মিলেটেৰে কেক প্ৰস্তুত কৰা এগৰাকী ব্যতিক্ৰমী মহিলা

Story by  Munni Begum | Posted by  [email protected] • 2 Months ago
পাকিজা শইকীয়া
পাকিজা শইকীয়া
 
মুন্নী বেগম/গুৱাহাটী
 
কোৱা হয় যে, মানুহৰ হৃদয় জয় কৰাৰ এটা অন্যতম উপায় হৈছে সুস্বাদু খাদ্য পৰিৱেশন কৰা। তাৰে এক উদাহৰন দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ গনেশগুৰিৰ বাসিন্দা পাকিজা শইকীয়াই। 
 
সুস্বাদু খাদ্য প্ৰস্তুত কৰি তেওঁ বিভিন্নজনৰ হৃদয় জয় কৰাৰ লগতে নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাপে গঢ়ি তুলিছে। ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত 'মহিলা উদ্যোগীৰ বেকাৰী আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী ২০২৪' ত এখন বিপণীৰ জৰিয়তে শেহতীয়াকৈ তেওঁ নিজ হাতেৰে প্ৰস্তুত কৰা খাদ্য বিভিন্নজনৰ মাজলৈ লৈ যোৱাৰ এক সুযোগ লাভ কৰিছে।  

'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিজা শইকীয়াই কয় যে, ময়দাৰে প্ৰস্তুত কৰা সাধাৰণ কেক বিস্কুটৰ উপৰিও তেওঁ  মিলেট (বাজৰা)ৰ পৰাও কেক, বিস্কুট আদি প্ৰস্তুত কৰি গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰিছে। কিয়নো মিলেটছত প্ৰচুৰ পৰিমানে প্ৰটিন, আঁহ, মূল ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। ই হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰা, ডায়েবেটিছৰ আৰম্ভণি ৰোধ কৰা, মানুহক সুস্থ ওজন লাভ আৰু বজাই ৰখাত সহায় কৰাৰ উপৰিও আন্ত্ৰিক অংশত প্ৰদাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যাৰ ফলত সাধাৰণ ময়দাৰে প্ৰস্তুত কৰা কেক তথা বিস্কুটৰ তুলনাত মিলেটৰদ্বাৰা প্ৰস্তুত কেক তথা বিস্কুটৰ চাহিদা বৰ্তমান খুবেই বেছি। সৰহ সংখ্যক গ্ৰাহকে মোৰ ওচৰলৈ মিলেটৰ কেক আৰু বিস্কুট বিচাৰি আহে।"  
 
পাকিজাই কয়, "মই ময়দাৰে কাপ কেক, ফ্ৰুটছ কেক, মাফিন, চিকেন কাপ কেক, আইচিং কেক, গাৰ্লিক ব্ৰেড, পিজ্জা, পণীৰ ব্ৰেড, বাটাৰ বিস্কুট, নানকাটা তথা অন্য বিভিন্ন প্ৰকাৰৰ বিস্কুট, লাড়ু-পিঠা আদি প্ৰস্তুত কৰাৰ উপৰিও মিলেটেৰে কেক, বিস্কুট আৰু লাড়ু প্ৰস্তুত কৰি আহিছো।"   
 
চিকেন কাপকেক
 
পাকিজাই বেকাৰী সামগ্ৰীৰ লগতে ঋতু অনুযায়ী ফল তথা পাচলিৰ পৰা আচাৰ, স্কোৱাছ আদিও প্ৰস্তুত কৰি আহিছে। গ্ৰীষ্মকালীন চাহিদা অনুযায়ী আম, আনাৰস, বেল আদিৰ স্কোৱাছ প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছে পাকিজাই। তেওঁ এবাৰত ২০ লিটাৰকৈ স্কোৱাছ প্ৰস্তুত কৰে। 
 
আনহাতে, তেওঁ বিহু, ঈদ তথা অন্য অনুষ্ঠান-পাৰ্বনৰ বাবে গ্ৰাহকৰ অৰ্ডাৰ অনুযায়ী পিঠা-পনা-লাড়ু আদিও তৈয়াৰ কৰে। গুণাগুণ আৰু পৰিচ্ছন্নতাৰ ওপৰত লক্ষ্য ৰাখি পাকিজাই প্ৰস্তুত কৰা সামগ্ৰী গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা বিদেশলৈও ৰপ্তানি হৈ আহিছে। পাকিজাই প্ৰস্তুত কৰা আছাৰ থলুৱা কেইবাটাও কোম্পানীয়ে সৰহ পৰিমাণে ক্ৰয় কৰে বুলি মহিলা ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়ে। 
 
