আহমেদাবাদ
২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে আই পি এলৰ নতুন চেম্পিয়ন দেখিবলৈ পাব। মঙলবাৰে আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (আৰচিবি)ৱে পঞ্জাৱ কিংছৰ মুখামুখি হ'ব।
দেওবাৰে নিশা কোৱালিফায়াৰ ২ত পঞ্জাব কিংছে শক্তিশালী মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে। ইয়াৰ পূৰ্বে দুয়োটা দলেই আই পি এলত জয়ী হোৱা নাই। অহা ৩ জুন মঙলবাৰে আই পি এলৰ ফাইনেল খেলখন আহমেদাবাদত অনুষ্ঠিত হ’ব।
পঞ্জাৱে অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিধ্বংসী ৮৭ (অপঃ) ৰানৰ সহায়ত ৬টা বল বাকী থকা অৱস্থাত ২০৪ ৰানৰ লক্ষ্যত উপনীত হয়। মেন অৱ দ্য মেচ আয়াৰে ৪১ বলত ৫টা বাইণ্ডেৰী আৰু ৮টা ছিক্সাৰৰ সহায়ত দৰ্শনীয় ইনিংছটো সজায়।
উল্লেখ্য যে, আৰচিবিয়ে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেল খেলিছিল যদিও ক্ৰমে ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হয়। ইফালে, ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে আই পি এলৰ ফাইনেলত অংশগ্ৰহণ কৰা পঞ্জাবে ২০১৪ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈছিল।
পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ হৈছে আই পি এলৰ প্ৰথমজন খেলুৱৈ, যিয়ে তিনিটা ভিন্ন দলক ফাইনেললৈ লৈ গৈছে। ২০২০ চনৰ ফাইনেলত তেওঁ দিল্লী কেপিটেলছৰ অধিনায়ক আছিল আৰু ২০২৪ চনত কেকেআৰৰ হৈ খিতাপ দখল কৰিছিল।
পঞ্জাৱ কিংছ আৰু আৰচিবিয়ে লীগ পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছিল। তেওঁলোকে ১৪খন খেলৰ ৯খনত জয়, চাৰিখনত পৰাজয় আৰু এখন মেচ পৰিত্যক্ত হৈছিল। তেওঁলোকৰ নেট ৰান ৰেটৰ মাজতো পাৰ্থক্য আছিল অতি কম। বেংগালুৰুত পঞ্জাৱে আৰচিবিক পৰাস্ত কৰাৰ বিপৰীতে মুলানপুৰত আৰচিবিয়ে জয়লাভ কৰে।