উত্তৰকাশীৰ উদ্ধাৰ অভিযানে ঐক্যবদ্ধ ভাৰত আৰু মানৱতাৰ জয়ক প্ৰতিফলিত কৰিছে

Story by  atv | Posted by  [email protected] • 7 Months ago
শ্ৰমিকসকলক উদ্ধাৰ পিছত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে উদ্ধাৰকাৰী দলৰ একাংশ
শ্ৰমিকসকলক উদ্ধাৰ পিছত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে উদ্ধাৰকাৰী দলৰ একাংশ
 
আৱাজ দ্য ভইচ ব্যুৰ'

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ হিমালয়ান ছিলকিয়াৰা সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক অলৌকিকভাৱে উদ্ধাৰ কৰা ঘটনাই ঐক্যবদ্ধ ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। ১৭ দিন ধৰি গভীৰ সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক জীৱন্তে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ চৰকাৰৰ ৩৩টা বিভাগৰ বিষয়া আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ প্ৰচেষ্টাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।
 
৪১ জন আৱদ্ধ শ্ৰমিকক সফল আৰু নিৰাপদভাৱে উদ্ধাৰৰ পিছত সমগ্ৰ দেশবাসীয়ে স্বস্তিৰ নিশ্বাস এৰাৰ সময়তে এই অভিযানৰ সৈতে জড়িত স্কোয়াড্ৰন ইনফ্ৰা মাইনিং প্ৰাইভেট লিমিটেডৰ চিইঅ’ চাইৰিয়াচ জোচেফে কয় যে এইটো কেৱল এটা কঠিন অভিযানে নাছিল, বৰঞ্চ ই আছিল 'মানৱতাৰ হকে এক যুদ্ধ'। এই অভিযানৰ অংশ হৈ আমি আনন্দিত। 
 
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) সদস্য জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে কয়, “এইটো এটা কঠিন আৰু অতি প্ৰত্যাহ্বানজনক কাম আছিল, য’ত জড়িত আছিল ২২টা বিভাগ, মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষ। তেওঁলোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এই জটিল অভিযানক সফলতাৰ দিশে আগুৱাই লৈ যায়। অৱশ্যে চৰকাৰৰ শীৰ্ষ মহলৰ পৰা লাভ কৰা স্পষ্ট নিৰ্দেশনাৰ বাবেই এই সকলোবোৰ সম্ভৱ হৈছে।”
 
মাহমুদ আহমেদ আৰু জেনেৰেল চৈয়দ আতা হাছনাইন
 
উল্লেখ্য যে, চৈয়দ আতা হাছনাইনে বিগত এটা পষেকত সুৰংগত ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলাই থকা অভিযানৰ সকলো তথ্য দেশবাসীক দি আছিল। সকলো সময়তে তেওঁ দেশবাসীক আশাৰ বতৰা দি আছিল আৰু শ্ৰমিকসকলক সুকলমে উদ্ধাৰ কৰা হ'ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰিছিল। 
 
ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেল হাছনাইনক কাশ্মীৰৰ বিদ্ৰোহ প্ৰশমিত কৰা অভিযানৰ বাবে বিশেষভাৱে জনা যায়। পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি জনসাধাৰণ আৰু ভাৰতীয় সেনাৰ মাজত ইতিবাচক সম্পৰ্ক গঢ়ি তোলাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
হাছনাইন কাশ্মীৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ আৰু এজন সুপৰিচিত স্তম্ভলেখক, ৰাজনৈতিক সমালোচক, আৰু কৌশলগত বিশেষজ্ঞ। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়ৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিংক টেংকৰ সৈতে জড়িত।
 
শ্ৰমিকসকলক সুৰংগৰ পৰা উলিয়াই অনাৰ প্ৰস্তুতি
 
আন এজন উচ্চ পৰ্যায়ৰ বিষয়া হৈছে নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ (এনএইচআইডিচি) পৰিচালন সঞ্চালক মাহমুদ আহমেদ। তেওঁৰ প্ৰচেষ্টাৰ ফলতে উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযানত নেভিগেট কৰাৰ সময়ত ট্ৰাইল এণ্ড এৰ’ৰ পদ্ধতি ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠিছিল। তেওঁ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু এন এইচ আই ডি চিৰ মুৰব্বীৰ অতিৰিক্ত দায়িত্বত আছে।
 
