কলম্বো
সুদীৰ্ঘ ৩ দশকৰ অপেক্ষাৰ অন্তত শ্ৰীলংকাই ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে। যোৱা নিশা কলম্বোত অনুষ্ঠিত চতুৰ্থ এদিনীয়াত ঘৰুৱা দল শ্ৰীলংকাই শক্তিশালী কেংগেৰু বাহিনীক ৪ ৰানত পৰাস্ত কৰি ৫খন মেচৰ শৃংখলাত৩-১ৰ অগ্ৰগতি লাভ কৰিছে।
শ্ৰীলংকাই প্ৰথমে বেটিং কৰি চৰিথ আছালংকাৰ শতকৰ সহায়ত ৪৯ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত ২৫৮ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ আছালংকাই ১০৬ বলত ১১০ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ধনঞ্জয় ছিলভাইও সুন্দৰ বেটিঙেৰে ৬০ ৰানৰ মূল্যবান অৰিহণা আগবঢ়ায়। আছালংকা আৰু ছিলভাই চতুৰ্থ উইকেটত ১০১ ৰান যোগ দি শ্ৰীলংকাক প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে আৰু এক সন্মানজনক স্কৰ থিয় কৰোৱাত সহায় কৰে।
অষ্ট্ৰেলিয়াই ২৫৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰি শৃংখলাত সমতা স্থাপনৰ সুযোগ পাইছিল যদিও অন্তিম অভাৰত মাত্ৰ ৪ ৰানৰ বাবে থমকি ৰয়। নিৰ্ধাৰিত ৫০ অভাৰত আলহী দলটোৱে ২৫৪ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। অষ্ট্ৰেলিয়াৰ হৈ অপেনাৰ ডেভিড ৱাৰ্ণাৰে ৯৯ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে যদিও আন কোনো এগৰাকী বেটছমেনে তেওঁক সহযোগিতা আগবঢ়াব নোৱাৰিলে। ফলত দলটোৱে অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হয়।
শতক অৰ্জন কৰা আছালংকাই মেন অৱ দ্য মেচ লাভ কৰে। ২৪ জুনত শৃংখলাৰ পঞ্চম তথা অন্তিমখন এদিনীয়া খেলোৱা হ'ব। মনকৰিবলগীয়া যে, শ্ৰীলংকাই ভয়াবহ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সময়তে দেশখনৰ ক্ৰিকেট দলটোৰ এই চমকপ্ৰদ সাফল্যই দ্বীপ ৰাষ্ট্ৰখনৰ ক্ৰীড়া অনুৰাগীক কিছু সকাহ আৰু আনন্দ দিছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood