দেওবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ মহাৰণ; উত্‍কণ্ঠিত ক্ৰিকেট অনুৰাগী

Story by  atv | Posted by  [email protected] • 1 Years ago
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছ
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছ
 
আহমেদাবাদ

১৯ নৱেম্বৰ দেওবাৰ। মাজত মাত্ৰ এটা দিন বাকী। আহমেদাবাদৰ সুবিশাল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপৰ মেগা ফাইনেল। ক্ৰিকেট বিশ্বৰ এই সৰ্বশ্ৰেষ্ঠ যুঁজত অৱতীৰ্ণ হ'ব দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্ৰেলিয়া। এই মহাৰণ উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী।

ৰাজনীতি, ক্ৰীড়া আৰু ছবি জগতৰ বহু কেইজন চেলিব্ৰিটীৰ লগতে বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ফাইনেল উপভোগ কৰিবলৈ অষ্ট্ৰিলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেজ আৰু উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লচকো ভাৰত চৰকাৰে নিমন্ত্ৰণ দিছে। অৱশ্যে তেওঁলোকৰ ভাৰত ভ্ৰমণ এতিয়ালৈকে নিশ্চিত হোৱা নাই।
 
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। দক্ষিণ আফ্ৰিকাৰ ২১২ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৬টা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছে।