আইপিএলত শুভমন গীলৰ অভিলেখ; ৰিয়ানৰ চমক অব্যাহত

Story by  atv | Posted by  [email protected] • 18 d ago
চলিত আইপিএলত তৃতীয়টো অৰ্ধশতক অৰ্জন কৰি ৰিয়ান পৰাগৰ প্ৰতিক্ৰিয়া
চলিত আইপিএলত তৃতীয়টো অৰ্ধশতক অৰ্জন কৰি ৰিয়ান পৰাগৰ প্ৰতিক্ৰিয়া
 
জয়পুৰ

বুধবাৰে নিশা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অধিনায়ক শুভমন গীলে। ৪৪টা বলত ৭২ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি তেওঁ গুজৰাটক জয়লাভ কৰাত সহায় কৰে।
 
সেই ইনিংছৰ সহায়ত অপেনাৰজনে কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত অন্যতম হৈছে আই পি এলত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে তেওঁ বিৰাট কোহলিৰ অভিলেখ ভংগ কৰে। ২৪ বছৰ ২১৫ দিন বয়সত তেওঁ এই নজিৰ স্থাপন কৰে। ২৬ বছৰ ১৮৬ দিন বয়সত কোহলিয়ে এই অভিলেখ গঢ়িছিল।
 
কেৱল সেয়াই নহয়, আইপিএলত নূন্যতম ইনিংছত ৩০০০ ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শুভমনে তিনি নম্বৰ স্থান দখল কৰিছে। ভাৰতীয়ৰ ভিতৰত তেওঁ দ্বিতীয় স্থানত আছে। আই পি এলৰ আটাইতকৈ কম ইনিংছত প্ৰথমে ৩০০০ ৰান সংগ্ৰহ কৰিছে ক্ৰিছ গেইলে। আই পি এলৰ একাধিক দলত খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৭৫ ইনিংছতে এই নজিৰ গঢ়ি তুলিছিল। ইয়াৰ পিছতে আছে কে এল ৰাহুল (৮০)। শুভমনে জছ বাটলাৰ, ফাফ ডু প্লেছিছৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে। প্ৰত্যেকেই ৯৪টা ইনিংছত ৩০০০ ৰান সংগ্ৰহ কৰিছে।
সামগ্ৰিকভাৱে টি-২০ ফৰ্মেটত শুভমনে ৪০০০ৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আই পি এলত সংগ্ৰহ কৰা ৩০০০ ৰানৰ ভিতৰত তেওঁ গুজৰাটৰ হৈ ১৫০০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আইপিএলত দুটা ছিজন খেলিছে। এইটো তৃতীয় ছিজন। এইবাৰ তেওঁ অধিনায়কও।
 
ইফালে, যোৱা নিশাৰ মেচখনত অসম সন্তান ৰিয়ান পৰাগ পুনৰ এবাৰ উজলি উঠে। ৰাজস্থান ৰয়েলছৰ তাৰকাজনে ৪৮টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।