তীব্ৰ গতিৰ ৰেলৰ সৈতে সংঘৰ্ষত অসমত হাতীৰ মৃত্যুক লৈ আৰণ্যকৰ উদ্বেগ প্রকাশ

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাজধানী একপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুওৱা এটা হাতী
ৰাজধানী একপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুওৱা এটা হাতী

গুৱাহাটী

অসমৰ যোৰহাট জিলাতদেওবাৰে নিশা দিল্লী অভিমুখী ৰাজধানী এক্সপ্রেছে হাতীৰ জাকক খুন্দা মৰাৰ ঘটনাই বন্যপ্ৰাণী সংৰক্ষণকাৰীআৰু স্থানীয় লোকসকলক যথেষ্ট ব্যথিত কৰিছে। হাতী সংৰক্ষণৰ বাবে নিৰন্তৰ কাম কৰি থকা উত্তৰ-পূবৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা ‘আৰণ্য’কে ঘটনাটোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

সংগঠনটোৱে এক বিবৃতিত কৈছে যেজানুৱাৰী, ২০২২ ৰ পৰা অসমত এমাহৰ ভিতৰত অকল ৰে'লৰ খুন্দাত আঠটা হাতী মৃত্যুমুখত পৰে। শেহতীয়া এক অধ্যয়ন অনুসৰি, ৰেলৰ খুন্দাত হাতীৰ মৃত্যু হোৱাৰ সৰ্বাধিক ঘটনা সংঘটিত হয় অসমৰ কামপুৰ-হোজাই-ডিফু আৰু মৰিয়নীত। প্রতিবেদনসমূহে সূচায় যে ১৯৯০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত, অসমত কেৱল ৰে'লৰ খুন্দাত মুঠ ১১৫ টা হাতীৰ মৃত্যু হয়।

লিনিয়াৰ আন্তঃগাঁথনি যেনে ৰেলপথ প্ৰায়ে বন্যপ্ৰাণীৰ বাসস্থানৰ মাজেৰে নিৰ্মিত। বাসস্থান বিভাজনৰ ফলত বন্যপ্ৰাণীৰ চলাচলত বাধাৰসৃষ্টি হয় আৰু সংঘৰ্ষৰ ফলত হতাহত হয়। হাতীৰ দৰে এক দীঘলীয়া প্ৰব্ৰজন কৰা প্ৰজাতিৰ বাবে বন্যপ্ৰাণী-ৰেলৰ সংঘৰ্ষৰ আশংকা প্ৰায়ে বৃদ্ধি হৈছে।

সেয়ে, আৰণ্যকে ভাৰতীয় ৰে'লক বিষয়টো চোৱা-চিতা কৰিবলৈ আৰু সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰেপদক্ষেপ ল'বলৈ তথা হাতী-ৰে'লৰ সংঘৰ্ষ হ্ৰাস কৰিবলৈ আহ্বান জনায়। আৰণ্যকে দাবী কৰে যে ৰেল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহ বিবেচনা কৰিব লাগে আৰু আমাৰ এই ঐতিহ্য সুৰক্ষাৰ বাবে দীর্ঘম্যাদী সমাধানৰ বাবে যথোচিত পদক্ষেপ গ্ৰহন কৰা উচিত|

আৰণ্যকে বিশ্বাস কৰে যে উন্নয়নমূলক প্রকল্প যেনে লিনিয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰোঁতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশবোৰ চাই আগবাঢ়ি যোৱা উচিত আৰু চৰকাৰী বিভাগসমূহে এই ক্ষেত্ৰত একেলগ হৈ কাম কৰিব লাগিব।

আৰণ্যকে হাতীৰ সুৰক্ষা, অঞ্চলটোৰ জৈৱ বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে আৰু ইয়াৰ দ্বাৰা মানুহৰ কল্যাণ নিশ্চিত কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে। উল্লেখ্য যে ভাৰতীয় ৰেলৰ প্ৰতীকচিহ্নই হৈছে হাতী, আৰু এই হাতীৰ সুৰক্ষাৰ দিশক ৰেল কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা উচিত।