মাহমুদ আহমেদ ১৯৯৩ চনৰ বেটচৰ ভাৰতীয় একাউণ্ট আৰু ফাইনেন্স চাৰ্ভিচৰ এগৰাকী দক্ষ বিষয়া। তেওঁ সুৰংগত চলি থকা অভিযানৰ আটাইকেইটা দিন ছিলকাইৰা মন্দিৰৰ ওচৰত কেম্পিং কৰি আছিল। তেওঁ দিনে-নিশাই পৰিস্থিতি নিৰীক্ষণ কৰি আছিল আৰু উদ্ধাৰৰ সকলো পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ তেওঁৰ তত্বাৱধানত চলি আছিল।
 
যেতিয়া Rat Minersৰ কৰ্মীসকলে পাহাৰত অন্তিম পৰ্যায়ৰ অভিযানত নামিছিল, তেতিয়া সেই দলটোৰ নেতৃত্ব দিছিল ৱাকিল হাছানে। তেওঁ ছয়জন খনন বিশেষজ্ঞৰ এটা দলৰ নেতৃত্ব দিছিল যিয়ে ২৮ নৱেম্বৰত একেৰাহে আঠ ঘণ্টা সময় ১২ মিটাৰ অনুভূমিকভাৱে খান্দি সন্ধিয়া প্ৰায় ৭.০৫ বজাৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ ওচৰলৈ যোৱাৰ অবিশ্বাস্য কাম সম্ভৱ কৰি তুলিছিল। 
 
দলৰ সদস্য মুনা কুৰেশ্বীয়ে প্ৰথমে গাঁতটোৰে সুৰংগটোত প্ৰৱেশ কৰে। উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ মেঘালয়ৰ মানুহে মাটিৰ তলৰ পৰা কম পৰিমাণৰ কয়লা উলিয়াবলৈ প্ৰায়ে নিগনিৰ দৰে গাঁত খন্দা কৌশল (Rat hole mining technique ) ব্যৱহাৰ কৰে। ই যথেষ্ট বিপদজনক কাৰণ এই প্ৰক্ৰিয়াত বহু লোকৰ মৃত্যু হৈছে, যাৰ ফলত উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত নিষেধাজ্ঞাও জাৰি কৰিছে।
 
সুৰংগ খনন কৰা কেইজনমান কৰ্মী
 
অৱশ্যে মেঘালয় চৰকাৰে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
 
ইফালে, ফিৰোজ ওৰফে মুনা কুৰেছিয়ে গৌৰৱেৰে কয়, “এয়া আমাৰ বাবে এক অসম্ভৱ যেন লগা মিছন আছিল। তেওঁলোকৰ মুখবোৰ বগা ধূলিৰে ঢাকি থোৱা আছিল। তেওঁলোকক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত। যেতিয়া মই শেষৰ শিলটো আঁতৰাই দিলোঁ, তেতিয়া মই সিহঁতক দেখা পালোঁ। মই সিপাৰলৈ গ'লোঁ। সিহঁতে আমাক সাৱটি ধৰি আমাক ওপৰলৈ তুলিলে। আৰু সিহঁতক উলিয়াই অনাৰ বাবে ধন্যবাদ দিলে। আমি ২৪ ঘণ্টা ধৰি অবিৰতভাৱে কাম কৰিছিলোঁ। মই মোৰ সুখ প্ৰকাশ কৰিব নোৱাৰো। মই আমাৰ দেশৰ গৌৰৱৰ বাবে এই কষ্ট কৰিছো।"
 
ছয়জন উদ্ধাৰকাৰীৰ ভিতৰত অন্যতম নাছিৰ হুছেইনে কয়, "আমি যেতিয়া শেষৰ ধ্বংসাৱশেষবোৰ আঁতৰাই সুৰংগটোৰ ভিতৰলৈ চালোঁ তেতিয়া সকলোৰে মুখকেইখন আনন্দ আৰু আৱেগেৰে ভৰি পৰিছিল। সুৰংগটোত সোমাই আমি সিহঁতক পৰিয়ালৰ লোকৰ দৰে সাৱটি ধৰিলোঁ। তেওঁলোকে আমাক ধন্যবাদ আৰু প্ৰশংসাৰে উপচাই পেলায়।"