ভাৰোত্তোলনত বিশ্ব অভিলেখ ভংগ ভাৰতৰ কয়েল ব্ৰাৰৰ

Story by  atv | Posted by  [email protected] • 6 h ago
কয়েল ব্ৰাৰ
কয়েল ব্ৰাৰ
 
আহমেদাবাদ
 
মঙলবাৰে আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ ত ভাৰতৰ বিন্দ্যাৰাণী দেৱী, মুথুপাণ্ডী ৰাজা আৰু স্নেহা ছ’ৰেনে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অৱশ্যে সকলোৰে চকু আছিল ১৭ বছৰীয়া কয়েল বাৰৰ ওপৰত, যিয়ে যুৱ বিশ্ব অভিলেখ ভংগ কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।
 
মহিলাৰ ৫৮ কেজিত প্ৰতিদ্বন্দ্বিতা কৰা বিন্দ্যাৰাণীয়ে ২০৬ কেজিত (৯১ কেজি স্নেচ+১১৫ কেজি ক্লিন এণ্ড জাৰ্ক)  ৰূপৰ পদক লাভ কৰে। স্নেচত ৮৫ কেজি, ৮৮ কেজি, আৰু ৯১ কেজিৰ মাজেৰে আগবাঢ়িছিল আৰু ক্লিন এণ্ড জাৰ্কত ১১০ কেজি আৰু ১১৫ কিলোগ্ৰামত সফল হৈছিল। তেওঁ শেষৰ ১২২ কেজিৰ প্ৰচেষ্টাত ফাম্বল কৰি দ্বিতীয় স্থানত সন্তুষ্ট হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ কিয়ানা ইলিয়টে ২১২ কেজি (১০০ কিলোগ্ৰাম+১১২ কিলোগ্ৰাম) লৈ সোণৰ পদক লাভ কৰে।
 
২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৫৫ কেজি শাখাত ৰূপৰ পদক বিজয়ী বিন্দিয়াৰাণী। ২০১৯ চনত সোণ আৰু ২০২১ চনৰ সংস্কৰণত ৰূপৰ পদক লাভ কৰি কমনৱেলথৰ প্ৰাক্তন চেম্পিয়ন।
 
মহিলা ৫৩ কেজি যুৱ শাখাত অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে বিশ্ববাসীক স্তম্ভিত কৰি পেলালে কয়েল বাৰে। মুঠ ১৯২ কিলোগ্ৰাম (৮৫ কিলোগ্ৰাম + ১০৭ কিলোগ্ৰাম) ওজন তুলি মুঠ আৰু ক্লিন এণ্ড জাৰ্কত নতুন যুৱ বিশ্ব অভিলেখ গঢ়িছিল। কিশোৰীগৰাকীয়ে নিজকে এক আশাব্যঞ্জক প্ৰতিভা বুলি প্ৰমাণ কৰিলে, কিয়নো তেওঁ ছিনিয়ৰ শাখাত প্ৰতিযোগী স্নেহাতকৈ অধিক উত্তোলন কৰি মহিলাৰ ৫৩ কেজি শাখাত যুৱ আৰু জুনিয়ৰ খিতাপ দখল কৰে।
 
পুৰুষৰ শাখাত ৬৫ কেজি ইভেণ্টত মুথুপাণ্ডী ৰাজাই সোণৰ পদকৰ ওচৰ চাপিছিল, ২৯৬ কেজি (১২৮ কেজি+১৬৮ কিলোগ্ৰাম) ৰে অন্ত পেলাইছিল। আনহাতে মালয়েছিয়াৰ মুহামদ আজনিল বিন বিদিনতে ২৯৭ কেজি (১২৫ কেজি+১৭২ কিলোগ্ৰাম) তুলি স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ পিছতে পাপুয়া নিউগিনিৰ মৰিয়া বাৰুৱে ২৯২ কিলোগ্ৰাম (১২৭ কিলোগ্ৰাম+১৬৫ কিলোগ্ৰাম) লৈ ব্ৰঞ্জৰ পদক দখল কৰে।
 
ছিনিয়ৰ মহিলা ৫৩ কেজি শাখাত নাইজেৰিয়াৰ ওমোলোলা অনোমে ডিডিহে ১৯৭ কেজি (৯০ কেজি+১০৭ কিলোগ্ৰাম) ওজন তুলি প’ডিয়ামৰ শীৰ্ষত স্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ তুলনাত ভাৰতৰ স্নেহা ছ’ৰেনে ১৮৫ কেজি (৮১ কেজি+১০৪ কেজি) ওজন তুলি ৰূপৰ পদক দখল কৰে।
 
উল্লেখযোগ্য যে, ৩০ সংখ্যক সংস্কৰণত ৩১খন দেশৰ ৩০০ৰো অধিক লিফ্টাৰে অংশগ্ৰহণ কৰে। টকিঅ’ ২০২০ ৰূপৰ পদক বিজয়ী মিৰাবাই চানুৱে সোমবাৰে মহিলাৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰি ভাৰতৰ অভিযান আৰম্ভ কৰে আৰু পৰৱৰ্তী বৰ্ষৰ কমনৱেলথ গেমছৰ বাবে অৰ্হতা নিশ্চিত কৰে।