দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজন কৰিব ভাৰতে

Story by  atv | Posted by  [email protected] • 19 h ago
দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজন কৰিব ভাৰতে
দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজন কৰিব ভাৰতে
 
নতুন দিল্লী
 
গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ শাসকীয় সংস্থাই ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ অধিকাৰ আহমেদাবাদক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে।
 
অক্টোবৰ মাহত কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে শতবাৰ্ষিকী সংস্কৰণৰ আয়োজক হিচাপে আহমেদাবাদৰ নাম প্ৰস্তাৱ কৰিছিল। ইয়াৰ পিছত ৭৪ জনীয়া সাধাৰণ পৰিষদে ভাৰতৰ এই নিবিদাত অনুমোদন জনোৱাটো আছিল মাথোঁ আনুষ্ঠানিকতাহে। ভাৰতে শেষবাৰৰ বাবে ২০১০ চনত নতুন দিল্লীত কমনৱেলথ গেমছৰ আয়োজন কৰিছিল।
 
কমনৱেলথ গেমছ মূল্যায়ন সমিতিৰ তত্বাৱধানত এই পৰামৰ্শ আগবঢ়োৱা হৈছিল। কমনৱেলথ গেমছৰ সচিব ড৹ ডোনাল্ড ৰুকাৰেই কয়, ‘‘ভাৰতে নিজৰ সৈতে বিশালতা, যুৱক-যুৱতী, উচ্চাকাংক্ষা, চহকী সংস্কৃতি, বিশাল ক্ৰীড়াৰ আবেগ আৰু প্ৰাসংগিকতা আনে। আমি কমনৱেলথ গেমছৰ বাবে আমাৰ পৰৱৰ্তী শতিকাটো সুস্বাস্থ্যৰে আৰম্ভ কৰোঁ।’’
 
এনে সিদ্ধান্তই ২০৩৬ চনত অলিম্পিক আয়োজন কৰাৰ বাবে ভাৰতৰ উচ্চাকাংক্ষাকো শক্তিশালী কৰি কৰিছে। অলিম্পিক আয়োজনৰ অধিকাৰৰ দৌৰত অৱতীৰ্ণ হোৱা আহমেদাবাদে বিগত দশকত যুদ্ধংদেহী মনোভাৱেৰে ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীত কৰিছে।
 
২০৩০ চনৰ নিবিদাৰ বাবে নাইজেৰিয়াৰ আবুজাৰ চহৰৰ সৈতে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল ভাৰত। কিন্তু কমনৱেলথ গেমছে ২০৩৪ চনৰ সংস্কৰণৰ বাবেহে আফ্ৰিকান দেশখনৰ কথা বিবেচনা কৰাৰ সিদ্ধান্ত লয়। অতীতত ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি পৰিচিত প্ৰথম কমনৱেলথ গেমছ ১৯৩০ চনত কানাডাৰ হেমিল্টনত অনুষ্ঠিত হৈছিল।
 
কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়াই কয়, ‘‘ভাৰতে শতবাৰ্ষিকী কমনৱেলথ গেমছ আয়োজন কৰাটো এক গৌৰৱৰ মুহূৰ্ত। এনে বৃহৎ ইভেণ্ট আয়োজন কৰিবলৈ ভাৰত সক্ষম আৰু ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে স্থান লাভ কৰিব।’’