নাজিৰাৰ নাবিহাৰ ব্যতিক্ৰমী প্ৰতিভাৰ আঁৰত এক উদ্ভূত সংখ্যাৰ ৰহস্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ব্যতিক্ৰমী প্ৰতিভাৰ গৰাকী নাজিৰাৰ নাবিহা ৰহমান
ব্যতিক্ৰমী প্ৰতিভাৰ গৰাকী নাজিৰাৰ নাবিহা ৰহমান
স্মিতা ভট্টাচাৰ্য / যোৰহাট
 
১০ বছৰ ৯ মহীয়া নাবিহা ৰহমানে সকলো প্ৰতিযোগিতাতে উন্নত মানৰ প্ৰদৰ্শনেৰে নিজৰ প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। তেওঁৰ নাজিৰাৰ ঘৰৰ ড্ৰয়িং ৰূম(বৰঘৰ)ৰ প্ৰায় এখন দেৱাল সামৰি লোৱা এটা শ্ব’কেছত প্ৰদৰ্শিত ১০০ৰো অধিক ট্ৰফী, পদক আৰু প্ৰশংসা পত্ৰই তেওঁৰ প্ৰতিভাৰ উমান দিছে। মাত্ৰ চাৰিটা বছৰৰ ভিতৰতে নাবিহাই এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে। 
 
নাবিহাই গান গায়, নৃত্য কৰে, কোৰআনৰ আয়াত পাঠ কৰে,  শ্ৰেণীকোঠাত শীৰ্ষস্থান দখল কৰে আৰু কুংফুত জিলা চেম্পিয়ন হিচাপেও (চাব জুনিয়ৰ পৰ্যায়) বিৰল দক্ষতা প্ৰদৰ্শন কৰিছে। মনকৰিবলগীয়া যে, সংখ্যাবিশেষজ্ঞৰ মতে এই কিশোৰীগৰাকীৰ ব্যতিক্ৰমী প্ৰতিভাৰ আঁৰত এক সংখ্যাতত্ত্ব জড়িত হৈ আছে। শিৱসাগৰ জিলাৰ নাজিৰাস্থিত ইষ্ট পইণ্ট হস্পিতালৰ ১১১সংখ্যক কোঠাত নাবিহাই ১১.১১.২০১১ তাৰিখে জন্ম লাভ কৰিছিল। চিকিৎসালয়খনৰ চিকিৎসক দিলীপ গগৈয়ে কিশোৰীগৰাকীৰ পিতৃ চৈয়দ মইনুৰ ৰহমান আৰু মাতৃ নাফিয়া হকক কৈছিল যে নাবিহা আছিল সেইদিনা জিলাখনত জন্ম লাভ কৰা ১১ সংখ্যক কন্যা শিশু।
 
 
একেদৰে, তেওঁৰ জন্ম হৈছিল হিন্দু-মুছলমান উভয়ৰে বাবে পবিত্ৰ বুলি পৰিচিত এটা বিশেষ দিনত। সেইদিনা আছিল হিন্দু সকলৰ পবিত্ৰ দিন ৰাস পূৰ্ণিমা আৰু মছলমানসকলৰ শুভ দিন শুকুৰবাৰ। সেইদিনা ৰাষ্ট্ৰীয় শিক্ষা দিৱসো আছিল। তেওঁলোকৰ সন্তানটো যে অত্যন্ত মেধাৱী আছিল, সেই কথা অনুভৱ কৰি দেউতাকে তাইক শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰা চুফী গীত শিকিবলৈ জিকিৰ বিশেষজ্ঞ নাছিৰুদ্দিন আহমেদৰ ওচৰলৈ পঠিয়াইছিল। মাত্ৰ ৬ বছৰ বয়সত তেওঁ নাজিৰাত অনুষ্ঠিত এখন জিকিৰ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লৈছিল। প্ৰতিযোগিতাখনত নাবিহাৰ গ্ৰুপটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
প্ৰতিভাৱান কিশোৰীগৰাকীৰ যাত্ৰাৰ কথা উল্লেখ কৰি পিতৃ চৈয়দ ৰহমানে কয় যে পিছৰ বছৰৰ পৰা অৰ্থাৎ ২০১৮ চনৰ পৰা নাবিহাই প্ৰায় পাঁচৰ পৰা সাতগৰাকী ছোৱালীৰে গঠিত জিকিৰ গোটটোৰ নেতৃত্ব দি আহিছে। আৰু তেতিয়াৰে পৰা সকলো জিকিৰ প্ৰতিযোগিতাতে সিঁহতৰ দলটোৱে প্ৰথম অথবা দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
২০২১ চনৰ ৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত শংকৰদেৱ কলাক্ষেত্ৰত নিজৰ দলৰ সৈতে জিকিৰ পৰিৱেশন কৰিবলৈ নাবিহাই আমন্ত্ৰণ লাভ কৰিছিল। চৈয়দ আব্দুল মালিকৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত তিনিদিনীয়া জিকিৰ কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাতো নাবিহাৰ দলটোৱে অংশ লয়। সেই বছৰৰ আৰম্ভণিতে তেওঁ কটন বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানতো জিকিৰ পৰিৱেশন কৰিছিল।
 
