পূব অসমৰ ৫ জিলাৰ আৰ আৰ ইউ সদস্যক মানৱ-হাতী সংঘাত প্ৰশমনৰ প্ৰশিক্ষণ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
আৰ আৰ ইউ সদস্যক মানৱ-হাতী সংঘাত প্ৰশমনৰ প্ৰশিক্ষণ আৰণ্যকৰ
আৰ আৰ ইউ সদস্যক মানৱ-হাতী সংঘাত প্ৰশমনৰ প্ৰশিক্ষণ আৰণ্যকৰ
 
গুৱাহাটী
 
পূৱ অসমৰ বিভিন্ন জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলত সংঘাত এৰাই চলা আৰু সহাৱস্থানৰ স্বাৰ্থত মানুহৰ বসতিৰ ওচৰত হাতীৰ উপস্থিতিৰ বিষয়ে স্থানীয় লোকক আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ গুৰু দায়িত্ব অৰ্পণ কৰা ৰেপিড ৰেচপন্স ইউনিটৰ (আৰ আৰ ইউ) সদস্য স্বেচ্ছাসেৱকসকলক শেহতীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। 
 
হোৱাটছএপ গ্ৰুপৰ জৰিয়তে পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰা এই আৰ আৰ ইউ সদস্যসকলে মানৱ বসতিস্থানৰ ওচৰত বনৰীয়া হাতী দেখা পোৱাৰ লগে লগে গ্ৰুপৰ সদস্যসকলৰ মাজত সেই কথাৰ দ্ৰুত প্ৰচাৰ কৰে।  তেওঁলোকে হাতী জাকৰ গতিবিধি অহৰহ নিৰীক্ষণ কৰে।
 
পূব অসমৰ পাঁচখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ আৰু যোৰহাটৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত কেতবোৰ বিশেষ অঞ্চলত ডাৰউইন ইনিচিয়েটিভছৰ সহযোগত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ উদ্যোগত এই আৰ আৰ ইউসমূহ গঠন কৰা হৈছে। 
 
শেহতীয়াকৈ তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট জিলাত যোৱা ১৯ৰ পৰা ২১ মাৰ্চলৈ আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে আয়োজন কৰা এলানি প্ৰশিক্ষণ কাৰ্যসূচীত ১১৭ জন আৰ আৰ ইউৰ সদস্যক বিশেষজ্ঞৰদ্বাৰা প্ৰশিক্ষণ দিয়া হয়। 
 
তিনিচুকীয়া জিলাৰ শদিয়াৰ বছা গাওঁ, শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত থকা চৰগুৱা গ্ৰাণ্ট গাঁৱৰ চৰগুৱা হাইস্কুল আৰু যোৰহাট জিলাৰ জাঁজীমুখ এলেকাৰ হাতীশাল চাপৰি গাঁৱত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। 
 
আৰ আৰ ইউৰ সদস্যসকলৰ লগতে অসমৰ বন বিভাগৰ লুন্ঠন প্ৰতিৰোধী গোট (এডিএছ)ৰ সদস্য আৰু অন্যান্য কৰ্মচাৰীয়েও এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 
 
এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ প্ৰত্যেক অধিৱেশনত সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ আৰু আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই বস্তুনিষ্ঠ উপস্থাপন কৰে।  ইয়াৰ পূৰ্বে উদ্বোধনী অধিৱেশনত আৰণ্যকৰ বিষয়া জাকিৰ ইছলাম বৰাই আৰণ্যকৰ বিষয়ে চমু পৰিচয় দাঙি ধৰে নিৰঞ্জন ভূঞাই আৰ আৰ ইউবোৰ গঠনৰ উদ্দেশ্যৰ বিতং ব্যাখ্যা কৰে। 
 
প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত আৰণ্যকৰ গৱেষক ৰুবুল তাঁতীয়ে এটা জাকত থকা হাতী চিনাক্তকৰণৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য, ইয়াৰ বিতৰণ আৰু উত্তৰ-পূব ভাৰতত ক্ৰমাৎ সংঘাত বৃদ্ধি পোৱাৰ বিভিন্ন কাৰণৰ বিষয়ে ব্যাখ্যা কৰে। 
 
এই সংঘাত সম্পৰ্কীয় বিভিন্ন বিষয়ত আৰ আৰ ইউৰ সদস্যসকলে তেওঁলোকৰ গাঁৱত পালন কৰিবলগীয়া বিভিন্ন ভূমিকা আৰু দায়িত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে। অঞ্জন বৰুৱাই মানৱ হাতী সংঘাত হ্ৰাস কৰাৰ লগতে সহাৱস্থানক উদগনি যোগোৱাৰ ক্ষেত্ৰত ফলপ্ৰসু বিভিন্ন প্ৰশমন সঁজুলিৰ বিষয়ে ব্যাখ্যা কৰে। 
 
প্ৰাক প্ৰশিক্ষণ আৰু প্ৰশিক্ষণোত্তৰ মূল্যায়ন অনুশীলনৰ জৰিয়তে প্ৰশিক্ষণ কাৰ্যসূচীৰ ফলাফল নিৰুপণ কৰা হয়। ৰিম্পী মৰাণ, তন্ময় প্ৰিয়া গগৈ, দেবজিত গগৈ, তীব্ৰজ্যোতি গগৈ, দীপজ্যোতি বুঢ়াগোঁহাই, চিৰঞ্জীৱ কলিতা, অনন্ত কলিতা, লক্ষ্মীনাথ টায়ে আদি আৰণ্যকৰ সদস্যবৃন্দ আৰু গাঁও চেম্পিয়ন মায়া গগৈ, নিহাৰ ৰঞ্জন গগৈ, বিদ্যা বৰবৰা, মাখন কলিতাই এই কাৰ্যসূচীসমূহৰ সমন্বয় ৰক্ষা কৰে।