আছাদ আলী / মঙলদৈ
মঙলদৈৰ বঙলাগড় (ব্লক চৌকা)ত প্ৰস্তাৱিত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা ১৪ ছেপ্টেম্বৰত মঙলদৈলৈ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে অনুষ্ঠিত হ'বলগীয়া এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাক মূহুৰ্তত উক্ত জনসভাৰ প্ৰস্ততি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি আবেলি হঠাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈত উপস্থিত হৈ সমগ্ৰ আয়োজনৰ তদাৰক কৰে। উল্লেখযোগ্য যে ১৪ ছেপ্টেম্বৰৰ দিনাখনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ অৰ্থে তিনিটাকৈ বিশেষ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মঙলদৈত স্থাপন হ'বলগীয়া প্ৰস্তাৱিত দৰং মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা-নাৰেঙ্গী সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰো আধাৰশিলা স্থাপন কৰিব।
ইয়াৰে মঙলদৈৰ সভাখনত একৰ পৰা ডেৰলাখ লোকৰ সমাগম হ'ব বুলি অনুমান কৰা হৈছে। উক্ত সভাখনৰ প্ৰাক মূহুৰ্তত আজি মঙলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই হ'বলগীয়া সভাখনৰ প্ৰতিটো দিশৰ তন্ন তন্নকৈ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতা আদিয়ে।