গুৱাহাটী
১৯ বছৰ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ প্ৰতিভাৱান মহিলা খেলুৱৈ জিণ্টীমণি কলিতাই। ঘৰুৱা ক্ৰিকেটত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ সুবাদত তেওঁক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দললৈ নিৰ্বাচিত কৰিছে।
মঙলদৈৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে এতিয়া অহা ১৩ নৱেম্বৰৰ পৰা ১৯ নৱ্ম্বেৰলৈ অন্ধ্ৰ প্ৰদেশৰ ভাইজাগত অনুষ্ঠিত হ'বলগীয়া চতুৰ্দলীয় মহিলা চেলেঞ্জাৰ্ছ ট্ৰফীত ভাৰতীয় 'এ' দলক প্ৰতিনিধিত্ব কৰিব। বিচিচিআইৰ উদ্যোগত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনত ভাৰতীয় 'এ' দলৰ সৈতে ভাৰতীয় 'বি' দল, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজে প্ৰতিদ্বন্দ্বীতা আগবঢ়াব।
উল্লেখ্য যে, বিগত ছিজনত অসম ছিনিয়ৰ দলৰ হৈ খেলা ১৮বছৰীয়া জিণ্টীমণিয়ে অলপতে বিচিচিআইয়ে ৪টা দলৰ মাজত আয়োজন কৰা ১৯ বছৰ অনুৰ্ধ চেলেঞ্জাৰ্ছ ট্ৰফীত উন্নত প্ৰদৰ্শনেৰে ক্ৰিকেট মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
অসম ক্ৰিকেট সন্থাই ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত স্থান লাভ কৰা মঙলদৈৰ খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ মঙলদৈৰ শান্তিপুৰ নিৱাসী নকুল কলিতা আৰু শেৱালী কলিতাৰ কন্যা।