দেশত মৃত্যুদণ্ডাজ্ঞা লাভ কৰা কয়দীৰ সংখ্যা বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ভাৰতত মৃত্যুদণ্ডাজ্ঞা লাভ কৰা কয়দীৰ সংখ্যা যোৱা ২০ বছৰত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। যোৱা ২০ বছৰত দেশত ৫৬১ জন কয়দীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছে। ২০১৫ চনৰ পিচত কয়দীক মৃত্যুদণ্ড দিয়াৰ এই পৰিসংখ্যা ৪৫.৭১ শতাংশলৈ বৃদ্ধি পোৱা বুলি সদৰী কৰা হৈছে। 
 
ৰাষ্ট্রীয় ন্যায় বিশ্ববিদ্যালয়ৰ এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি নিম্ন আদালতে বিগত বৰ্ষত ১২০ জন কয়দীৰ বিৰুদ্ধে ফাঁচীৰ হুকুম জাৰি কৰিছে। 
 
২০২১ চনৰ পিচত উচ্চতম ন্যায়ালয়েও কোনো ব্যক্তিৰ মৃত্যুদণ্ড প্রত্যাহাৰ কৰাৰ নজিৰ নাই। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বিভাগৰ তথ্য অনুসৰি চলিত শতিকাৰ আৰম্ভণিৰ পিচৰে পৰা দ্বিতীয়বাৰলৈ মৃত্যু দণ্ডাজ্ঞাপ্রাপ্ত কয়দীৰ সংখ্যা বৃদ্ধি পাইছে।