মিটাৰ দৌৰত ১৩ মিনিট ৩২.৭৫ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ জৰিয়তে জাপানৰ এই চহৰখনত তেওঁ পদক লাভৰ হেট্ৰিক সম্পূৰ্ণ কৰে।

২০২৬ৰ এছিয়ান গেমছত এয়া গুলবীৰ সিঙৰ তৃতীয়টো পদক। ইয়াৰ পূৰ্বে তেওঁ পুৰুষৰ ১,৫০০ মিটাৰ আৰু ১০,০০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল।

ইয়াৰ ফলত গুলবীৰ এছিয়ান গেমছৰ এটা সংস্কৰণতে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত তিনিটা পদক লাভ কৰা দ্বিতীয়জন ভাৰতীয় পুৰুষ আৰু দেশখনৰ চতুৰ্থজন এথলীটত পৰিণত হয়। গুলবীৰৰ পূৰ্বে লাভী পিণ্টো (নতুন দিল্লী, ১৯৫১ - ৩টা পদক), পি টি উষা (ছিউল, ১৯৮৬ - ৪টা পদক) আৰু কে এম বিনামোলে (বুছান, ২০০২ - ৩টা পদক) এই কৃতিত্ব অৰ্জন কৰিছিল।

গুলবীৰৰ পদকৰ পিছতে ৪x৪০০ মিটাৰ মিক্সড ৰিলে’ত ভাৰতীয় দলটোৱে ৪১.০৬ ছেকেণ্ডৰ সময়েৰে তৃতীয় স্থান লাভ কৰে। হিটছত চীনৰ পিছতে দ্বিতীয় স্থানত আছিল ভাৰত।

চীনে ৪০.৭৮ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৪০.৮৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি থাইলেণ্ডে ৰূপৰ পদক অৰ্জন কৰে।

ইফালে, পুৰুষৰ প’ল ভল্টত ৫.৫০ মিটাৰ জঁপিয়াই ভাৰতৰ দেৱ কুমাৰ মীনাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। অৱশ্যে এই প্ৰদৰ্শনে তেওঁক সপ্তম স্থানহে প্ৰদান কৰে।

পুৰুষ আৰু মহিলাৰ ৮০০ মিটাৰ দৌৰত ভাৰতৰ পূজা ওল্লা আৰু মহম্মদ আফছালে ক্ৰমে সপ্তম আৰু অষ্টম স্থান লাভ কৰে।