এনএছএ অজিত ডোভালৰ আন এক কূটনৈতিক বিচক্ষণতা; কাটাৰে মুকলি কৰি দিলে ভাৰতৰ ৮ প্ৰাক্তন নৌসেনা জোৱানক

Story by  atv | Posted by  [email protected] • 5 Months ago
ভাৰতৰ কূটনৈতিক বিজয়ৰ ত্ৰিমূৰ্তিঃ এছ জয়শংকৰ, অজিত ডোভাল, প্ৰধানমন্ত্ৰী মোদী
ভাৰতৰ কূটনৈতিক বিজয়ৰ ত্ৰিমূৰ্তিঃ এছ জয়শংকৰ, অজিত ডোভাল, প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

কাটাৰৰ ৰজা (Emir of Qatar)ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সু-সম্পৰ্ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সুদক্ষ কূটনৈতিক নীতিৰ ফলত ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন জোৱানে কাটাৰৰ বন্দীত্বৰ পৰা মুক্তি লাভ কৰিছে। ভাৰতৰ বাবে এয়া বৃহত্‍ কূটনৈতিক বিজয় হিচাপে পৰিগণিত হৈছে। 
 
উল্লেখ্য যে, দেশৰ কূটনৈতিক দিশটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চম্ভালি থকাৰ বিপৰীতে প্ৰাক্তন নৌসেনাৰ জোৱানসকলক কাটাৰৰ পৰা মুকলি কৰি দিয়াৰ ভিতৰুৱা আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ মতে এন এছ এ ডোভালে চলাইছিল। কাটাৰৰ নেতৃত্বক ভাৰতৰ দৃষ্টিভংগী বুজাবলৈ এনএছএ ডোভালে কেইবাবাৰো ডোহা ভ্ৰমণ কৰিছিল। 
 
অজিত ডোভাল হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চম আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ)। তেওঁ কেৰালা কেডাৰৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ বিষয়া আৰু ভাৰতীয় চোৰাংচোৱা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰাক্তন বিষয়া। ১৯৪৫ চনত উত্তৰাখণ্ডত জন্মগ্ৰহণ কৰা ডোভাল ভাৰতৰ আটাইতকৈ কম বয়সীয়া আৰক্ষী বিষয়া, যিয়ে সামৰিক বাহিনীৰ বাবে দিয়া বীৰত্বৰ বঁটা কীৰ্তি চক্ৰেৰে সন্মানিত হৈছে।
২০১৬ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদী অভিযান আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ ওপৰত ভাৰতৰ   ছাৰ্জিকেল ষ্ট্ৰাইকৰো তত্বাৱধানত আছিল এনএছএ অজিত ডোভাল। তেওঁ ডোকলামত চীন-ভাৰতৰ সংঘাত শেষ কৰাত সহায় কৰিছিল আৰু উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ সৈতে মোকাবিলা কৰাৰ সময়তো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল।
 
কাটাৰৰ পৰা ৮ জন ভাৰতীয় নৌসেনা জোৱানক সুকলমে উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা গ্ৰহণ কৰি ডোভালে আকৌ এবাৰ নিজৰ  কূটনৈতিক বিচক্ষণতা প্ৰমাণ কৰিলে।   
 
উল্লেখ্য যে, কাটাৰৰ এখন আদালতে অক্টোবৰ মাহত এই প্ৰবীণ সৈনিকসকলক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কাটাৰৰ এই সিদ্ধান্তই ভাৰত চৰকাৰক আচৰিত কৰি তুলিছিল। কাটাৰ চৰকাৰে নৌসেনাৰ প্ৰাক্তন বিষয়াসকলে সন্মুখীন হোৱা অভিযোগৰ বিষয়ে প্ৰকাশ কৰা নাছিল যদিও বাতৰি অনুসৰি তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন হৈছে। ডিচেম্বৰ মাহত আদালতে তেওঁলোকৰ শাস্তি হ্ৰাস কৰিছিল যদিও সেই সময়ত কোনো সবিশেষ তথ্য পোৱা নাছিল।
 
ইয়াৰ মাজতে ডুবাইত অনুষ্ঠিত COP28 সন্মিলনৰ সময়ত কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু কাটাৰত বসবাস কৰা “ভাৰতীয় সমূদায়ৰ কল্যাণ” সম্পৰ্কে আলোচনা কৰে।
যোৱা বছৰৰ ১ ডিচেম্বৰত ডুবাইত প্ৰধানমন্ত্ৰী মোদী আৰু কাটাৰৰ আমিৰৰ মাজত হোৱা বৈঠকতে ভাৰতীয় নৌসেনাৰ ৮ জন প্ৰবীণ সৈনিকৰ মুক্তিৰ বাট মুকলি হৈছিল বুলি ধাৰণা কৰা হৈছে। কূটনৈতিক মহলে কৈছে যে কাটাৰৰ সৈতে হোৱা বিষয়টোত মোদীৰ হস্তক্ষেপ অবিহনে সম্ভৱ নহ’লহেঁতেন।
 
অৱশ্যে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰবীণ সৈনিকৰ বিষয়টো কাটাৰৰ আমিৰৰ সৈতে আলোচনা কৰা বুলি এতিয়ালৈকে কোনো এখন দেশেই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।