বাৰাণসীৰ ষ্টেডিয়ামৰ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰিত শচীন, গাভাস্কৰ

Story by  atv | Posted by  [email protected] • 11 Months ago
 বাৰাণসীৰ ষ্টেডিয়ামৰ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰিত শচীন, গাভাস্কৰ
বাৰাণসীৰ ষ্টেডিয়ামৰ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰিত শচীন, গাভাস্কৰ
 
বাৰাণসী

২৩ ছেপ্টেম্বৰত বাৰাণসীৰ গাঞ্জাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ আৰু ৰবি শাস্ত্ৰীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে উপস্থিত থকাৰ সম্ভাৱনা আছে। 
 
বিশাল ষ্টেডিয়ামখনৰ গাঠনিত কাশীৰ ঐতিহ্য প্ৰতিফলিত হ’ব। এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি, এই অনুষ্ঠানলৈ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ৰবি শাস্ত্ৰী, সুনীল গাভাস্কাৰ আৰু হকী খেলুৱৈ ললিত উপাধ্যায়ক আমন্ত্ৰণ জনোৱা হৈছে।
 
ষ্টেডিয়ামৰ আধাৰশিলা স্থাপনৰ পিছত প্ৰাক্তন ক্ৰীড়াবিদ কেইজনে কাশী বিশ্বনাথ মন্দিৰত সেৱা জনাব। বিচিচিআইৰ সভাপতি ৰ'জাৰ বিন্নি, সম্পাদক জয় শ্বাহ আৰু উপ-সভাপতি ৰাজীৱ শুক্লাও অনুষ্ঠানত উপস্থিত থাকিব। 
 
বাৰাণসীৰ আঞ্চলিক ক্ৰীড়া বিষয়া আৰ পি সিঙে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখন বাৰাণসীৰ গাঞ্জাৰী অঞ্চলৰ ১২.৮০৯ হেক্টৰ ভূমিত নিৰ্মাণ কৰা হ'ব। মাটিখিনি ইতিমধ্যে ১২১.৮ কোটি টকাত অধিগ্ৰহণ কৰা হৈছে। ষ্টেডিয়ামখনত ৩০,০০০ লোকৰ বাবে আসনৰ ক্ষমতা থাকিব। ইয়াক সম্পূৰ্ণ কৰিবলৈ আঢ়ৈ বছৰতকৈও অধিক সময় লাগিব।
 
গোটেই প্ৰকল্পটোৰ বাবে ৪৫০ কোটি টকা ধাৰ্য কৰা হৈছে।