মুম্বাইত BEST বাছে মহটিয়াই নিলে পথচাৰীক; নিহত ৪, আহত ৯

Story by  atv | Posted by  [email protected] • 1 h ago
মুম্বাইত BEST বাছে মহটিয়াই নিলে পথচাৰীক; নিহত ৪, আহত ৯
মুম্বাইত BEST বাছে মহটিয়াই নিলে পথচাৰীক; নিহত ৪, আহত ৯
 
মুম্বাই

সোমবাৰে মুম্বাইত এখন BEST বাছে মহটিয়াই নিয়াৰ ফলত ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে আন ৯ জন লোক আহত হয়। নিশা প্ৰায় ১০ বজাত মুম্বাইৰ ভাণ্ডুপত সংঘটিত হয় এই ঘটনা।
 
মুম্বাইৰ চিভিক পৰিচালিত পৰিবহণ সংস্থা বৃহনমুম্বাই ইলেক্ট্ৰিক ছাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্ট (BEST)ৰ এখন বাছে পথচাৰীক মহটিয়াই নিয়ে বুলি এগৰাকী আৰক্ষী বিষয়াই ঘটনাটোৰ বিষয়ে সদৰী কৰে।
 
এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি বিষয়াগৰাকীয়ে জনায়। উল্লেখ্য যে বৃহনমুম্বাই ইলেক্ট্ৰিক ছাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্টৰ অধীনত চলি থকা বাছ সেৱাই চহৰখনৰ লগতে ইয়াৰ চুবুৰীয়া চহৰ অঞ্চলসমূহো সামৰি লৈছে।
 
বিষয়াগৰাকীয়ে কয়, "মুম্বাইৰ ভাণ্ডুপ এলেকাত গাড়ীখন উভতি অহাৰ সময়তে BEST বাছে মহটিয়াই নিয়াৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯জন আহত হয়।"
 
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, BEST বাছখন নিয়ন্ত্ৰণহীণ হৈ পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা লোকক মহটিয়াই নিয়াৰ ফলতে এই ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে উল্লেখ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি বাছখন ৰৈ যোৱাৰ পূৰ্বে ১০ৰ পৰা ১২জন পথচাৰীক মহতিয়াই নিছিল।
দুৰ্ঘটনাৰ সময়ত BEST ৰ ষ্টাফ চালক সন্তোষ ৰমেশ সাৱন্ত (৫২)-এ বাছখন চলাই আছিল। আনহাতে, ভগৱান ভাউ ঘৰ(৪৭) কণ্ডাক্টৰ হিচাপে কৰ্তব্যৰত আছিল।
 
জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আহত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 
 
ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাছখনে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পূৰ্বে তীব্ৰ গতিত গৈ থাকোঁতেই পথৰ পৰা আঁতৰি যোৱাত কাষেৰে খোজকাঢ়ি যোৱা পথচাৰীসকলক মহটিয়াই নিয়ে। ইতিমধ্যে আৰক্ষীয়ে যান্ত্ৰিক বিজুতি নে অন্যান্য কাৰকৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে।
 
ইপিনে, এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে। Xত দিয়া এটা পোষ্টত তেওঁ এই ঘটনাক “অত্যন্ত দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰি নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।