সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱঃ আসন হেৰুৱাব ৩৯ জন বিধায়ক আৰু ৫ জন লোকসভাৰ সাংসদে

Story by  atv | Posted by  [email protected] • 1 Years ago
সমষ্টি হেৰুৱাবলগীয়া একাংশ মন্ত্ৰী, বিধায়ক
সমষ্টি হেৰুৱাবলগীয়া একাংশ মন্ত্ৰী, বিধায়ক
আৱাজ দ্য ভইচ ব্যুৰ'
 
ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২০ জুনত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে এক খচৰা প্ৰস্তাৱ প্ৰকাশ কৰে। এই খচৰাত ৰাজ্যখনৰ বিধানসভা (১২৬) আৰু লোকসভা(১৪) সমষ্টিৰ সংখ্যা অপৰিৱৰ্তিত হৈ আছে, যদিও পৰিৱৰ্তিত জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি সকলো সমষ্টিৰ সীমা পৃথককৈ নিৰ্ধাৰণ কৰা হৈছে। ফলস্বৰূপে বৰ্তমানৰ ৩০টা বিধানসভা সমষ্টিৰ অস্তিত্ব নোহোৱা হ'ব আৰু ২৬টা নতুন সমষ্টিৰ সৃষ্টি হ'ব।
 
একেদৰে, বৰ্তমানৰ চাৰিটা লোকসভা সমষ্টিৰ গাঁথনি সলনি হ'ব আৰু এটা নতুন সমষ্টিৰ সৃষ্টি হ'ব। ৯টা সমষ্টিৰ সংৰক্ষণৰ মৰ্যাদাও সলনি কৰা হৈছে। সীমা নিৰ্ধাৰণৰ এই খচৰা প্ৰস্তাৱৰ ফলস্বৰূপে এতিয়া ৩৯জন বিধায়ক আৰু ৫ জন লোকসভাৰ সাংসদে পূৰ্বতে প্ৰতিনিধিত্ব কৰা সমষ্টিসমূহ হেৰুৱাব। যদিও এই খচৰা চূড়ান্ত নহয় আৰু ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ১১ জুলাইলৈকে পৰামৰ্শ আৰু আপত্তি গ্ৰহণ কৰিব, তথাপি খচৰাত সমষ্টিৰ নাম নথকা বৰ্তমানৰ বিধায়কসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
 
সমষ্টি বিলুপ্ত হোৱা বিজেপিৰ বিধায়কসকলৰ ভিতৰত আছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (পানেৰী), বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (ধৰ্মপুৰ), পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য (ধলাই), সিদ্ধাৰ্থ ভট্টাচাৰ্য (পূব গুৱাহাটী), বিনোদ হাজৰিকা (চাবুৱা), সুশান্ত বৰগোহাঁই (থাওৰা), কৃষ্ণেন্দু পল (পাথাৰকান্দি), ৰূপছিং টেৰন (বাইথালাংছ’), আৰু ড’ছিং ৰোহটাং (হাওৰাঘাট)। একেদৰে, বিজেপিৰ মিত্ৰ দল অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা (আমগুৰি),ৰমেন্দ্ৰ নাৰায়ণ কলিতা (পশ্চিম গুৱাহাটী)আৰু ভবেন্দ্ৰ নাথ ভৰালী (দেৰগাঁও)ৰ বৰ্তমানৰ সমষ্টি নতুন সমষ্টিৰ খচৰাত নাই।
আনহাতে, কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ (সৰুক্ষেত্ৰী), শ্বেৰমান আলী আহমেদ (বাঘবৰ), ৰেকিবুদ্দিন আহমেদ (ছয়গাঁও), ভৰত নৰহ (নাওবৈচা), আৰু বসন্ত দাসে (মঙলদৈ) খচৰাত নিজৰ সমষ্টি হেৰুৱাইছে। এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম (জনিয়া), আমিনুল ইছলাম (ধিং) আৰু ছুজাম উদ্দিন লস্কৰ (কাটলিচেৰা), ইউ পি পি এলৰ ইউ জি ব্ৰহ্ম (চাপাগুৰি) আৰু বড়ো নেতা ইউ জি ব্ৰহ্ম আৰু ভূপেন বড়ো (বাকছা) প্ৰস্তাৱিত সমষ্টি নিৰ্ধাৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে।
 
একেদৰে, লোকসভাৰ সাংসদ হিচাপে নিজৰ সমষ্টিৰ সীমা আৰু নাম সলনি হোৱা দেখিব বিজেপিৰ দিলীপ শইকীয়া (মঙলদৈ), হৰেন সিং বে (স্বায়ত্তশাসিত জিলা), পল্লৱ লোচন দাস (তেজপুৰ) আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে (কলিয়াবৰ)।
 
এইসকলৰ উপৰিও ছয়জন বিধায়ক আৰু এজন লোকসভা সাংসদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নতুন আসন বিচাৰিব লাগিব, কাৰণ তেওঁলোকৰ সমষ্টি অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰা হৈছে। উদাহৰণস্বৰূপে, হাজোৰ বিজেপিৰ বিধায়ক সুমন হৰিপ্ৰিয়াই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কিয়নো এতিয়া হাজো সমষ্টি অনুসূচিত জাতি(এছচি)ৰ বাবে সংৰক্ষিত হ'ব। তেওঁৰ দলৰ সহযোগী ৰঞ্জিত দত্তইও (বিহালী) একেই সমস্যাৰ সন্মুখীন হ’ব লাগিব। একেদৰে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদেও বৰপেটা সমষ্টিৰ পৰা স্থানান্তৰিত হ’ব লাগিব। এই সমষ্টিটো বৰ্তমান অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। 
আমোদজনক কথাটো হ’ল যে, অনুসূচিত জনজাতিৰ (Scheduled Tribes) বিধায়ক ভৰত নৰহে তেওঁৰ বৰ্তমানৰ আসন নাওবৈচাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কাৰণ সেইখন আসন অনুসূচিত জাতি(Scheduled Caste)ৰ বাবে সংৰক্ষিত কৰা হৈছে। কংগ্ৰেছৰ বিধায়ক নন্দিতা দাসে অনুসূচিত জাতি আসনৰ পৰা অনুসূচিত জনজাতিলৈ ৰূপান্তৰিত হোৱা বৰ্তমানৰ আসন বকোক ত্যাগ কৰিব লাগিব। আন এজন কংগ্ৰেছী আব্দুৰ ৰছিদ মণ্ডলৰ গোৱালপাৰা পশ্চিম সমষ্টিটো এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে। লোকসভাৰ সাংসদসকলৰ ভিতৰত বিজেপিৰ ৰাজদ্বীপ ৰায়ে নতুন আসন বিচাৰিব লাগিব কাৰণ তেওঁৰ সমষ্টি শিলচৰ এতিয়া অনুসূচিত জাতি(এছচি)ৰ বাবে সংৰক্ষিত কৰা আছে।
 
ইয়াৰ বিপৰীতে পূৰ্বে অনুসূচিত জাতি(এছচি)ৰ বাবে সংৰক্ষিত মঙলদৈ আৰু দেৰগাঁও এতিয়া সাধাৰণ শ্ৰেণীৰ আসন হিচাপে মুকলি কৰি দিয়া হৈছে। একেদৰে, পূৰ্বে অনুসূচিত জাতি(এছচি)ৰ বাবে সংৰক্ষিত আৰু বিজেপিৰ সাংসদ কৃপানাথ মল্লাই প্ৰতিনিধিত্ব কৰা কৰিমগঞ্জ লোকসভাৰ আসনখন এতিয়া সাধাৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।