নাবিহা ৰহমানে অংশগ্ৰহণ কৰা অসমীয়া চৈয়দ কল্যান ন্যাসৰ উদ্যোগত পদ্মভূষন চৈয়দ আব্দুল মালিক আৰু সমাজকৰ্মী প্ৰয়াত চৈয়দা আছিয়া খাতুনৰ সোঁৱৰণীত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত জিকিৰৰ কৰ্মশালাৰ এক দৃশ্য
 
জিকিৰৰ উপৰিও তেওঁ নোবিজি আৰু হজৰত মহম্মদৰ ওপৰত ভাষণ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছে। কোৰাণৰ আয়াত আবৃত্তি কৰাতো নাবিহাই দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ চৰাইদেউ গ্লোবেল নিউজ ৱৰ্ল্ডৰ দ্বাৰা আয়োজিত এখন অসমভিত্তিক অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। 
ৰহমানে লগতে কয়, “অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাত এয়া তাইৰ প্ৰথম প্ৰচেষ্টা আছিল আৰু সেই সময়ত মহামাৰীৰ লকডাউন চলি থকাৰ বাবে চুবুৰীটোৰ মহিলাই তেওঁক অনলাইনত আবৃত্তিৰ সুৰ শিকাইছিল।”  তেওঁ লগতে কয় যে নাবিহাই মুৰ্দা গোছল প্ৰতিযোগিতাতো পাৰদৰ্শিতা দেখুৱাইছিল, য’ত তেওঁলোকে সমাধিস্থ কৰাৰ পূৰ্বে মহিলাৰ মৃতদেহ পৰিষ্কাৰ কৰাৰ নিয়ম প্ৰদৰ্শন কৰিব লগা হৈছিল।
ৰহমানে কয়, "মুৰ্দা গোছলৰ ৰীতি-নীতিবোৰ যথেষ্ঠ জটিল। দেহৰ সঠিক স্থানত আতৰ আৰু কৰ্পুৰ প্ৰয়োগ কৰা, শৰীৰৰ কোনখন হাত প্ৰথমে ওপৰলৈ উঠাব লাগে, শৰীৰটো সঠিক ক্ৰমত পৰিষ্কাৰ কৰা, মুখমণ্ডল পানীৰে ধোৱাই দিয়া, পিঠি, হাত, ভৰি সহ গুহ্যদ্বাৰৰ পথ পৰিস্কাৰ কৰা, কপালত বিছমিল্লা লিখা কাৰ্য, এই সকলোবোৰ এটা গাৰুৰ ওপৰত প্ৰদৰ্শিত কৰা হয়।"
 
জিকিৰ, নৃত্যৰ লগতে কণমানি নাবিহা ৰহমানে কাৰাটেৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহী
 
