ৰাষ্ট্ৰীয় স্মাৰ্ট চিটি বঁটাৰ সন্মান লাভ ক'হিমা আৰু নামচিৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
সোমবাৰে ঘোষিত ২০২২ চনৰ ৰাষ্ট্ৰীয় স্মাৰ্ট চিটি বঁটাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই প্ৰধান চহৰ ক'হিমা আৰু ছিকিমে। ছিকিমৰ দ্বিতীয় বৃহৎ চহৰ নামচিয়ে উত্তৰ-পূব মণ্ডলৰ শ্ৰেষ্ঠ স্মার্ট চিটিৰ বঁটা লাভ কৰি গৌৰৱৰ অংশীদাৰ হৈছে। 
 
দেশৰ ১০০ খন স্মার্ট চিটিৰ মাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্মার্ট চিটি প্রতিযোগিতাত মধ্যপ্ৰদেশৰ প্ৰধান চহৰ ইন্দোৰে শ্ৰেষ্ঠ স্মাৰ্ট চিটিৰ বঁটা লাভ কৰাই নহয়, মধ্যপ্রদেশে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰে। সপ্তমবাৰৰ বাবে ইন্দোৰ মহানগৰীয়ে দেশৰ সৰ্বশ্ৰেষ্ঠ স্মার্ট চিটিৰ বঁটা লাভ কৰি অন্য এক অভিলেখ ৰচনা কৰে। 
 
ইন্দোৰৰ পিচতে স্থান লাভ কৰে চুৰাট আৰু আগ্ৰা মহানগৰীয়ে। উল্লেখ্য যে স্মার্ট চিটি তিনি শীর্ষ স্থান লাভ কৰা তিনিখন মহানগৰীয়েই কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিশাসিত ৰাজ্যৰ প্ৰধান মহানগৰী। শ্ৰেষ্ঠ ৰাজ্য হিচাপে দ্বিতীয় স্থান লাভ কৰিছে তামিলনাডুৱে, তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে ৰাজস্থান আৰু উত্তৰ প্ৰদেশে। 
 
অহা ২৭ ছেপ্টেম্বৰত ইন্দোৰত অনুষ্ঠিত এক সভাত বঁটা বিজয়ী ৰাজ্য- চহৰসমূহক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মূৱে। উল্লেখ্য যে, শ্ৰেষ্ঠ ৰাজ্যৰ বঁটা লাভ কৰা মধ্যপ্ৰদেশৰ ৭ খন স্মার্ট চিটিত এতিয়ালৈকে ১৫,৬৯৬ কোটি টকা ব্যয়েৰে ৭৭৯টা প্ৰকল্প ৰূপায়ণ কৰা হৈছে।
 
পাৰিপাৰ্শ্বিক শিতানত কোইম্বাটুৰ, ইন্দোৰ, কলকাতাৰ নিউ টাউন, কানপুৰে, সংস্কৃতি শিতানত আহমেদাবাদ, ভূপাল, তাণ্ডাভুৰি, অৰ্থনীতিত জবলপুৰ, ইন্দোৰ, লক্ষ্ণৌৱে, প্ৰশাসনৰ শিতানত চণ্ডীগড়, পিমপ্রি চিনচাৱাড, জব্বলপুৰ, যাতায়াতত কলকাতাৰ নিউ টাউনে।
অনাময়ত ইন্দোৰ, কাকিন্দা, আহমেদাবাদ, চণ্ডীগড়ে, সামাজিক ক্ষেত্ৰত ভডোডৰা, আগ্রা, ৰায়পুৰ, টুথুকুন্দিয়ে শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰে। জল যোগানত ইন্দোৰ, আগ্ৰা আৰু ৰাজকোটে শ্রেষ্ঠ বঁটা লাভ কৰে। কেন্দ্ৰীয় শাসিত এলেকাৰ শ্রেষ্ঠ বঁটা লাভ কৰে চণ্ডীগড়ে।