পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ISRO

Story by  atv | Posted by  [email protected] • 16 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
চেন্নাই
 
১২ জানুৱাৰীত ISRO-এ PSLV C62 মিছনৰ জৰিয়তে ২০২৬ বৰ্ষৰ উৎক্ষেপণ কেলেণ্ডাৰ আৰম্ভ কৰিব। এই মিছনত EOS-N1 পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু আন ১৪ টা পেলোড(payload) মহাকাশত স্থাপন কৰা হ'ব।
 
ইছৰ'ৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেড(NSIL)ৰ তত্ত্বাৱধানত এই মিছনত থকা আন ১৪টা সহযাত্ৰী উপগ্ৰহ দেশীয় আৰু বিদেশী গ্ৰাহকৰ।
 
শনিবাৰে ইছৰ’ই কয়, "যান আৰু উপগ্ৰহসমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ হৈছে আৰু প্ৰাৰম্ভিক পৰীক্ষণ চলি আছে। PSLV-C62 মিছনটো ১২ জানুৱাৰীত দিনৰ ১০.১৭ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব।
 
এই মিছনৰ বাবে ২৫ ঘণ্টীয়া কাউণ্টডাউন ১১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা। এয়া হ’ব PSLVৰ ৬৪ সংখ্যক উৰণ। ইছৰ'ই জনোৱাৰ মতে, পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটো থাইলেণ্ড আৰু ব্ৰিটেইনে যুটীয়াভাৱে নিৰ্মাণ কৰিছে। ১২ জানুৱাৰীৰ পুৱা ১০.১৭ বজাত উৎক্ষেপণৰ পৰা সমগ্ৰ মিছনটো সম্পন্ন হওঁতে দুঘণ্টাৰো অধিক সময় লাগিব বুলি আশা কৰা হৈছে।
 
থাইলেণ্ড আৰু ব্ৰিটেইনৰ দ্বাৰা নিৰ্মিত 'পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ' নামৰ প্ৰাথমিক উপগ্ৰহটো আন ১৩ টা সহযাত্ৰী উপগ্ৰহৰ সৈতে উৎক্ষেপণ কৰা হ’ব। উৎক্ষেপণৰ প্ৰায় ১৭ মিনিট পিছত সেইসমূহক নিৰ্ধাৰিত সূৰ্য-সমকালীন কক্ষপথত স্থাপন কৰা হ'ব।
 
অৱশ্যে, ৰকেটৰ চতুৰ্থ পৰ্যায়(PS4) আৰু স্পেনিছ ষ্টাৰ্টআপৰ কেষ্টেল প্ৰাৰম্ভিক প্ৰযুক্তি প্ৰদৰ্শনকাৰী (KID) কেপচুলৰ প্ৰদৰ্শন- উৎক্ষেপণৰ ২ ঘণ্টাৰো অধিক সময় পিছত হোৱাৰ সম্ভাৱনা আছে।
 
ইছৰ'ই কয় যে বিজ্ঞানীসকলে ৰকেটৰ চতুৰ্থ পৰ্যায়টো পুনৰ আৰম্ভ কৰিব আৰু কিড কেপচুলটো পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ বাবে প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে বিজ্ঞানীসকলে চতুৰ্থ পৰ্যায়টো পুনৰ আৰম্ভ কৰিব আৰু পুনৰ প্ৰৱেশৰ পথত প্ৰৱেশ কৰিব আৰু ইয়াৰ পিছত KID কেপচুল পৃথকীকৰণ হ'ব।
 
ইছৰ'ই জনোৱা মতে, PS4 ষ্টেজ আৰু KID কেপচুল (যিটো অন্তিম সহযাত্ৰী হ'ব) দুয়োটাই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব। PSLV-এ এতিয়ালৈকে ৬৩টা উৰণ সম্পূৰ্ণ কৰিছে, য'ত মহত্বপূৰ্ণ চন্দ্ৰযান-১, মাৰ্ছ অৰ্বিটাৰ মিছন (MOM) আৰু Aditya-L1 মিছন অন্তৰ্ভুক্ত আছে।