মিলেটৰে প্ৰস্তুত কৰা কেক আৰু বিস্কুট
 
পাকিজাই কয়, "বৰ্তমান বেকাৰীৰ বজাৰখন খুবেই প্ৰতিযোগিতামূলক হৈ পৰিছে। কিয়নো, বজাৰত ৰিপোজ, ল'য়েন্স আদিকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ কেক গ্ৰাহকৰ বাবে উপলব্ধ। তেনেক্ষেত্ৰত মোৰ সামগ্ৰীৰ বাবে এখন সুকীয়া বজাৰ আছে। মোৰ সামগ্ৰীৰ গ্ৰাহকসকলক ধৰি ৰখাৰ বাবে মই যথেষ্ট সচেতনতা অৱলম্বন কৰোঁ। মই মোৰ কেক তথা অন্য সামগ্ৰীৰ গুণাগুণ আৰু পৰিচ্ছন্নতাৰ ওপৰত বহুত গুৰুত্ব দিওঁ। মোৰ ৬ গৰাকী কৰ্মচাৰী আছে যদিও মই নিজেই কেক তথা বিস্কুট প্ৰস্তুত কৰো। এটা কথা মোৰ খুব ভাল লাগে যে ৰিপোজ, ল'য়েন্স আদি ব্ৰেণ্ডৰ কেক ক্ৰয় কৰা বহু গ্ৰাহকে বৰ্তমান মোৰ ওচৰত কেক বিচাৰি আহে। মোৰ কেকসমূহৰ মূল্য ৬০ ৰ পৰা ১১০০ টকা পৰ্যন্ত, মিলেটৰ কেক ৪০ টকাৰ পৰা আৰম্ভ হয়। বিস্কুটৰ পেকেট ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত হয়।"    
 
বেকাৰীৰ সামগ্ৰী প্ৰস্তুত কৰি নিজে সফল ব্যৱসায়ী হোৱাৰ উপৰিও বহুতকে স্বাৱলম্বী হোৱাৰ বাট মোকলাই দিছে পাকিজাই। তেওঁ বহু যুৱক-যুৱতীক বেকাৰীৰ সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ দি আহিছে। এই সন্দৰ্ভত উদ্যমী মহিলাগৰাকীয়ে কয়, "মই আইআইইৰ অধীনত বহু যুৱক-যুৱতীক বেকাৰী, আচাৰ বনোৱা আদিৰ প্ৰশিক্ষণ দি আহিছো। মই কেইবাগৰাকীও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱতীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছো, বৰ্তমান তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে।"     
 
বাৰ্থদে কেক আৰু গাৰ্লীক ব্ৰেড
 
পাকিজাই কয়, "কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ মই ১৫ বছৰৰ পৰাই বেকাৰী কামৰ সৈতে জাড়িত হৈ আহিছো। সৰুৰে পৰা মই ৰন্ধা-বঢ়াৰ প্ৰতি আগ্ৰহী আছিলো। যেতিয়া মোৰ মায়ে ৰান্ধনীশালত ৰান্ধিবলৈ গৈছিল তেতিয়া মই তেওঁক সহায় কৰি দিছিলো। ইয়াৰ কাৰণ এটাই আছিল যে, মই বনোৱা মেলা কাম কৰি খুবেই ভাল পাইছিলো। মাক চাই চাই মই এবিধ দুবিধকৈ সামগ্ৰী বনাবলৈ শিকিছিলো আৰু সেইবোৰ ঘৰৰ মানুহক খাবলৈ দিছিলো। ইয়াৰ বাবে মই তেওঁলোকৰ পৰা প্ৰশংসাও লাভ কৰিছিলো। ইয়াৰ পিছত মই ১৯৯৯ ত গোলাঘাটত এখন প্ৰদৰ্শনীত প্ৰথম বেকাৰীৰ বিপনী দিছিলো। তাতো গ্ৰাহকৰ যথেষ্ট ইতিবাচক সহাৰি লাভ কৰিছিলো। এনেকৈয়ে পিছলৈ মই বেকেৰীৰ কামৰ সৈতে জড়িত হৈ পৰিলো।"  
 
দুগৰাকী সন্তানৰ মাতৃ বহুমূখী প্ৰতিভাৰ গৰাকী পাকিজাই কেৱল বেকাৰীৰ সামগ্ৰী, আচাৰ বা স্কোৱাছ প্ৰস্তুত কৰাই নহয়, তেওঁ ক্ৰাফ্‌টৰ কামতো জড়িত হৈ আহিছে। তেওঁ পেলনীয়া সামগ্ৰীৰে মেজ, ডেকোৰেটি আইনা, অন্যান্য গৃহ সজ্জাৰ সামগ্ৰী আদিও প্ৰস্তুত কৰে।