আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে উদ্যোগী মহিলাক সম্বৰ্ধনা ৰ'টাৰী ক্লাব দিশপুৰৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে উদ্যোগী মহিলাক সম্বৰ্ধনা ৰ'টাৰী ক্লাব দিশপুৰৰ
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে উদ্যোগী মহিলাক সম্বৰ্ধনা ৰ'টাৰী ক্লাব দিশপুৰৰ
 
গুৱাহাটী

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ৩১গৰাকী উদ্যোগী মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে ৰ'টাৰী ক্লাব দিশপুৰে। কষ্ট আৰু অধ্যাৱসায়েৰে বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত স্বাৱলম্বী হৈ সমাজৰ বাবে আদৰ্শ স্বৰূপ হৈ উঠা উদ্যোগী মহিলা কেইগৰাকীক অনুপ্ৰাণিত কৰিবলৈ ৰ'টাৰী ক্লাব দিশপুৰে এই পদক্ষেপ গ্ৰহণ কৰে।
 
গুৱাহাটীৰ ডাউনটাউন হস্পিতালৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। বিগত ৫ বছৰ ধৰি ৰ'টাৰী ক্লাব দিশপুৰে (Rotary International District: 3240) আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহিলাসকলক এইদৰে উত্‍সাহিত কৰি আহিছে। 
 
সম্বৰ্ধনা গ্ৰহণ কৰা উদ্যোগী মহিলাসকল হ'লঃ ডাঃ মিণ্টী গগৈ (যোৰহাট), পল্লবী নেওগ বৰা (লখিমপুৰ), সুকন্যা গোস্বামী, অংগনা মজুমদাৰ, অঞ্জলী বৰা (ওদালগুৰি), আৰতি সূত (নগাঁও), অৰ্চনা শৰ্মা (কামৰূপ), ভাৰতী বৰকটকী (মৰিগাঁও), বিতুমণি দেৱী (নলবাৰী), বিভা দেৱী, চন্দনা শইকীয়া কলিতা (শিৱসাগৰ), দিপাঞ্জলী মহন্ত (মৰিগাঁও), গীতা বৰ্মণ (নলবাৰী), মামণি তালুকদাৰ (গুৱাহাটী), মামণি ৰয় গঞ্জু (গুৱাহাটী), মণিকা বৰগোঁহাই বৰুৱা, মেৰী শইকীয়া, মিতালী বৰুৱা, মৌমিতা মিশ্ৰ (গুৱাহাটী), মুছফিকা হুছেইন (গুৱাহাটী), নৱনীতা বৰঠাকুৰ (গুৱাহাটী), নমিতা চাহু (হোজাই), পাকিজা শইকীয়া (গুৱাহাটী), পল্লবী কোচ, পম্পী দাস (বৰপেটা), ৰশ্মি ৰেখা শইকীয়া (সোণাপুৰ), ৰুণু নাথ (গোৰেশ্বৰ), সবিতা শৰ্মা (বাইহাটা চাৰিআলি), ছৱনম ছুলতানা (কাছাৰ), ছেফালিকা শীল আৰু শিল্পী ৰেখা শৰ্মা। 
 
ইয়াৰে মুছফিকা হুছেইনৰ গুৱাহাটীৰ মাছখোৱাত ৰিবন এম্ব্ৰ'ইদাৰী, পাকিজা শইকায়ীৰ খাদ্য প্ৰস্তুত আৰু ছৱনম ছুলতানাৰ মছলা আৰু স্কিন কেয়াৰ সামগ্ৰীৰ ব্যৱসায় আছে। এই ৩১গৰাকী মহিলাৰ লগতে কামৰূপৰ ছয়গাঁওৰ গ্ৰামীণ ছাহাৰ আৰু নলবাৰীৰ গ্ৰাম্য বিকাশ মৰ্চা নামৰ সংগঠন দুটাকো ৰ'টাৰী ক্লাব দিশপুৰে সম্বৰ্ধনা জনায়। গ্ৰামীণ ছাহাৰাই প্ৰায় ৩০০০ মহিলাক মছলা ব্যৱসায়েৰে উপাৰ্জন পথ দেখুৱাইছে। একেদৰে গ্ৰাম্য বিকাশ মৰ্চাই প্ৰায় ১০০০ মহিলাক হস্ততাঁতৰ প্ৰশিক্ষণ আগবঢ়াইছে। 
 
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গৌৰৱ বঁটা বিজয়ী উদ্যোগী অনুপম ডেকা। অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ বিশেষ কাৰ্যবাহী বিষয়া প্ৰফুল্ল শইকীয়াৰ তত্ত্বাৱধানত সমগ্ৰ অনুষ্ঠানটো আয়োজন কৰা হয়। ৰ'টাৰী ক্লাব দিশপুৰৰ অন্যতম সদস্য তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া পল্লব ভট্টাচাৰ্য্যও অনুষ্ঠানত উপস্থিত থাকে।