বন্যপ্ৰাণী অপৰাধৰ সঠিক তদন্তৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ মাজত সমন্বয়ৰ প্ৰয়জন: আৰণ্যকৰ কৰ্মশালা

Story by  atv | Posted by   Imtiaz Ahmed • 5 Months ago
কৰ্মশালাখনৰ এক দৃশ্য
কৰ্মশালাখনৰ এক দৃশ্য
গুৱাহাটী

মৰিগাঁও জিলাৰ ন্যায়িক সেৱা, বন বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়াসকলৰ বাবে অনুষ্ঠিত কৰা “বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতি আৰু ইয়াৰ ভিন্ন মাত্ৰা” শীৰ্ষক এখন কৰ্মশালাই বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভিন্ন সংস্থাসমূহৰ মাজত স্থায়ী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।  

মৰিগাঁৱৰ জিলা আইনী সেৱা প্ৰাধিকৰণ আৰু আৰক্ষীৰ সহযোগত দেওবাৰে মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আৰণ্যকে আয়োজন কৰা কৰ্মশালাখনত জিলা আৰু সত্ৰ ন্যায়াধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ সমন্বিতে জিলা আইনী সেৱা প্ৰাধিকৰণৰ ন্যায়িক বিষয়াসকল, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মৰিগাঁৱৰ থানাসমূহৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়া, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়াকে ধৰি জিলাখনৰ তিনিজন বন ৰেঞ্জ বিষয়াৰ লগতে সাতজন ফৰেষ্টাৰ আৰু বনৰক্ষীয়ে অংশগ্ৰহণ কৰে। 

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালাখনত মৰিগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশ নয়ন শংকৰ বৰুৱাই তেওঁৰ বক্তব্যত বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ বিধানৰ অধীনত বন্যপ্ৰাণী অপৰাধৰ তদন্ত চলাওঁতে তদন্তকাৰী বিষয়াসকলে পালন কৰিবলগীয়া পদ্ধতিৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ আদালতত বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় প্ৰতিবেদন, অভিযোগনামা আদি ফলপ্ৰসূভাৱে দাখিল কৰাৰ ক্ষেত্ৰত মানিব লগীয়া আৰু জব্দৰ তালিকা প্ৰস্তুত কৰোঁতে গুৰুত্ব দিবলগীয়া বিষয়বোৰৰ ব্যাখ্যা কৰে । 

আই ইউ চি এনৰ “এছিয়ান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপ অৱ স্পেচি ছাৰভাইভেল কমিছন” ৰ অধ্যক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ উপদেষ্টা হিচাপেও কৰ্মৰত আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰে গোলকীয় আৰু স্থানীয় দৃষ্টিভংগীৰে বন্যপ্ৰাণী সংৰক্ষণৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ত আলোকপাত কৰি সমগ্ৰ বিশ্বতে সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰাৰ উদ্দেশ্যে ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো সংস্থাৰ মাজত স্থায়ী সহযোগিতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।