ঘূৰ্ণীবতাহ দিটৱাঃ শ্ৰীলংকাৰ পৰা ২০০ৰো অধিক ভাৰতীয়ক স্থানান্তৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ঘূৰ্ণীবতাহ দিটৱাঃ শ্ৰীলংকাৰ পৰা ২০০ৰো অধিক ভাৰতীয়ক স্থানান্তৰ
ঘূৰ্ণীবতাহ দিটৱাঃ শ্ৰীলংকাৰ পৰা ২০০ৰো অধিক ভাৰতীয়ক স্থানান্তৰ
 
তিৰুৱনন্তপুৰম

ঘূৰ্ণীবতাহ 'দিটৱা’ৰ বাবে শ্ৰীলংকাত আবদ্ধ হৈ থকা ২০০ৰো অধিক ভাৰতীয় নাগৰিকক দেওবাৰে ভাৰতীয় বায়ু সেনা(IAF)ই তিৰুৱনন্তপুৰমলৈ স্থানান্তৰ কৰিছে। বায়ুসেনাৰ এগৰাকী মুখপাত্ৰই এই বিষয়ে সদৰী কৰে।
 
কলম্বোৰ পৰা IAFৰ এখন বিমান নিশা প্ৰায় ৭.৩০ বজাত অৱতৰণ কৰিছে আৰু নিশা ১১ বজাৰ ভিতৰত ১৩৫ জন লোক কঢ়িয়াই অনা আন এখন C-130J বিমান অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।
 
পূৰ্বে উদ্ধাৰ সামগ্ৰী যোগান আৰু অপাৰেচন সাগৰ বন্ধুৰ অধীনত NDRFৰ দল প্ৰেৰণৰ বাবে নিয়োজিত IL-76 আৰু C-130J বিমান এই   উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হয়।
 
IAFৰ হেলিকপ্টাৰেও শ্ৰীলংকাত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান অব্যাহত ৰাখিছে। দিয়াথালাৱা আৰু কলম্বোৰ পৰা ভূমিস্খলনত আক্ৰান্ত ৫৭জন শ্ৰীলংকা সেনা জোৱানক বিমানেৰে কোটমালেলৈ লৈ যোৱা হৈছে।
 
এক হাইব্ৰিড অভিযানত গাৰুড কমাণ্ডোসকলে আৱদ্ধ সাধাৰণ নাগৰিকক লেণ্ডিং জ’নলৈ লৈ যোৱাৰ ফলত হেলিকপ্টাৰেৰে ভাৰতীয়, বিদেশী আৰু শ্ৰীলংকাৰ নাগৰিককে ধৰি ৫৫ জন লোকক স্থানান্তৰ কৰাটো সম্ভৱ হৈ পৰে। দুখন হেলিকপ্টাৰে এতিয়ালৈকে ১২টাৰো অধিক অভিযান সম্পূৰ্ণ কৰিছে।