ৰহমানে কয় যে মৃত্যু হোৱা মহিলাৰ বাবে কেৱল মহিলাই আৰু পুৰুষৰ বাবে কেৱল পুৰুষসকলেহে এই অনুষ্ঠান সম্পাদন কৰিব পাৰে। খ্যাতি বিয়পি পৰাৰ লগে লগে নাবিহাক এইবছৰৰ জুন মাহত অল ইণ্ডিয়া ৰেডিঅ’, ডিব্ৰুগড়েও এটা জিকিৰ ৰেকৰ্ডিং কৰাৰ লগতে ‘স্বাধীন’ নামৰ মঞ্জু ঘৰফলীয়াৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ৰহমানে কয় যে সমৰ কলাৰ প্ৰতি নাবিহাৰ আকৰ্ষণ তেতিয়াই বৃদ্ধি হৈছিল, যেতিয়া তেওঁলোকে নাজিৰাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত চোকিমুখত এই খেল চাবলৈ গৈছিল।
"তেওঁক আশিহাৰা কাৰাটে স্কুলৰ হেমন্ত ছাৰ আৰু কুটুবুদ্দিন আহমেদ ছাৰে সমৰ কলাৰ কৌশল শিকাইছিল। নাজিৰাত আত্মপ্ৰকাশৰ সময়ত তেওঁ ৰূপ আৰু জিলা খেলত সোণৰ পদক লাভ কৰিছিল। শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত উত্তৰ-পূব প্ৰতিযোগিতাত নাবিহাই তৃতীয় স্থান পাইছিল, ইয়াত তেওঁ কিছু আঘাতৰ সন্মুখীন হৈছিল আৰু কান্দি কান্দি ভাঙি পৰিছিল। প্ৰতিযোগিতাখনত আমি কোনো পুৰস্কাৰ আশা কৰা নাছিলো আৰু সভাস্থলী এৰি গৈছিলো। কিন্তু, প্ৰশিক্ষকে পিছত তাইৰ পদকটো আমাৰ ঘৰলৈ লৈ আহিছিল, "ৰহমানে কয়। আশিহাৰা কাৰাটে হৈছে এটা ষ্ট্ৰীট ফাইট ষ্টাইল, য’ত খেলুৱৈসকলে প্ৰকৃত প্ৰতিৰক্ষা কৌশলত প্ৰতিপক্ষক টেকেল কৰিবলগীয়া হয়।
নাবিহাই সকলো কামেই নিয়মানুৱৰ্তিতা ৰক্ষা কৰি সম্পন্ন কৰে। বাহিৰা কামবোৰে তাইৰ পঢ়াত কোনো ব্যাঘাত জন্মোৱা নাছিল আৰু প্ৰতিটো পৰীক্ষাতে ৯৬ৰ পৰা ৯৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। নাজিৰাৰ মাৰ্কাজ একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী নাবিহাই স্কুলৰ সকলো খেলতে অংশগ্ৰহণ কৰে আৰু পাৰদৰ্শিতা দেখুৱাই ট্ৰফী কঢ়িয়াই আনে। তাই নিজৰ বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। নাবিহাই কয় যে তেওঁ বিহু নাচি আৰু বিহুৰ সাজ-পোছাক পিন্ধি ভাল পায়। আনকি জিকিৰ গাই থাকোতেও তাই অসমীয়া গামোচাৰ পৰা বনোৱা পোচাক আৰু খোঁপা পিন্ধি ভাল পায়।
 
আকাশবাণী ডিব্ৰুগড়ত এক অনুষ্ঠানত নাবিহা ৰহমানে অংশগ্ৰহণ কৰাৰ এক দৃশ্য (বাওঁফালে) আৰু  হাতত জাতীয় পতাকা লৈ আছে নাবিহা ৰহমানে (সোঁফালে)
 
আন শিশু আৰু কিশোৰ-কিশোৰীৰ দৰে তাইকো কাৰ্টুন, ছিৰিয়েল, ভূতৰ চিনেমা আদিয়ে আকৰ্ষিত কৰে আৰু আন প্ৰতিটো ঘৰৰ দৰেই যেতিয়াই ক্ৰিকেট মেচ আৰম্ভ হয়, তেতিয়াই টিভিৰ ৰিম’টৰ বাবে পিতৃ-কন্যাৰ মাজত কাজিয়া আৰম্ভ হয়। উল্লেখ্য যে, নাবিহাৰ পিতৃ চৈয়দ মইনুৰ ৰহমান অসম ক্ৰিকেট সন্থাৰ এগৰাকী আম্পায়াৰ।
শেহতীয়াকৈ দেৰগাঁৱত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক আশিহাৰা ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত অপ্ৰত্যাশিতভাৱে নাবিহা পৰাজয়ৰ সন্মুখীন হয়। তেওঁৰ প্ৰতিদ্বন্দ্বী এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিল। সেয়ে, এই পৰাজয়ক লৈ প্ৰতিভাৱান কিশোৰীগৰাকী আচৰিত হোৱা নাই। বৰং তেওঁ নিজৰ খেলৰ ধৰণ উন্নত কৰাৰ লগতে পৰৱৰ্তী প্ৰতিযোগিতাসমূহত জয়ী হোৱাৰ প্ৰতিশ্ৰুতি দিছে।
মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালীয়ে সমৰ কলাৰ ক্ষেত্ৰত প্ৰৱেশ কৰাক সমাজে বিভিন্ন দৃষ্টিৰে চাই যদিও নাবিহাক ইচ্ছা অনুসৰি জীৱনৰ যিকোনো দিশত সাফল্যৰ শীৰ্ষস্থান দখল কৰিবলৈ সকলো ধৰণৰ সুবিধা, মানসিক সমৰ্থন আগবঢ়াবলৈ তেওঁৰ পিতৃ-মাতৃ সম্পূৰ্ণৰূপে সাজু।