ৱাশ্বিংটন ডি চি (আমেৰিক)
নাছা(NASA)ৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে ২৭ বছৰৰ গৌৰৱোজ্জ্বল সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে। মঙলবাৰে নাছাই ঘোষণা কৰা অনুসৰি, যোৱা বৰদিনৰ ঠিক পাছতেই অৰ্থাৎ ২৭ ডিচেম্বৰ, ২০২৫ তাৰিখৰ পৰা তেওঁৰ এই অৱসৰ কাৰ্যকৰী হৈছে।
সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) তিনিটা অভিযানত অংশগ্ৰহণ কৰি কেইবাটাও অভিলেখ গঢ়িছে। তেওঁ মহাকাশত মুঠ ৬০৮ দিন অতিবাহিত কৰিছে, যিটো যিকোনো নাছাৰ মহাকাশচাৰীৰ বাবে দ্বিতীয় দীৰ্ঘতম সময়। তেওঁৰ অন্তিমটো ১০ দিনীয়া মহাকাশ অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) দীঘলীয়া হৈ চাৰে ন মাহলৈ বৃদ্ধি পাইছিল।
নাছাৰ প্ৰশাসক জাৰেড আইজাকমেনে উইলিয়ামছৰ সাফল্যৰ প্ৰশংসা কৰি কয়, "সুনী উইলিয়ামছ মানৱ মহাকাশ যাত্ৰাৰ এগৰাকী পথপ্ৰদৰ্শক। তেওঁ মহাকাশ কেন্দ্ৰত নিজৰ নেতৃত্বৰে গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন দিশ দেখুৱাইছে আৰু বাণিজ্যিক অভিযানৰ বাবে পথ প্ৰশস্ত কৰিছে। তেওঁৰ কৰ্মৰাজিয়ে চন্দ্ৰৰ 'আৰ্টেমিছ' (Artemis) অভিযান আৰু মঙল গ্ৰহৰ যাত্ৰাৰ ভেটি স্থাপন কৰিব। তেওঁৰ অনন্য সাফল্যই অনাগত প্ৰজন্মক ডাঙৰ সপোন দেখিবলৈ আৰু অসম্ভৱক সম্ভৱ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"
উইলিয়ামছে মহাকাশত ৬০৮ দিন অতিবাহিত কৰি আমেৰিকাৰ দীৰ্ঘতম একক মহাকাশ উৰণৰ তালিকাত ষষ্ঠ স্থান দখল কৰে। তেওঁ বুটছ উইলমৰৰ সৈতে ২৮৬ দিনীয়া উৰণ সম্পূৰ্ণ কৰিছিল। তেওঁ মুঠ ৯ বাৰ মহাকাশ খোজ (spacewalks) দিছে, য’ত মুঠ ৬২ ঘণ্টা ৬ মিনিট সময় অতিবাহিত কৰি এগৰাকী মহিলা মহাকাশচাৰী হিচাপে সৰ্বাধিক মহাকাশ খোজৰ অভিলেখ গঢ়িছে। ইয়াৰ উপৰি তেওঁ মহাকাশত প্ৰথমবাৰৰ বাবে মাৰাথান দৌৰা ব্যক্তি হিচাপেও পৰিগণিত হয়।
হিউষ্টনৰ নাছা জনছন স্পেচ চেণ্টাৰৰ সঞ্চালক ভানেছা ভিঞ্চেই কয়, "সুনীৰ কেৰিয়াৰ অতি অনুপ্ৰেৰণাদায়ক আৰু অগ্ৰণী আছিল। মহাকাশ কেন্দ্ৰলৈ তেওঁৰ অৱদানৰ পৰা আৰম্ভ কৰি বোয়িং ষ্টাৰলাইনাৰ (Boeing Starliner) অভিযানত তেওঁৰ অভিনৱ প্ৰচেষ্টালৈকে, তেওঁৰ নিষ্ঠা অনাগত প্ৰজন্মৰ মহাকাশচাৰীসকলৰ বাবে আদৰ্শ হৈ থাকিব।"
উইলিয়ামছে ২০০৬ চনৰ ডিচেম্বৰ মাহত স্পেচ শ্বাটল ডিস্কভাৰীৰ জৰিয়তে তেওঁৰ প্ৰথম অভিযান STS-116 আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ STS-117 ক্ৰুৰ সৈতে পৃথিৱীলৈ উভতি আহে। তেওঁ 'Expeditions 14/15' ত ফ্লাইট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল আৰু এই অভিযানত ৪ বাৰ মহাকাশ খোজ সম্পূৰ্ণ কৰিছিল।
