বকেয়া বিদ্যুৎ বিল পৰিশোধ নকৰিলে আদানী গ্ৰুপে বাংলাদেশলৈ বন্ধ কৰিব বিদ্যুৎ যোগান

Story by  atv | Posted by  [email protected] • 1 Months ago
বকেয়া বিদ্যুৎ বিল পৰিশোধ নকৰিলে আদানী গ্ৰুপে বাংলাদেশলৈ বন্ধ কৰিব বিদ্যুৎ যোগান
বকেয়া বিদ্যুৎ বিল পৰিশোধ নকৰিলে আদানী গ্ৰুপে বাংলাদেশলৈ বন্ধ কৰিব বিদ্যুৎ যোগান
 
নতুন দিল্লী
 
অহা ১০ নৱেম্বৰৰ ভিতৰত বকেয়া বিদ্যুৎ বিল পৰিশোধ নকৰিলে ১১ নৱেম্বৰৰ পৰা বাংলাদেশলৈ বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিয়াৰ ভাবুকি প্রদান কৰিছে আদানি গ্রুপে।
 
আদনি গ্ৰুপৰ অধীনস্থ আদানি পাৱাৰৰ তৰফৰ পৰা বাংলাদেশৰ বিদ্যুৎ উন্নয়ন ব'ৰ্ড (পি ডি বি)ৰ অধ্যক্ষলৈ লিখা এক পত্ৰত আদানি পাৱাৰৰ উপাধ্যক্ষ অবিনাশ অনুৰাগে জনায়, বকেয়া আদায়ৰ বাবে দীর্ঘদিন ধৰি বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও পি ডি বিয়ে এতিয়াও ৪৯৬ নিযুত ডলাৰ পৰিশোধ কৰা নাই।
 
তাৰ ভিতৰত ২৬২ নিযুত ডলাৰক লৈ দেশখনৰ কোনো বিৰোধ নাই বুলি স্বীকাৰ কৰিছিল পি ডি বিয়ে। পি ডি বিৰ সূত্ৰৰ মতে আদানি পাৱাৰে দাবী কৰা বৃহৎসংখ্যক ধনক লৈ আপত্তি আছে, সেয়া নিষ্পত্তি নোহোৱাপর্যন্ত বকেয়া পৰিশোধ কৰা সম্ভৱ নহ'ব। পি ডি পিৰ অভিযোগ- আদানি পাৱাৰৰ প্ৰতি টন কয়লাৰ দাম অন্য যোগনিয়াৰতকৈ ১০ৰ পৰা ১২ ডলাৰ অধিক। বিগত বৰ্ষতো বকেয়া আদায় নহ'লে বিদ্যুৎ যোগান বন্ধ কৰি দিয়াৰ ভাবুকি দিছিল।