গুৱাহাটী
ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী নন্দিতা গাৰ্লোছাই কয় যে আলোচনা আৰু সকলো জনগোষ্ঠীৰ সহযোগিতাৰ জৰিয়তে আন্তঃসম্প্ৰদায়ৰ সম্পৰ্ক সুদৃঢ় কৰা আৰু জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক সদ্ভাৱ মজবুত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ।
অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ আৰু বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান (VKIC)ৰ যৌথ উদ্যোগত আয়োজিত “বৈচিত্ৰ্য, অন্তৰ্ভুক্তি, পাৰস্পৰিক সন্মান” শীৰ্ষক এখন ৰাজহুৱা আলোচনাৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাই চৰকাৰক সকলোকে সামৰি লোৱা এখন সমাজৰ সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে আন্তঃসম্প্ৰদায় সদভাৱ শক্তিশালী কৰাৰ বাবে ৰুপৰেখা প্ৰস্তুত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।
উত্তৰ পূৱৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক (www.aaranyak.org) এই আলোচনাৰ জ্ঞান অংশীদাৰ হিচাপে আছে ।
উদ্বোধনী অধিৱেশনত ভাষণ দি আন্তঃৰাষ্ট্ৰীয়ভাবে প্ৰশংসিত সংৰক্ষণ বিজ্ঞানী, আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে কয়, “সংস্কৃতি, সমাজ আৰু সম্প্ৰদায়ৰ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰকৃতিৰ সৈতে সম্পৰ্ক আছে । গৱেষণাভিত্তিক আৰু সম্প্ৰদায়মুখী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৩৪ বছৰীয়া দীঘলীয়া যাত্ৰাত বিভিন্ন দিশত কাম কৰিছে আৰু এই আলোচনা অনুষ্ঠানটোৰ শিৰোনামটোও আৰাণ্যকৰ কামৰ সৈতে সম্পৰ্কিত । আমি আমাৰ সামৰ্থ্য অনুসাৰে এই পদক্ষেপক সহায় কৰিবলৈ আগ্ৰহী।”
ড০ তালুকদাৰে কয়, “প্ৰকৃতিক সম্পদৰ সংৰক্ষণৰ সৈতে পৰম্পৰাগত সংস্কৃতিৰ ওত:প্ৰোত সম্পৰ্ক থকাৰ পৰিপ্ৰেক্ষিত্বত পৰম্পৰাগত সংস্কৃতৰ সংৰক্ষণ অবিহনে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ সম্পূৰ্ণ নহয়” ।
“আৰণ্যকে পৰম্পৰাগত সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদ/জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ মাজৰ ওত:প্ৰোত সম্পৰ্কৰ অধ্যয়ন আৰু নথিবদ্ধকৰণৰ ক্ষেত্ৰত যিমান পাৰে সিমান সহযোগিতা আগবঢ়াবলৈ সাজু কাৰণ ই সকলো সময়তে কাজিৰঙা আৰু মানাহৰ দৰে প্ৰাকৃতিক ভূখণ্ডৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে আলোচনা আৰু সমন্বয়ৰে কাম কৰি আহিছে”, আৰণ্যকৰ পৰামৰ্শদাতা তথা বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠানৰ উপদেষ্টা ড০ জয়ন্ত কুমাৰ শৰ্মাই এইদৰে কয়।
‘সংস্কৃতি আৰু প্ৰকৃতি’ শীৰ্ষক আলোচনাচক্ৰ পৰিচালনা কৰি ড০ শৰ্মাই কয় যে কাজিৰঙা-কাৰ্বি আংলং আৰু ডিমা হাছাওত খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে সমন্বয়, আলোচনা আৰু সহযোগিতাৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ বাবে কাম কৰি থকা সংস্থা হিচাপে আৰণ্যকে বৈজ্ঞানিক অধ্যয়ন আৰু প্ৰকৃতি-সংস্কৃতিৰ সম্পৰ্কৰ নথিবদ্ধকৰণৰ জৰিয়তে সংস্কৃতি আৰু প্ৰকৃতিৰ মাজত সম্পৰ্কক শক্তিশালী কৰাৰ পদক্ষেপলৈ সহায় আগবঢ়াবলৈ প্ৰস্তুত ।