জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰে উন্মোচন কৰিলে 'জুবিন গাৰ্গ ...ইত্যাদি' শীৰ্ষক গ্ৰন্থ

Story by  atv | Posted by  Munni Begum • 3 h ago
 'জুবিন গাৰ্গ ...ইত্যাদি' শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনৰ এক মূহুৰ্ত
'জুবিন গাৰ্গ ...ইত্যাদি' শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনৰ এক মূহুৰ্ত
 
গুৱাহাটী  
 
দেওবাৰে কাহিলীপাৰাস্থিত বাসগৃহত জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)দেৱে 'জুবিন গাৰ্গ ...ইত্যাদি' গ্ৰন্থখনিৰ পৰিবৰ্ধিত সংকলন উন্মোচন কৰিছে। 
 
উল্লেখ্য যে, ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল 'জুবিন গাৰ্গ...ইত্যাদি' সংকলখনি। দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয়। 
 
গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা। পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী অগ্ৰজ আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন। 
 
২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে। গ্ৰন্থখন অসমৰ সকলো গ্ৰন্থ বিপনী, গ্ৰন্থমেলাৰ লগতে অনলাইনতো  উপলব্ধ হ'ব বুলি প্ৰকাশকে জানিবলৈ দিয়ে।  
 
পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংকলনটিৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল দাস (বি আৰ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী),সংগীতশিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শ‌ইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিবাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংস্কৃতিক সাংবাদিক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি বহুকেইজন গণমান্য ব্যক্তি।