শ্বিলং
মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত বৃহস্পতিবাৰে “অবৈধ” কয়লা খনিত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত কমেও ১৮ জন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান আই নংৰাঙে জনায়।
উদ্ধাৰকাৰী দলে অভিযানত লিপ্ত হোৱা বুলি উল্লেখ কৰি ৰাতিপুৱা থাংস্কু অঞ্চলত এই কাণ্ড সংঘটিত হোৱা বুলিও কয় নংৰাঙে।
"আমি এতিয়ালৈকে ১৮টা মৃতদেহ উদ্ধাৰ কৰিছো। বিস্ফোৰণৰ সময়ত খনিটোৰ ভিতৰত উপস্থিত থকা শ্ৰমিকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা নাই। অধিক লোক আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে।"
পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জানিবলৈ দিয়া মতে, বিস্ফোৰণত আহত এজন ব্যক্তিক প্ৰথমে সুটঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উক্ত স্থানত কয়লা খনন কাৰ্যকলাপৰ সময়ত সংঘটিত হোৱা এই বিস্ফোৰণৰ সন্দেহ।
খনিটো অবৈধভাৱে চলি আছে নেকি বুলি সোধাত কুমাৰে কয়, "হয়, তেনেকুৱাই যেন লাগে।"
তেওঁ কয় যে বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, আৰু তদন্ত কৰা হ’ব।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) পৰিৱেশৰ ক্ষতি আৰু সুৰক্ষাৰ বিপদৰ কথা উল্লেখ কৰি ২০১৪ চনত মেঘালয়ত ৰেট হ'ল (rat hole) কয়লা খনন আৰু অন্যান্য অবৈজ্ঞানিক খনন পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে এনে পদ্ধতিৰে উলিওৱা কয়লাৰ অবৈধ পৰিবহণতো বাধা আৰোপ কৰিছিল।
ৰেট হ'ল খননত শ্ৰমিকসকলে প্ৰৱেশ কৰি কয়লা উলিয়াবলৈ সাধাৰণতে ৩-৪ ফুট উচ্চতাৰ সৰু সুৰংগ খান্দিবলগীয়া হয়। অনুভূমিক সুৰংগবোৰক প্ৰায়ে “নিগনিৰ গাঁত” বুলি কোৱা হয়, কিয়নো ই এজন ব্যক্তিৰ বাবেহে উপযুক্ত।
পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞাক সমৰ্থন কৰি পৰিৱেশ সুৰক্ষাৰ সৈতে বৈজ্ঞানিক আৰু নিয়ন্ত্ৰিত পদ্ধতিৰেহে খননৰ অনুমতি দিছিল।
প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰি মৃত লোকসকলৰ পৰিয়ালৰ বাবে ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে মোদীৰ উদ্ধৃতিৰে এক্সত এক পোষ্টত কয় যে, "মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত দুৰ্ঘটনাটোৰ বাবে যন্ত্ৰণাত ভুগিছো। আপোনজনক হেৰুৱাই পেলোৱাসকললৈ সমবেদনা। আহতসকল সোনকালে আৰোগ্য লাভ কৰক।"
মোদীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ সাহায্য প্ৰতিজন মৃতকৰ নিকটতম আত্মীয়ক প্ৰদান কৰা হ’ব, আনহাতে আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।