দাৰুল উলুমত মহিলাৰ প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা ৬ মাহৰ মূৰত প্ৰত্যাহাৰ

Story by  atv | Posted by  [email protected] • 27 d ago
দেওবন্দৰ ইছলামিক শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুম
দেওবন্দৰ ইছলামিক শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুম
 
আৱাজ দ্য ভইচ ব্যুৰ'

দেওবন্দৰ ইছলামিক শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুমত মহিলাৰ প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ইয়াৰ ফলত এতিয়া মহিলাসকলে কিছু নীতি-নিয়ম মানি চলি দাৰুল উলুমৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে। শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱা নিয়ম অনুসৰি দাৰুল উলুমত প্ৰৱেশ কৰিবলৈ মহিলাসকলে হিজাব পিন্ধিব লাগিব আৰু তেওঁলোকৰ সৈতে পৰিয়ালৰ কোনো সদস্য থাকিব লাগিব।
 
চলিত বৰ্ষৰ আৰম্ভণিতে ইছলামিক শিক্ষা প্ৰতিষ্ঠানখনৰ চৌহদৰ ভিতৰত সোমাই ৰীল বনাই থকাৰ অভিযোগত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিয়ে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। তেওঁলোকে চৌহদৰ ভিতৰত ভিডিঅ’গ্ৰাফী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল আৰু দৰ্শকে প্ৰৱেশ কৰাৰ পূৰ্বে গেটত নিজৰ ফোন জমা দিয়াৰ নিয়ম জাৰি কৰিছিল।
 
শনিবাৰে দাৰুল উলুমৰ সংবাদ মাধ্যমৰ দায়িত্বত থকা আশ্ৰাফ উছমানীয়ে কয় যে কেইবালানিও আলোচনাৰ অন্তত পৰিচালনা সমিতিয়ে সমগ্ৰ বিশ্বৰ পৰা অহা মহিলাসকলৰ প্ৰৱেশৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে। উছমানীয়ে কয় যে দাৰুল উলুম পৰিচালনা সমিতিয়ে কেম্পাছত প্ৰৱেশৰ বাবে পুৰুষ আৰু মহিলা উভয়ৰে বাবে প্ৰযোজ্য হ’ব পৰা ভিজিটৰ পাছ প্ৰদান কৰিবলৈ এজন বিষয়া নিযুক্তি দিছে।
 
দাৰুল উলুমৰ সন্ধিয়াৰ পৰিৱেশ
 
ভিজিটৰ পাছৰ বাবে সংশ্লিষ্ট বিষয়াক আধাৰ কাৰ্ড বা ভোটাৰ আইডি বা পেন কাৰ্ড দেখুৱাব লাগিব। দৰ্শনাৰ্থীৰ নাম, মোবাইল নম্বৰ, ঠিকনা, প্ৰৱেশ বিচৰা পুৰুষ-মহিলাৰ সংখ্যাও লিপিবদ্ধ কৰা হ’ব।
 
মহিলাসকলে হিজাব পৰিধান কৰিব লাগিব আৰু সূৰ্যাস্তলৈকে প্ৰতিষ্ঠানটোত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ’ব। মাদ্ৰাছা ভ্ৰমণ কৰা প্ৰতিজন ব্যক্তিৰ মোবাইল ফোন মূল গেটত জমা কৰা হ’ব, যিটো যোৱাৰ সময়ত তেওঁলোকক ঘূৰাই দিয়া হ’ব বুলি উছমানীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভিজিটৰ পাছ (visitor pass)ৰ বৈধতা দুঘণ্টা হ’ব আৰু সূৰ্যাস্তৰ পিছত ই স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ যাব।
 
উল্লেখ্য যে, দাৰুল উলুম পৰিচালনা সমিতিয়ে চলিত বৰ্ষৰ ১৭ মে’ত প্ৰতিষ্ঠানখনৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। হিজাব পৰিধান নকৰা একাংশ যুৱতীয়ে প্ৰতিষ্ঠানটোৰ শিক্ষা প্ৰতিষ্ঠানখনৰ ফটো আৰু ভিডিঅ’ তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দাৰুল উলুমত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল।
 
সেই সময়ত কোৱা হৈছিল যে মহিলাসকলে দাৰুল উলুম পৰিভ্ৰমণৰ ৰিল ছ’চিয়েল মিডিয়াত আপলোড কৰি চেমিনাৰীখনলৈ বদনাম কঢ়িয়াই আনিছে। এই ঘটনাই ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাতো প্ৰভাৱ পেলাইছিল বুলি পৰিচালনা সমিতিয়ে উল্লেখ কৰিছিল।
 
এই নিষেধাজ্ঞাই চেমিনাৰী আৰু ৰছিদিয়া মছজিদৰ আভাস পাবলৈ দেওবন্দলৈ যোৱা শতাধিক মহিলাক হতাশ কৰি তুলিছিল। মহিলা দৰ্শনাৰ্থীৰ আগমন হ্ৰাস পোৱাৰ ফলত চেমিনাৰীৰ আশে-পাশে থকা দোকানীসকলৰ ব্যৱসায়তো বিৰূপ প্ৰভাৱ পৰিছিল। তেনে পৰিস্থিতিত দাৰুল উলুমত মহিলাৰ প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা কিছুমান নীতি-নিয়ম মানি চলাৰ চৰ্তত উঠাই লোৱাৰ সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে।