কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত এজন লোকে নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
কৰ্ণাটক উচ্চ ন্যায়ালয়
কৰ্ণাটক উচ্চ ন্যায়ালয়
বেংগালুৰু

ক’ৰ্ট হলত মুখ্য ন্যায়াধীশ নিলয় বিপিন চন্দ্ৰ অঞ্জৰা উপস্থিত থকাৰ সময়তে এজন লোকে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ভিতৰতে ডিঙি কাটি আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।

সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি মাইচুৰুৰ বাসিন্দা শ্ৰীনিবাসে উচ্চ ন্যায়ালয়ত প্ৰৱেশ কৰি ক’ৰ্ট হল ৱানৰ নিৰাপত্তাৰক্ষীৰ হাতত ফাইল এটা গতাই দিয়ে। লগে লগে পকেটৰ পৰা ছুৰী এখন উলিয়াই মুখ্য ন্যায়াধীশৰ উপস্থিতিত নিজৰ ডিঙি কাটি পেলালে। লগে লগে সতৰ্ক নিৰাপত্তাৰক্ষীয়ে তেওঁক ব’ৰিং হাস্পতাললৈ লৈ যায়।

এজন আৰক্ষী বিষয়াই কয়, "মূখ্য ন্যায়াধীশৰ সন্মুখত তেওঁ কিয় ইমান চৰম পদক্ষেপ লৈছিল আমি নাজানো। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে, আৰু তেওঁ শাৰীৰিকভাৱে সুস্থ হ’লেহে তেওঁৰ বক্তব্য ল’ব পাৰিম।”

মুখ্য ন্যায়াধীশ নিলয় বিপিন চন্দ্ৰ অঞ্জাৰাই উচ্চ ন্যায়ালয়ৰ চৌহদৰ ভিতৰত থকা নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে চোকা অস্ত্ৰ আদালতত প্ৰৱেশ কৰিবলৈ দিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁ আৰক্ষীক সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰি তথ্য লিপিবদ্ধ কৰিবলৈও নিৰ্দেশ দিয়ে।

কিন্তু ডিঙি কাটি লোৱাৰ পূৰ্বে তেওঁ নিৰাপত্তাৰক্ষীক দিয়া ফাইলৰ বিষয়বস্তুৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। অধিবক্তাই ফাইলটো উপস্থাপন নকৰাৰ বাবে আদালতে ফাইলৰ বিষয়বস্তু পৰীক্ষা কৰিব নোৱাৰে।

চিকিৎসা ভাৱে সুস্থিৰ হোৱাৰ পিছত শ্ৰীনিবাসে কিয় আত্মহত্যাৰ চেষ্টা চলাইছিল সেই কথা জানিবলৈ আৰক্ষীয়ে অপেক্ষা কৰি আছে।