২০১২ চনত উইলিয়ামছে কাজাখস্তানৰ বাইকনৰ কচমড্ৰমৰ পৰা ১২৭ দিনীয়া অভিযানৰ বাবে ৰাওনা হৈছিল, য’ত তেওঁ 'Expedition 32/33' ৰ অংশ হৈছিল আৰু 'Expedition 33' ত মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰ হিচাপেও দায়িত্ব পালন কৰিছিল। এই সময়ছোৱাত তেওঁ মহাকাশ কেন্দ্ৰৰ ৰেডিয়েটৰ মেৰামতি আৰু সৌৰ পেনেলৰ যন্ত্ৰাংশ সলনি কৰিবলৈ ৩ বাৰকৈ মহাকাশ খোজ দিছিল।
শেহতীয়াকৈ, ২০২৪ চনৰ জুন মাহত উইলিয়ামছ আৰু উইলমৰে বোয়িং ষ্টাৰলাইনাৰ ক্ৰু ফ্লাইট টেষ্ট অভিযানত অংশ লৈ 'Expedition 71/72' ত অন্তৰ্ভুক্ত হৈছিল। 'Expedition 72' ত উইলিয়ামছে পুনৰ কমাণ্ড গ্ৰহণ কৰে আৰু এই সময়ছোৱাত আৰু দুবাৰ মহাকাশ খোজ সম্পূৰ্ণ কৰে। তেওঁ ২০২৫ চনৰ মাৰ্চ মাহত 'SpaceX Crew-9' অভিযানৰ অধীনত পৃথিৱীলৈ উভতি আহে।
নাছাৰ মহাকাশচাৰী কাৰ্যালয়ৰ মুৰব্বী স্কট টিংগলে কয়, "সুনীতা অত্যন্ত বুদ্ধিমান, বন্ধুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক। তেওঁ মোক আৰু আন বহু মহাকাশচাৰীক অনুপ্ৰাণিত কৰিছে। আমি তেওঁক বহুত মিছ কৰিম আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ।"
উইলিয়ামছে নাছাত নিজৰ কেৰিয়াৰৰ সময়ত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০০২ চনত তেওঁ 'NEEMO' অভিযানত ৯ দিন সাগৰৰ তলত থকা আৰু কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছিল। প্ৰথম অভিযানৰ পিছত তেওঁ নাছাৰ এষ্ট্ৰনট অফিচৰ উপ-সভানেত্ৰী হয়। ইয়াৰ পিছত তেওঁ ৰাছিয়াৰ ষ্টাৰ চিটীত পৰিচালনা সঞ্চালক হিচাপে কাম কৰে আৰু শেহতীয়াকৈ ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ বাবে এটা হেলিকপ্টাৰ প্ৰশিক্ষণ প্লেটফৰ্ম স্থাপন কৰে।
শিক্ষা আৰু অৰ্হতাঃ
▪️পদাৰ্থ বিজ্ঞানত স্নাতক – ইউনাইটেড ষ্টেটচ নেভেল একাডেমী
▪️ইঞ্জিনিয়াৰিং মেনেজমেণ্টত স্নাতকোত্তৰ – ফ্ল’ৰিডা ইনষ্টিটিউট অৱ টেকন’লজী
▪️অৱসৰপ্ৰাপ্ত আমেৰিকাৰ নৌসেনাৰ কেপ্তেইন (Captain)
▪️হেলিকপ্টাৰ আৰু ফিক্সড্-উইং বিমানত ৪,০০০+ ঘণ্টা উৰণৰ অভিজ্ঞতা
অৱসৰ গ্ৰহণ কৰি উইলিয়ামছে কয়ঃ
"যিসকলে মোক জানে, তেওঁলোকে জানে যে মহাকাশেই মোৰ আটাইতকৈ প্ৰিয় ঠাই। তিনিবাৰকৈ মহাকাশ ভ্ৰমণ কৰা আৰু ২৭ বছৰ ধৰি এই আশ্চৰ্যকৰ সেৱা আগবঢ়োৱাটো মোৰ বাবে গৌৰৱৰ কথা। মই নাছা আৰু ইয়াৰ সহযোগী সংস্থাসমূহৰ আগন্তুক অভিযানসমূহক লৈ অতি উৎসাহিত।"